NORTHEAST NOW (Assamese)

এক মাহ ধৰি ক’ৰ’না মুক্ত হৈ থকা গোৱাত পুনৰ সাতগৰাকী লোক আক্ৰান্ত

May 14, 2020 2:46 pm · এন ই নাও নিউজ

এক মাহৰো অধিক সময় ক’ৰ’নাৰ পৰা মুক্ত হৈ থকাৰ পাছত গোৱাত পুনৰ সাত গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰা গৈছে।

ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী বিশ্বজিৎ ৰাণেই আজি এই কথা জানিবলৈ দিয়ে।

মন্ত্ৰী গৰাকীয়ে কয় যে আক্ৰান্তৰ ভিতৰত পাঁচ গৰাকী এটা পৰিয়ালৰে, যিয়ে মহাৰাষ্ট্ৰৰ পৰা উভতি আহিছিল।

তেওঁ কয়, ‍‘বুধবাৰে সাত গৰাকী লোকক টেষ্ট কৰা হৈছিল, আৰু ইয়াৰ পিছতে তেওঁলোকৰ দেহত ক’ভিড-১৯ ধৰা পৰে। ৰোগী কেইগৰাকীক প’ণ্ডাস্থিত ক’ভিড-১৯ চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে’।

পৰিয়ালটোৰ পাঁচ জন সদস্যৰ উপৰি তেওঁলোকৰ এগৰাকী চালক আৰু গুজৰাটৰ এগৰাকী চালক ক’ৰ’নাত আক্ৰান্ত হৈছে।

উল্লেখ্য যে তৃতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰাৰ সময়ৰ পৰাই বাহিৰত আৱদ্ধ লোকসকলে নিজ ৰাজ্য গোৱালৈ উভতিব ধৰিছে। বহিঃৰাজ্যৰ পৰা ওভটা সকলে স্বাস্থ্য পৰীক্ষা কৰোৱাটো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে।

নতুনকৈ আক্ৰান্ত হোৱা সন্দৰ্ভত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী প্ৰমোদ সাৱন্তে কয় যে আক্ৰান্ত এই সাত গৰাকী লোক যিহেতু বাহিৰৰ পৰা আহিছে সেয়ে গোৱাত সামূহিক সংক্ৰমণৰ কোনো ভয় নাই।

উল্লেখ্য যে ক’ভিড-১৯ সংক্ৰমণৰ আৰম্ভণিতে গোৱাত ৭ গৰাকী লোক আক্ৰান্ত হৈছিল। এই সাত গৰাকী লোক এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে সুস্থ হৈ উঠিছিল আৰু গোৱা সম্পূৰ্ণৰূপে ক’ৰ’না মুক্ত হৈছিল।

Related News