আছুৰ বন্ধলৈ সৰ্বাত্মক সমৰ্থন ৭০টা সংগঠনৰ

এতিয়াৰ পৰা ৭০ সংগঠনে প্ৰতিবাদ কৰিবলৈ প্ৰশাসনৰ অনুমতি নলয়। জনসাধাৰণৰ কথা নুশুনা চৰকাৰৰ অনুমতিৰ প্ৰয়োজন নাই: অখিল গগৈ

70-assam-organisations-extend-support-to-bandh-call-by-aasu

৭০টা সংগঠনৰ পূৰ্বৰ সংবাদমেল। ছবি- ইউ বি।

বিজেপি নেতৃত্বাধীন চৰকাৰে উদ্যোগ লোৱা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে আছুসহ ৩০ জনগোষ্ঠীয় সংগঠন আৰু নেছ’ আহ্বায়িত ১২ ঘণ্টীয়া বন্ধলৈ সৰ্বাত্মক সমৰ্থন ঘোষণা কৰিছে অসমৰ ৭০টা সংগঠনে।

মঙলবাৰৰ উত্তৰ-পূব বন্ধলৈ দেওবাৰে সংবাদমেলযোগে এই সমৰ্থন ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৭০ সংগঠনৰ নেতৃত্বই।

লগতে পঢ়ক– আছুলৈ কেন্দ্ৰৰ প্ৰস্তাৱ চিধা প্ৰত্যাখ্যান সমুজ্জ্বল ভট্টাচাৰ্য্যৰ

আছুলৈ সমৰ্থনৰ লগতে ৮ জানুৱাৰিৰ পৰাই অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিব সংগঠনকেইটাই। বাধা দিব অসমৰ পৰা কয়লা, পে’ট্ৰলজাত সামগ্ৰীকে ধৰি সকলো সামগ্ৰী বহিঃৰাজ্যলৈ নিয়াত।

নাগৰিকত্ব বিধেয়কক লৈ জে পি চিয়ে লোকসভাত প্ৰতিবেদন দাখিল কৰাৰ সময়তে ৭ জানুৱাৰিত ৰাজ্যজুৰি “ঘৃণা” দিৱস পালন কৰিব ৭০টা সংগঠনে। প্ৰতিখন জিলা, মহকুমা সদৰকে ধৰি অসমৰ সকলো অঞ্চলত ক’লা পতাকা উৰুৱাব সংগঠনকেইটাই।

তাৰোপৰি নাগৰিকত্ব বিধেয়ক বিৰোধী প্ৰতিবাদত এতিয়াৰে পৰা প্ৰশাসনৰ অনুমতি নলয় সংগঠনকেইটাই।

“এতিয়াৰ পৰা ৭০ সংগঠনে প্ৰতিবাদ কৰিবলৈ প্ৰশাসনৰ অনুমতি নলয়। জনসাধাৰণৰ কথা নুশুনা চৰকাৰৰ অনুমতিৰ প্ৰয়োজন নাই,” সংবাদমেলত জনালে অখিল গগৈয়ে।