শোকাৱহ! ট্ৰাকত খুন্দা মাৰি ভস্মীভূত বাহন, দুই শিশুসহ একেটা পৰিয়ালৰে সাতজনে হেৰুৱালে প্ৰাণ

Bus hits police constable

ৰাজস্থানৰ ছিকাৰ জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক কাণ্ড। এখন ট্ৰাকত খুন্দা মৰাৰ ফলত ৰাজপথতে দাওদাওকৈ জ্বলি উঠিল এখন ব্যক্তিগত বাহন। জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছে একেটা পৰিয়ালৰ দুই শিশু আৰু তিনিগৰাকী মহিলাসহ ৭ জন লোকে।

নিহত পৰিয়ালটো উত্তৰ প্ৰদেশৰ মীৰাটৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ৰাজস্থানৰ চালাছাৰৰ চালাছাৰ বালাজী মন্দিৰৰ পৰা উভতি আহিছিল পৰিয়ালটো আৰু যাত্ৰাপথতে সংঘটিত হয় এই ট্ৰেজিক দুৰ্ঘটনা।

প্ৰকাশিত খবৰ অনুসৰি, বাহনখনৰ চালকজনে এখন ট্ৰাকক অভাৰটেক কৰাৰ চেষ্টা কৰিছিল যদিও বিপৰীত দিশৰ পৰা আন এখন বাহন ওচৰ চাপি অহা দেখি জোৰেৰে ব্ৰেক মাৰিবলগীয়া হয়।

কিন্তু এই চেষ্টাত তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু ট্ৰাকখনত খুন্দা মাৰে। এই সংঘৰ্ষৰ পিছতে গাড়ীখনৰ গেছ কিটটো জুইত জাহ যায় আৰু ট্ৰাকখনত ভৰ্তি কপাহে জুই অধিক ভয়াৱহ কৰি তোলে।

ইফালে বাহনখনত থকা যাত্ৰীসকলে বহু চেষ্টাৰ পিছতো অগ্নিকাণ্ডৰ বাবে বাহনৰ দুৱাৰ খুলিব নোৱাৰি ভিতৰতে আৱদ্ধ হৈ পৰে আৰু জীৱন্তে অগ্নিদগ্ধ হয়। ঘটনাস্থলীত থকা একাংশ লোকেও পৰিয়ালটোক সহায়ৰ চেষ্টা চলায় যদিও জুইৰ ভয়াৱহতাৰ বাবে ব্যৰ্থ হয়।

কিছুসময় পিছত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও জুই নিয়ন্ত্ৰণ কৰাৰ সময়লৈকে প্ৰাণ হেৰুৱাইছিল পৰিয়ালটোৱে। ইফালে ঘটনাৰ পিছতে ট্ৰাকখনৰ চালকজন আৰু সহায়কজনে সেই স্থানৰ পৰা পলায়ন কৰে।

ঘটনাত নিহত লোকসকলক নীলম গোৱাল (৫৫), তেওঁৰ পুত্ৰ আশুতোষ গোৱাল (৩৫), মঞ্জু বিন্দল (৫৮), তেওঁৰ পুত্ৰ হাৰ্দিক বিন্দল (৩৭), তেওঁৰ পত্নী স্বাতী বিন্দল (৩২) আৰু তেওঁলোকৰ দুই নাবালিকা কন্যা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ মতে, গাড়ীখনৰ মালিক আশুতোষে ডেৰ বছৰ পূৰ্বে গাড়ীখন ক্ৰয় কৰিছিল। আৰক্ষীয়ে গাড়ীখন বিক্ৰী কৰা এজেণ্টজনৰ সৈতে যোগাযোগ কৰে আৰু তেওঁৰ জৰিয়তে পৰিয়ালটোক চিনাক্ত কৰিবলৈ সক্ষম হয়।