• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভোটৰ বিনিময়ত নিৰ্বাচনী প্ৰাৰ্থীয়ে প্ৰতিশ্ৰুতি পূৰণ কৰি দিছিল সুৰা: সুৰা পান কৰি নিহত হ’ল সাত ‘ভোটাৰ’ 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2022 5:02 pm
7 dead after drinking liquor in Uttarakhand
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত নিৰ্বাচনৰ সময়ত ভোটাৰক আকৰ্ষণৰ বাবে সুৰা আৰু টকাৰ অবাধ বিতৰণৰ পৰম্পৰা দীৰ্ঘকালীন। নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা এগৰাকী প্ৰাৰ্থীয়ে ভোটৰ বিনিময়ত ভোটদাতাক এই পৰম্পৰা অনুসৰিয়েই দিছিল সুৰা যোগান ধৰাৰ প্ৰতিশ্ৰুতি। প্ৰতিশ্ৰুতি পালন কৰি প্ৰাৰ্থীয়ে সুৰাৰ ব্যৱস্থাও কৰিলে। পিছে সেই সুৰা পান কৰি মৃত্যুৰ মুখতহে পৰিলে সাতগৰাকীকৈ লোক।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডত। ৰাজ্যখনৰ এটা ভিতৰুৱা অঞ্চলত নিৰ্বাচনী প্ৰাৰ্থীয়ে আগবঢ়োৱা বিষাক্ত নকল সুৰা পান কৰি মৃত্যু ঘটিছে সাতগৰাকী লোকৰ। প্ৰকাশিত বাতৰি অনুসৰি এগৰাকী স্থানীয় পঞ্চায়ত প্ৰাৰ্থীয়ে তেওঁক ভোট দিলে গাওঁবাসীৰ ওচৰত সুৰা যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল।

Apply Now

হৰিদ্বাৰৰ ফুলগড় আৰু শিৱগড় নামৰ গাঁও দুখনৰ গাওঁবাসীয়ে এই প্ৰতিশ্ৰুতিত আস্থা ৰাখি প্ৰাৰ্থীগৰাকীক ভোটদান কৰে। প্ৰতিশ্ৰুতি অনুসৰি জয়ী প্ৰাৰ্থীগৰাকীয়েও গাঁওবাসীৰ বাবে সুৰাৰ ব্যৱস্থা কৰিলে। পিছে এই সুৰা পান কৰাৰ পিছতে এজনৰ পিছত এজনকৈ গাওঁবাসী অসুস্থ হৈ পৰে।

বৰ্তমানলৈকে এই ঘটনাত ৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে। আনহাতে বহুকেইগৰাকী লোক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। ইয়াৰে কেইবাজনৰো অৱস্থা গুৰুতৰ বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

আৰক্ষীয়ে এতিয়ালৈকে গোচৰটোৰ সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যখনৰ আবকাৰী বিভাগেও ৯ গৰাকী বিষয়াক নিলম্বন কৰিছে। উত্তৰাখণ্ডৰ আবকাৰী আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে ঘটনাটোৰ পিছত কৰ্তব্যত অৱহেলা কৰাৰ বাবে আবকাৰী পৰিদৰ্শককে ধৰি মুঠ ৯ গৰাকী বিষয়াক নিলম্বন কৰা হৈছে।

প্ৰাথমিক অনুসন্ধানত বিষাক্ত নকল সুৰা পান কৰাৰ ফলত গাওঁবাসীৰ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে এই বিষয়ত নিশ্চিত হ’ব পৰা যাব বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।

ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে গোটেই ঘটনাটোৰ সৈতে জড়িত সকলক কঠোৰ শাস্তি দিয়া হ’ব বুলি ঘোষণা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

September 27, 2026 8:52 am
মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

September 27, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd