DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মদ নাপাই খালে হোমিঅ’পেথি দৰৱ, ছট্টিশগড়ত ৭ জনৰ কৰুণ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2021 6:08 pm
klkl
282
VIEWS
Share on FacebookShare on Twitter

ছট্টিশগড়ত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।

ৰাজ্য খনৰ বিলাসপুৰ গাঁৱৰ সাত জনকৈ লোকে মদ নপাই নিচা লগাবলৈ এবিধ বিশেষ হোমিঅ’পেথি দৰৱ পান কৰি কৰুণ মৃত্যুক সাৱটি লৈছে।

গাঁও খনৰে আন পাঁচ জন লোক হোমিঅ’পেথি দৰৱ খাই গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে।জানিব পৰা মতে আজি পুৱাৰ ভাগত বিলাসপুৰ গাঁৱৰ চাৰিজন লোকৰ নিজৰ ঘৰতে মৃত্যু ঘটে।

পৰিয়ালৰ লোকে লোক কেইজনৰ ক’ৰ’নাত মৃত্যু হোৱা বুলি সন্দেহ কৰি ততাতৈয়াকৈ মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰে। এনে সময়তে আন তিনি জন লোকৰো চিকিৎসালয়ত মৃত্যু ঘটে।

ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে কোনো লোকে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে গাঁও খনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু মৃত লোক কেইজনে এখন স্থানীয় হোমিঅ’ ফাৰ্মাচীৰ পৰা এবিধ বিশেষ চিৰাপ ক্ৰয় কৰি নিচা লগাবলৈ পান কৰা বুলি জানিব পাৰে।

লোক কেইজনে পান কৰা হোমিঅ’ চিৰাপ বিধত ৯১ শতাংশ এলকোহল থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

ইপিনে একেবিধ হোমিঅ’ চিৰাপ পান কৰা আন পাঁচ জন লোকেও নিচা লগাবলৈ দৰৱ বিধ খাইছিল বুলি প্ৰকাশ কৰিছে।

লোক কেইজনে হোমিঅ’ দৰৱ বিধ খোৱাৰ বাবেই মৃত্যুক সাৱটি ল’লে নে আন কোনো কাৰণত তেওঁলোকৰ মৃত্যু হৈছে সেয়া অধিক তদন্তৰ পিছতহে স্পষ্ট হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

কিন্তু একেবিধ দৰৱ পান কৰাৰ পিছতে বহু কেইজন লোক অসুস্থ হৈ পৰা আৰু ৭ জনকৈ লোকৰ মৃত্যু ঘটাৰ কথাই দৰৱ বিধ পান কৰাৰ বাবেই এনে হ’বলৈ পালে বুলি বহুতে সন্দেহ কৰিছে।

উল্লেখ্য ইয়াৰ পূৰ্বেও দেশৰ বহু ঠাইত নিচা লগাবলৈ ছেনিটাইজাৰ পান কৰি বহু লোকৰ মৃত্যু ঘটিছে।

Recent News

Seven burnt alive: চলন্ত অটোত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ, আহত আন কেইবাজনো

Seven burnt alive: চলন্ত অটোত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ, আহত আন কেইবাজনো

Assam Career

Assam Career : নুমলীগড় ৰিফাইনেৰীত (NRL) বিভিন্ন পদ খালী, কিদৰে কৰিব আবেদন?

Health benefits of the jackfruit: এতিয়া কঁঠালৰ বতৰ; ইয়াৰ বহুমূলীয়া উপকাৰিতাৰ বিষয়ে শুনিলে আচৰিত হ’ব আপুনি

Health benefits of the jackfruit: এতিয়া কঁঠালৰ বতৰ; ইয়াৰ বহুমূলীয়া উপকাৰিতাৰ বিষয়ে শুনিলে আচৰিত হ’ব আপুনি

Shruti Haasan: শ্ৰুতি হাছানৰ শৰীৰত বাহ লৈছে নতুন ৰোগ! ভীষণ যন্ত্ৰণাত ভূগিছে অভিনেত্ৰীগৰাকী

Shruti Haasan: শ্ৰুতি হাছানৰ শৰীৰত বাহ লৈছে নতুন ৰোগ! ভীষণ যন্ত্ৰণাত ভূগিছে অভিনেত্ৰীগৰাকী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd