মৰ্মান্তিক! বিবাহৰ পৰা উভতাৰ পথতে দুৰ্ঘটনাগ্ৰস্ত বাহন, তিনি শিশুসহ সাতজন নিহত

accident

এক শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰি গৈছে বিহাৰ। ৰাজ্যখনত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে তিনি শিশুসহ সাতগৰাকী লোকে।

দুৰ্ঘটনাটোত লগতে আন ছয়জন লোক আহত হৈছে। বিহাৰৰ খগড়িয়া জিলাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।

এখন ট্ৰেক্টৰৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত এই শোকাৱহ ঘটনা সংঘটিত হয়। প্ৰকাশিত খবৰ অনুসৰি এখন বিয়াৰ পৰা উভতি আহিছিল বাহনত থকা লোকসকল।

যাত্ৰাপথত পাছৰাহাৰ অঞ্চলত পুৱা প্ৰায় ৬.৩০ বজাত বাহনখনত ট্ৰেক্টৰখনে মুখামুখিকৈ খুন্দা মাৰে। বাহনখনত থকা লোকেইজনৰ লগে লগে মৃত্যু হয়।

স্থানীয় এগৰাকী উচ্চপ্ৰদস্থ আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত সদৰী কৰা মতে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে আহত লোকসকলক উদ্ধাৰ কৰি ওচৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে নিহত লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি তেওঁ লগতে কয়।

ইফালে ট্ৰেক্টৰখনত অভাৰলোড থকা বুলিও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে সদৰী কৰে।