পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপস্থিত এক শৰণাৰ্থী শিবিৰত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত ৭ টি শিশুসহ ২১ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ খবৰ প্ৰকাশ পাইছে আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত।
গাজাৰ প্ৰশাসনে জানিবলৈ দিয়া মতে, উত্তৰ গাজাৰ ঘন জনবসতিপূৰ্ণ জাবালিয়া শৰণাৰ্থী শিবিৰত এই অগ্নিকাণ্ড সংঘটিত হয়। চাৰি মহলীয়া আৱাসিক ভৱনটোৰ ওপৰৰ মহলাত সূত্ৰপাত হোৱা জুইৰ লেলিহান শিখাই মুহূৰ্ততে মহলাটো আৱৰি ধৰে।
এই বিধ্বংসী জুই নিয়ন্ত্ৰণ কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীক এঘণ্টাৰো অধিক সময় প্ৰয়োজন হয়। প্ৰাথমিক তদন্ত অনুসৰি অট্টালিকাটোৰ ভিতৰত বৃহৎ পৰিমাণৰ গেছলিন জমা হৈ থকাৰ ফলত জুইৰ তীব্ৰতা বৃদ্ধি পায়।
#Gaza 💔😢🇵🇸 #Palestine
Pray for Gaza !
Twenty one Palestinians, including seven children, have died after a huge fire broke out at a residential building in Jabalia city, north of Gaza in Palestine and the fire still until now#غزة #حريق #جباليا #حريق_غزة #فلسطين#FreePalestine pic.twitter.com/iexft82ZXU— Islam Essa🇵🇸#Gaza🙋♀️👑 (@IslamEssa_Gaza) November 17, 2022
অট্টালিকাটোত থকা সকলো লোক এই ভয়াৱহ অগ্নিকাণ্ডত নিহত হোৱা বুলি গাজাৰ প্ৰশাসনিক কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
আন্ত:ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ CNN ত প্ৰকাশিত বাতৰি অনুসৰি পেলেষ্টাইন কৰ্তৃপক্ষৰ সভাপতি মাহমুদ আব্বাছে এই শোকাৱহ ঘটনাক ৰাষ্ট্ৰীয় ট্ৰেজেডী বুলি অভিহিত কৰি নিহতসকলৰ বাবে এদিনীয়া শোক ঘোষণা কৰে।
উল্লেখ্য যে, জাবালিয়া হৈছে গাজাৰ আঠটা শৰণাৰ্থী শিবিৰৰ ভিতৰত এটা উল্লখনীয় শিবিৰ। ২৩ লাখ লোকৰ বাসস্থান জাবালিয়া বিশ্বৰ অন্যতম ঘন জনবসতিপূৰ্ণ অঞ্চল হিচাপে পৰিচিত।