ভোটৰ বিনিময়ত নিৰ্বাচনী প্ৰাৰ্থীয়ে প্ৰতিশ্ৰুতি পূৰণ কৰি দিছিল সুৰা: সুৰা পান কৰি নিহত হ’ল সাত ‘ভোটাৰ’ 

7 dead after drinking liquor in Uttarakhand

ভাৰতত নিৰ্বাচনৰ সময়ত ভোটাৰক আকৰ্ষণৰ বাবে সুৰা আৰু টকাৰ অবাধ বিতৰণৰ পৰম্পৰা দীৰ্ঘকালীন। নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা এগৰাকী প্ৰাৰ্থীয়ে ভোটৰ বিনিময়ত ভোটদাতাক এই পৰম্পৰা অনুসৰিয়েই দিছিল সুৰা যোগান ধৰাৰ প্ৰতিশ্ৰুতি। প্ৰতিশ্ৰুতি পালন কৰি প্ৰাৰ্থীয়ে সুৰাৰ ব্যৱস্থাও কৰিলে। পিছে সেই সুৰা পান কৰি মৃত্যুৰ মুখতহে পৰিলে সাতগৰাকীকৈ লোক।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডত। ৰাজ্যখনৰ এটা ভিতৰুৱা অঞ্চলত নিৰ্বাচনী প্ৰাৰ্থীয়ে আগবঢ়োৱা বিষাক্ত নকল সুৰা পান কৰি মৃত্যু ঘটিছে সাতগৰাকী লোকৰ। প্ৰকাশিত বাতৰি অনুসৰি এগৰাকী স্থানীয় পঞ্চায়ত প্ৰাৰ্থীয়ে তেওঁক ভোট দিলে গাওঁবাসীৰ ওচৰত সুৰা যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল।

হৰিদ্বাৰৰ ফুলগড় আৰু শিৱগড় নামৰ গাঁও দুখনৰ গাওঁবাসীয়ে এই প্ৰতিশ্ৰুতিত আস্থা ৰাখি প্ৰাৰ্থীগৰাকীক ভোটদান কৰে। প্ৰতিশ্ৰুতি অনুসৰি জয়ী প্ৰাৰ্থীগৰাকীয়েও গাঁওবাসীৰ বাবে সুৰাৰ ব্যৱস্থা কৰিলে। পিছে এই সুৰা পান কৰাৰ পিছতে এজনৰ পিছত এজনকৈ গাওঁবাসী অসুস্থ হৈ পৰে।

বৰ্তমানলৈকে এই ঘটনাত ৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে। আনহাতে বহুকেইগৰাকী লোক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। ইয়াৰে কেইবাজনৰো অৱস্থা গুৰুতৰ বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

আৰক্ষীয়ে এতিয়ালৈকে গোচৰটোৰ সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যখনৰ আবকাৰী বিভাগেও ৯ গৰাকী বিষয়াক নিলম্বন কৰিছে। উত্তৰাখণ্ডৰ আবকাৰী আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে ঘটনাটোৰ পিছত কৰ্তব্যত অৱহেলা কৰাৰ বাবে আবকাৰী পৰিদৰ্শককে ধৰি মুঠ ৯ গৰাকী বিষয়াক নিলম্বন কৰা হৈছে।

প্ৰাথমিক অনুসন্ধানত বিষাক্ত নকল সুৰা পান কৰাৰ ফলত গাওঁবাসীৰ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে এই বিষয়ত নিশ্চিত হ’ব পৰা যাব বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।

ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে গোটেই ঘটনাটোৰ সৈতে জড়িত সকলক কঠোৰ শাস্তি দিয়া হ’ব বুলি ঘোষণা কৰে।