জনসাধাৰণে নিবিচাৰে মহিলা প্ৰতিনিধি! হিমাচল বিধানসভালৈ নিৰ্বাচিত মাত্ৰ এগৰাকী মহিলা বিধায়ক

Himachal Pradesh Election

কালি ঘোষণা হ’ল হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। ৰাজ্যখনত শাসনাধিষ্ঠ বিজেপি চৰকাৰক উফৰাই ৬৮ জনীয়া বিধানসভাৰ ৪০ খন আসনত জয়েৰে চৰকাৰ গঠনৰ পথ মুকলি কৰিলে কংগ্ৰেছে। আনহাতে ২৫ খন আসনত জয়েৰে দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হ’ল বিজেপি।

ইফালে নিৰ্বাচনী ৰাজনীতিত মহিলাৰ অংশগ্ৰহণৰ ক্ষেত্ৰত চলি অহা চৰ্চাৰ সময়ত হিমাচলৰ জনসাধাৰণে ৰাজ্যখনৰ বিধানসভালৈ এইবাৰ মাত্ৰ এগৰাকী মহিলা প্ৰতিনিধিহে নিৰ্বাচিত কৰিছে। ৬৮ টা সমষ্টিত মুঠ ২৪ গৰাকী মহিলা প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও মাত্ৰ এগৰাকী মহিলা প্ৰাৰ্থীহে বিধানসভালৈ নিৰ্বাচিত হৈছে।

উল্লেখ্য যে, ১২ নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনত বিজেপিয়ে ছয়গৰাকী, আম আদমী পাৰ্টিয়ে পাঁচগৰাকী আৰু কংগ্ৰেছে তিনিগৰাকী মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। ইয়াৰ ভিতৰত নিৰ্বাচনত কেৱল বিজেপিৰ ৰীনা কাশ্যপেহে জয়লাভ কৰে। ২০২১ চনত পচহাদ (এছ চি) বিধানসভাৰ উপ-নিৰ্বাচনত জয়ী হোৱা কাশ্যপে নিজৰ আসন অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়।

লক্ষণীয়ভাৱে ২০১৭ চনত চাৰিগৰাকী মহিলা প্ৰাৰ্থীয়ে বিধানসভা নিৰ্বাচনত জয়ী হ’বলৈ সক্ষম হৈছিল।

এইবাৰৰ নিৰ্বাচনত পৰাজিত হোৱাসকলৰ ভিতৰত শাসকীয় বিজেপি চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী তথা কাংগ্ৰাৰ শ্বাহপুৰৰ পৰা চাৰিবাৰৰ বিধায়ক চাৰ্বীন চৌধুৰী; জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা মুখ্যমন্ত্ৰী পদৰ সম্ভাৱ্য প্ৰাৰ্থী ডালহাউজিৰ ছবাৰৰ বিধায়ক আশা কুমাৰীৰ দৰে হাইপ্ৰফাইল নেত্ৰীও আছে।

উল্লেখযোগ্য যে হিমাচলৰ মুঠ ভোটাৰৰ প্ৰায় ৪৯ শতাংশ মহিলা ভোটাৰ। ১৯৯৮ চনৰ নিৰ্বাচনৰ পিছৰে পৰা ৰাজ্যখনত মহিলা ভোটাৰৰ ভোটদানৰ শতকৰা হাৰ পুৰুষতকৈ অধিক আৰু বিগত পাঁচটা নিৰ্বাচনতো এই ধাৰা অব্যাহত আছে।

বিগত নিৰ্বাচনসমূহত ৰাজ্যখনত মহিলা আৰু পুৰুষৰ ভোটদানৰ শতকৰা হাৰ আছিল ক্ৰমে ১৯৯৮ চনত ৭২.২ আৰু ৭১.২৩ শতাংশ, ২০০৩ চনত ৭৫.৯২ আৰু ৭৩.১৪ শতাংশ, ২০০৭ চনত ৭৪.১০ আৰু ৬৮.৩৬ শতাংশ, ২০১২ চনত ৭৬.২০ আৰু ৬৯.৩৯ শতাংশ আৰু ২০১৭ চনত ভোটদানৰ হাৰ আছিল ৭৭.৯৮ আৰু ৭০.৫৮ শতাংশ।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনত ৭৬.৮ শতাংশ মহিলা ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বিপৰীতে ৭২.৪ শতাংশ পুৰুষ ভোটাৰে ভোটদান কৰিছিল। পিছে মহিলা ভোটাৰৰ সংখ্যা অধিক হোৱাৰ পাছতো বিধানসভালৈ নিৰ্বাচিত নহ’ল অধিক সংখ্যক মহিলা প্ৰতিনিধি।