পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবীত সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থাই আজি প্ৰতিবাদী শ্ল’গানেৰে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰ উত্তাল কৰি তোলে।
প্ৰতিবাদকাৰীসকলে দীঘলী পুখুৰীৰ পাৰত ‘বিজেপি চৰকাৰ হায় হায়, আমাৰ দাবী মানিব লাগিব, শিক্ষা মন্ত্ৰী হায় হায়’ আদি প্ৰতিবাদী শ্ল’গানেৰে দীঘলী পুখুৰীৰ চৌপাশ মুখৰিত কৰি তোলে।
উল্লেখযোগ্য যে প্ৰতিবাদকাৰীসকলে দীঘলীপুখুৰীৰ পাৰৰ পৰা সমদল উলিয়াই উজানবজাৰস্থিত মুখ্য মন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰাৰ কথা আছিল যদিও দিঘলীপুখুৰীৰ পাৰৰ পৰাই সমদলটো বাহিৰ কৰাত আৰক্ষীয়ে বাধা প্ৰদান কৰে।
ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতিৰ সৃষ্টি হয়। পিছত প্ৰতিবাদকাৰীসকলে দিঘলীপুখুৰীৰ পাৰতে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদস্থলীত থকা সন্থাৰ প্ৰচাৰ সম্পাদক কমলেশ্বৰ শইকীয়াই জনায় যে ৰাজ্যপালৰ অধিসূচনা মৰ্মে ইংৰাজী ২০০৫ -০৬ চনৰ পৰা সম্পূৰ্ণ মেধা ভিত্তিত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত প্ৰাৰ্থী সকলক গাঁও শিক্ষা সমিতি তথা চাহ বাগিচা শিক্ষা সমিতিৰ জৰিয়তে যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন কৰি গোটেই অসমৰ সংযোগী শিক্ষাকেন্দ্ৰ সমূহত শিক্ষা কৰ্মী হিচাপে প্ৰথমে ১১মাহৰ বাবে ঠিকাভিত্তিক নিযুক্তি দি পৰ্যায় ক্ৰমে শিক্ষাকৰ্মী সকলৰ কাৰ্য্যকাল ২০১২ চনৰ ৩১ মাৰ্চ লৈ বৃদ্ধি কৰি দিয়ে।
আনহাতে এই সংযোগী শিক্ষাকৰ্মী সকলে মাত্ৰ এহাজাৰ টকাৰ পৰা তিনি হাজাৰ টকাৰ অতি সামান্য মাননি লৈ ২-৬ বছৰ শিক্ষকতা কৰি আছিল বুলি জানিবলৈ দি শইকীয়াই বৰ্তমান বিভাগীয় কৰ্তৃপক্ষই কোনো আগজাননী নিদিয়াকৈ শিক্ষাকৰ্মী সকলক শিক্ষকতাৰ পৰা অব্যাহতি দিয়া বুলি উল্লেখ কৰে।
তেওঁ লগতে কয় শিক্ষাকৰ্মী সকলে কৰ্তৃপক্ষৰ ওচৰত দাবী জনোৱাৰ পিছতো কেৱল মৌখিক প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ মাজতে সকলোবোৰ ৰৈ গৈছে। সেয়েহে তেওঁলোক উপায়হীন হৈ পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়ে হৈছে।
আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা প্ৰতিবাদী শিক্ষাকৰ্মী সকলৰ আন আন দাবী সমূহ হ’ল যে সংযোগী শিক্ষাকৰ্মীসকলক পুনৰ শিক্ষক পদত স্থায়ী নিযুক্তি দিব লাগে, Supporting Teacher হিচাপে পাঠদান দিয়া বিদ্যালয়ত সংযোগী শিক্ষাকৰ্মী সকলক নিযুক্তি দিব লাগে আৰু সংযোগী শিক্ষাকৰ্মী সকলৰ বয়সৰ ঊৰ্ধ্ব সীমা ৰেহাই দিব লাগে।
আজি পুৱা ১০:৩০ ৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্য্যসূচী দিনৰ ১ বজা পৰ্যন্ত চলি থাকে আৰু প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত তেওঁলোকে উপায়ুক্তৰ জৰিয়তে উল্লিখিত দাবীসমূহ পূৰণ কৰিবৰ বাবে দাবী জনাই শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।