মৰ্মান্তিক! শস্যৰে ভৰা বস্তাৰ চেঁপাত প্ৰাণ গ’ল ৭ জন শ্ৰমিকৰ

Seven labourers killed

কৰ্ণাটকত সংঘটিত হৈছে এক কৰুণ দুৰ্ঘটনা। ৰাজ্যখনৰ এক শস্য গুদামত শস্য ভৰ্তি বস্তাৰ তলত সোমাই প্ৰাণ হেৰুৱাইছে ৭ জন শ্ৰমিকে। সোমবাৰে নিশা কৰ্ণাটকৰ বিজয়পুৰৰ এটা ব্যক্তিগত কুঁহিয়াৰ পেকিং গুদামত সংঘটিত হয় এই দুৰ্ঘটনা।

প্ৰকাশিত খবৰ অনুসৰি, ৰাজগুৰু ইণ্ডাষ্ট্ৰীজ নামৰ এই প্ৰতিষ্ঠানটোত খাদ্য শস্য পেকিং কৰা হয়। সোমবাৰে নিশা প্ৰতিষ্ঠানটোত সংঘটিত হয় এই শোকাৱহ ঘটনা।

ঘটনাৰ সময়ত প্ৰতিষ্ঠানটোত প্ৰায় ৫০ জন শ্ৰমিক কৰ্মৰত অৱস্থাত আছিল। শ্ৰমিকসকল কৰ্মৰত অৱস্থাতে হঠাতে তললৈ খহি পৰে শস্য ভৰ্তি কিছু বস্তা। এই বস্তাসমূহৰ তলত সোমাই পৰে ১০ জন শ্ৰমিক।

বৃহৎ পৰিমাণৰ শস্যৰ ওজনৰ বাবে তলত সোমাই পৰা শ্ৰমিকসকল জীয়াই থকাৰ কোনো সম্ভাৱনা নাই বুলি আশংকা কৰা হৈছিল। তৎকালীনভাৱে চলোৱা উদ্ধাৰঅভিযানত ১০ শ্ৰমিকৰে ৭ জনৰ মৃতদেহ উদ্ধাৰ হয়।

আনহাতে আন তিনিগৰাকী শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰা হয়। শ্ৰমিককেইগৰাকীক লগে লগে চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে, নিহত ৭ জন শ্ৰমিক বিহাৰৰ বাসিন্দা।

নিহত শ্ৰমিককেইজনক ক্ৰমে ৰাজেশ মুখিয়া (২৫), ৰামৰেজ মুখিয়া (২৯), শম্ভু মুখিয়া (২৬), লুখো যাদৱ (৪৫), ৰাম বালক (৫২), কিষাণ কুমাৰ (২০)আৰু ধুৰালচান্দ মুখিয়া (৪৬) বুলি চিনাক্ত কৰা হৈছে।

এই ঘটনাৰ পাছতে ৰাজগুৰু ইণ্ডাষ্ট্ৰীজ আৰু স্বত্বাধিকাৰীৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ইফালে প্ৰতিষ্ঠানটোৱে মৃতকৰ পৰিয়াললৈ ৫ লাখ টকা আৰু আহতসকলৰ বাবে ২ লাখ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে।

লক্ষনীয়ভাৱে ঘটনাৰ পিছতে শ্ৰমিকসকলে প্ৰতিষ্ঠানটোত ইতিপূৰ্বেও অনুৰূপ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ তুলিছে আৰু উচিত তদন্তৰ দাবী উত্থাপন কৰিছে।