NORTHEAST NOW (Assamese)

২০২০ৰ শেষলৈ কৰ’নাৰ বলি হ’ব ৬৭কোটি ভাৰতীয়!

May 30, 2020 11:17 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

সম্প্ৰতি দেশত কৰ’নাক লৈ লকডাউন বৃদ্ধিৰ বিষয়ে কেন্দ্ৰৰ সিদ্ধান্তৰ অপেক্ষা কৰাৰ বাহিৰে আন কোনো নতুন কথা নাই।

ইয়াৰ মাজতে দেশৰ বিজ্ঞানী-গৱেষক তথা চিকিৎসকসকলৰ মাজত গুৰুত্বপূৰ্ণ বিতৰ্ক বা আলোচনাৰ বিষয়টো হৈছে কৰ’না ভাইৰাছৰ সংক্ৰমণে কেতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হ’ব।

সকলোৰে ধাৰাণা এবাৰ সংক্ৰমণ মাত্ৰাই চূড়ান্ত সীমা অতিক্ৰম কৰিলে তাৰ পাছত ই লাহে লাহে কমি যাব।

একাংশ বিজ্ঞানীয়ে জুলাই মাহৰ প্ৰথমতে ভাৰতত কৰ’নাৰ সংক্ৰমণে সৰ্বোচ্চ সীমাত উপনীত হ’ব।

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞসকলৰ মতে, জুলাই মাহৰ শেষলৈক ভাৰতত কৰ’নাৰ সংক্ৰমণ হ্ৰাস পাব।

কিন্তু আন্তৰ্জাতিক ৰেটিং সংস্থা ষ্টেণ্ডাৰ্ড এণ্ড প’ৰৰ মতে ছেপ্টেম্বৰৰ পূৰ্বে ভাৰতত কৰ’না সংক্ৰমণে সৰ্বোচ্চ সীমা স্পৰ্শ নকৰে।

আনহাতে, নেশ্যনেল ইনষ্টিটিউট অফ মেন্টেল হেলথ এণ্ড নিউৰোছায়েন্সেছ (Nimhans)ৰ চিকিৎসকসকলে দাবী কৰা মতে লকডাউন ৪.০ উঠি যোৱাৰ পাছতে সংক্ৰমণ পুনৰ বৃদ্ধি পাব।তদুপৰি, গোষ্ঠী সংক্ৰমণ আৰম্ভ হ’ব।

নিমহান্সৰ মতে ২০২০ চনৰ ডিচেম্বৰৰ ভিতৰত ভাৰতত মুঠ জনসংখ্যাৰ আধা অৰ্থাৎ ৬৭ কোটি ভাৰতীয় মাৰাত্মক এই ভাইৰাছৰ বলি হ’ব।

নিমহান্সে দাঙি ধৰা তথ্য অনুসৰি, এই ৬৭ কোটি ভাৰতীয়ৰ ভিতৰত ৯০ শতাংশই তেওঁলোক কৰ’না পজিটিভ বুলি জানিব নোৱাৰিব।

কিয়নো বেছিভাগৰ ক্ষেত্ৰতেই সংক্ৰমণৰ কোনো বাহ্যিক লক্ষণ দেখা নাযাব। ইয়াৰ ভিতৰত ৫শতাংশৰ সংকটজনক অৱস্থা হ’ব আৰু তেওঁলোকক হাস্পাতলত ভৰ্তি কৰিব লাগিব।

সংকটজনক এই ৫শতাংশ মুঠ আক্ৰান্তৰ ভিতৰত ৩ কোটি হ’ব।

চিকিৎসকলৰ দুশ্চিন্তাৰ কাৰণটো হৈছে এই বৃহৎ সংখ্যক লোকৰ চিকিৎসাৰ বাবে দেশত চিকিৎসাৰ আন্তৰ্গাথনি।

ইমান বৃহৎসংখ্যক লোকক চিকিৎসাৰ বাবে হাস্পাতলত ভৰ্তি কৰিব নোৱাৰিলে তেওঁলোকৰ চিকিৎসা কিদৰে হ’ব সেয়া এক বিষম চিন্তাৰ কৰাণ।

দেশৰ হাস্পাতলসমূহত এতিয়া মুঠতে হিচাপ অনুসৰি ১ লাখ ৩০হাজাৰ বেড আছে। কিন্তু ৰোগীৰ সংখ্যা বৃদ্ধিৰ লগে লগে সেয়া পৰ্যাপ্ত নহ’ব।

চৰকাৰে সেয়েহে স্বাস্থ্যখণ্ডত কৰ’না মেনেজমেন্টৰ বাবে বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে।

Related News