NORTHEAST NOW (Assamese)

স্বায়ত্ব-শাসিত পৰিষদ গঠনৰ দাবীত ৭টা গাৰো সংগঠনৰ চকাবন্ধ

September 12, 2018 6:49 pm · ছফিকুল আহমেদ
Updated: September 12, 2018 8:54 pm

১২ ছেপ্টেম্বৰত গোৱালপাৰা আৰু কামৰূপ জিলাত ৭টা গাৰো সংগঠনে চকা বন্ধ দিছে। বন্ধৰ প্ৰতি আংশিক সঁহাৰি দেখা গৈছে। বন্ধৰ প্ৰথম ২ ঘণ্টাৰ পাছত বেছিভাগ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা দুৰণিবটীয়া বাছেই ইতঃস্ততঃ কৰি পুনৰ স্বাভাৱিকভাৱে চলিবলৈ লয়।

বন্ধ সমৰ্থকসকলে আগিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ আৰু দামৰাত ৰাষ্ট্ৰীয় ঘাইপথ-৫১ত পথবন্ধ কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষী প্ৰশাসনে তাক ব্যৰ্থ কৰে আৰু যান-বাহন নিয়মীয়াভাৱে চলিবলৈ ধৰে।

পুৱা দুধনৈ-দামৰা পথত পাহাৰৰ ওপৰৰ পৰা নিৰাপত্তাৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি শিলগুটি দলিওৱা প্ৰতিবাদকাৰীকে ধৰি ১৭জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ ৰাবাৰ বুলেট ফায়াৰ কৰে।  অৱশ্যে শিল নিক্ষেপৰ ফলত আৰক্ষী প্ৰশাসনৰ কোনো ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা নাই।

আৰক্ষীয়ে  আগিয়া এলেকাত শিল দলিওৱা আৰু যোগাযোগ ব্যহত কৰিবলৈ চেষ্টা কৰাৰ অপৰাধত স্মাৰ্ট ছাংমা, বিকি মাৰাক, ছুছাং ছাংমা, জেনাছ মাৰাক, লাভ দাদিয়াসহ বিভিন্ন এলেকাৰ পৰা মুঠ ১৭ জনক জনক আটক কৰে। প্ৰতিবাদী কেইজনক আগিয়া, দুধনৈ আৰু কৃষ্ণাই আৰক্ষী থানাই আটক কৰে।

অসমত বাস কৰা গাৰো সম্প্ৰদায়ৰ লোকৰ প্ৰতি চৰকাৰৰ মাহীআইৰ দৃষ্টি তথা অঞ্চলটোৰ উন্নয়নৰ প্ৰতি দেখুৱাই অহা অনীহাৰ প্ৰতিবাদত গাৰো নেশ্যনেল কাউঞ্চিল, গাৰো নেশ্যনেল য়ুনিয়ন, গাৰো গাঁৱবুঢ়া সন্থা, গাৰো সাহিত্য সভা, গাৰো মহিলা পৰিষদ, য়ুথ পৰিষদ আৰু আচিক য়ুথ ফেডাৰেশ্যন আদি ৭টা সংগঠনে চকা বন্ধৰ আহ্বান দিছিল।

১০ ছেপ্টেম্বৰ শনিবাৰে এই সংগঠনকেইটাই অসম-মেঘালয় সীমান্তৰ হুদাকোনাত এখন সভা আহ্বান কৰি গোৱালপাৰা আৰু কামৰূপৰ জিলাৰ গাৰো অধ্যূষিত এলেকাত গাৰো স্বায়ত্ব-শাসিত পৰিষদ গঠনৰ দাবীত সহমতত উপনীত হৈছিল।

Related News