প্ৰদানমন্ত্ৰী মোদীয়ে দেশত বিমুদ্ৰাকৰণ ঘোষণা কৰা ছয়বছৰ পাৰ হৈ গ’ল। ২০১৬ চনৰ ৮ নৱেম্বৰৰ নিশা হঠাৎ এই সিদ্ধান্ত ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ চৰকাৰে দুৰ্নীতি নিৰ্মূল, ক’লা ধন ৰোধ, সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধৰ কৰিবলৈ তাৰ পুঁজিৰ উৎস বন্ধ, ডিজিটেল বেংকিং সেৱা বৃদ্ধি অৰ্থাৎ নগদ ধনৰ পৰিমাণ হ্ৰাস কৰা আদিৰ বাবে দেশত বিমুদ্ৰাকৰণ ঘোষণা কৰিছে।
যাৰ ফলত নিশাটোৰ ভিতৰতে দেশত প্ৰচলন হৈ থকা ৫০০ আৰু ১০০০ টকাৰ নোটসমূহ নিষিদ্ধ কৰা হৈছিল। ইফালে মোদী চৰকাৰে নতুন ৫০০ আৰু ২০০০ টকীয়া নোট ছপা কৰে। যাৰ ফলত দেশৰ সাধাৰণ জনতাই ত্ৰাহি-মধুসূদন দেখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।
ইফালে প্ৰধানমন্ত্ৰী মোদীৰ বিমুদ্ৰাকৰণ সফল নে বিফল হৈছে সেই বিষয়ে দেশৰ অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মাজত অধ্যয়ন চলি থকাৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া তথ্য অনুসৰি দেশৰ মানুহৰ হাতত বৰ্তমান অভিলেখ সংখ্যক নগদ ধন আছে।
বিমুদ্ৰাকৰণৰ চাৰিদিন আগতে অৰ্থাৎ ২০১৬ চনৰ ৪ নৱেম্বৰত ভাৰতৰ মানুহৰ হাতত ১৭.৭ লাখ কোটি নগদ ধন আছিল। আৰু চলিত বৰ্ষৰ ২১ অক্টোবৰত ইয়াৰ পৰিমাণ আছিল ৩০.৮৮ লাখ কোটি। ৬ বছৰত হাতত নগদ ধন ৭১.৮৪ শতাংশ বৃদ্ধি পাইছে। অৰ্থাৎ এই তথ্যই প্ৰধানমন্ত্ৰী মোদীৰ বিমুদ্ৰাকৰণক ব্যৰ্থ বুলিয়েই প্ৰতিপন্ন কৰিছে।
আনহাতে, মোডী চৰকাৰৰ বিমুদ্ৰাকৰণ পদ্ধতি অবৈজ্ঞানিক বুলি বাৰে বাৰে অভিযোগ উত্থাপন হৈছে। বিমুদ্ৰাকৰণৰ বাবে অসংগঠিত খণ্ডটোৱে ভয়াৱহ লোকচানৰ সন্মুখীন হ’লেও চৰকাৰে নিয়মীয়াকৈ ডিজিটেল লেনদেনত গুৰুত্ব আৰোপ কৰিছে।
কৰ’ণা কালত ইয়াৰ বৃদ্ধিও হৈছে। ২০১৯ চনত ৰিজাৰ্ভ বেংকৰ এক অধ্যয়ন অনুসৰি সামগ্ৰিক অৰ্থনৈতিক বৃদ্ধিৰ লগত সংগতি ৰাখি বজাৰত নগদ ধনৰ ব্যৱহাৰ জিডিপিৰ অনুপাত হিচাপে বৃদ্ধি পাইছে। ইয়াৰ উপৰিও কোৱা হৈছে যে ডিজিটেলৰ ব্যৱহাৰ বৃদ্ধি জিডিপিৰ অনুপাত হিচাপে এটা নিৰ্দিষ্ট সময়ত লেনদেন হৈছে।
ইফালে শেহতীয়াকৈ ভাৰতীয় ষ্টেট বেংকৰ অৰ্থনীতিবিদৰ এক অধ্যয়নত কোৱা হৈছে যে এই দীপাৱলীত বজাৰত নগদ ধনৰ ব্যৱহাৰ ৭৬০০ কোটি টকা হ্ৰাস পাইছে। বিশেষজ্ঞসকলে প্ৰযুক্তিৰ উন্নতি আৰু স্মাৰ্টফোন ভিত্তিক বিত্তীয় লেনদেনৰ জনপ্ৰিয়তাক কাৰণ হিচাপে উল্লেখ কৰে।
ইয়াৰ পিছতো বছৰ বছৰ ধৰি দেশৰ মানুহৰ হাতত নগদ ধনৰ সঞ্চয় বৃদ্ধি পাইছে। বহুতৰ মতে এটা কাৰণ হ’ল লকডাউন। সেই সময়ত পৰিয়ালটোৰ দৈনন্দিন প্রয়োজনীয় সা-সামগ্রী সঞ্চয় কৰাৰ কথা ভাবি বহুতে হাতত নগদ ধন ৰাখিছিল৷
দেশৰ প্ৰায় ১৫ কোটি লোকৰ বেংক একাউণ্ট নাই। তেওঁলোকৰ সঞ্চয় সেই নগদ ধনতে থাকে। মুঠতে নগদ ধনৰ ‘পৰম্পৰা’ কেৱল অব্যাহত থকাই নহয়, বৃদ্ধি পাইছে। প্ৰকাৰান্তৰে ক’বলৈ গ’লে এই ক্ষেত্ৰতো প্ৰধানমন্ত্ৰী মোদীৰ বিমুদ্ৰাকৰণ ব্যৰ্থ হৈছে।
আনহাতে, দুৰ্নীতি নিৰ্মূল, ক’লা ধন ৰোধ, সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ আৰু পুঁজিৰ উৎস বন্ধ কৰা আদিতো বিমুদ্ৰাকৰণে চূড়ান্তভাৱে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। মুঠ কথাত ক’বলৈ গ’লে ডিজিটেল বেংকিং বৃদ্ধিৰ বাদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰা অন্য কোনো এটা দিশতে বিমুদ্ৰাকৰণে সাফল্য লাভ কৰিব নোৱাৰিলে।
বিশ্বজুৰি তড়িৎ গতিত বৃদ্ধি পোৱা তথ্য প্ৰযুক্তি আৰু ইন্টাৰনেটৰ বৈপ্লৱিক পৰিৱৰ্তনে বিমুদ্ৰাকৰণ নকৰা হ’লেও দেশত ডিজিটেল বেংকিং সেৱা প্ৰসাৰিত হ’লহেঁতেন।