৭০ টা সংগঠনে উঠাই ল’লে ২৭ জানুৱাৰিৰ পথ অৱৰোধ

Bandh cancel by 70 organisations.docx photo

গুৱাহাটীত ৭০ টা সংগঠনৰ সংবাদমেল।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এলানি প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৭০ টা সংগঠনে। উক্ত কাৰ্য্যসূচীৰ অংশ হিচাপে ২৭ জানুৱাৰিৰ দিনটোত ৰাজপথ, পথ আৰু ৰেইলপথ অৱৰোধৰ কাৰ্য্যসূচী ঘোষণা কৰিছিল জাতীয় সংগঠনসমূহে।

কিন্তু ২৭ জানুৱাৰিৰ দিনা ৭০ টা সংগঠনে বাতিল কৰিছে তেওঁলোকৰ প্ৰতিবাদৰ কাৰ্য্যসূচী। এই কথা ঘোষণা কৰে ৭০ টা জাতীয় সংগঠনৰ আহ্বায়ক তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

’৭০ টা সংগঠনে ঘোষণা কৰা ৰাজপথ, পথ আৰু ৰেইলপথ কাৰ্য্যসূচী বাতিল কৰা হৈছে। কালি জৰুৰীভাৱে ৭০ সংগঠনৰ নেতৃবৰ্গ আলোচনাত মিলিত হৈ এই সিদ্ধান্ত লোৱা হৈছে।‘ এই কথা সংবাদমেলযোগে সদৰী কৰে অখিল গগৈয়ে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, উক্ত দিনটোত মেডিকেল, উচ্চ ন্যায়ালয় তথা অন্য কেইবাটাও বিভাগৰ প্ৰৱেশ পৰীক্ষা আছে।

সেই কথা লক্ষ্য ৰাখি উক্ত দিনটোত ৰাজপথ অৱৰোধ আৰু ৰেইলপথ অৱৰোধ কাৰ্য্যসূচী বাতিল কৰা বুলি সংবাদমেলযোগে সদৰী কৰে কৃষক নেতা অখিল গগৈয়ে।

তেওঁ কয়, ‘’বিভিন্ন ব্যক্তিৰ পৰা ফোনযোগে আমি জানিব পাৰিছো, সেই দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ প্ৰৱেশ পৰীক্ষা আছে। মানুহৰ অপকাৰ কৰিবলৈ কেতিয়াও আমি আন্দোলন কৰা নাই।‘’

তদুপৰি, প্ৰশিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সেই ‘অৱৰোধ কাৰ্য্যসূচী’ উঠাই লোৱা বুলি জানিবলৈ দিয়ে গগৈয়ে।

অৱশ্যে উক্ত দিনটোত তিনিচুকীয়াৰ পানীতোলাত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব ৭০ টাকৈ জাতীয় সংগঠনে। এই কথা জানিবলৈ দি কৃষক নেতা অখিল গগৈয়ে কয়, ‘’উক্ত দিনটোত মটক, চুতীয়া, আহোম, মৰাণ, চাহ জনজাতিকে ধৰি অন্যান্য বহুকেইটা জাতীয় সংগঠনে মিলি বৃহৎ সমাবেশৰ আয়োজন কৰা হৈছে।‘’

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ সম্পূৰ্ণৰূপে বাতিল কৰা তথা ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত উক্ত ‘বিশাল সমাবেশ’ অনুষ্ঠিত হ’ব বুলি গগৈয়ে সংবাদমেলত সদৰী কৰে।

ইয়াৰ পৰৱৰ্তী সময়ত ২৮ জানুৱাৰিৰ পুৱা ১০ বজাৰ পৰা ২৯ জানুৱাৰিলৈ ৭০টা সংগঠনে দিচপুৰ লাষ্টগেইটত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব। ২৮ জানুৱাৰিৰ পৰা অনুষ্ঠিত হ’ব লগীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই কাৰ্যসূচী হাতত লোৱাৰ কথাও ৭০টা সংগঠনৰ নেতৃবৰ্গই সদৰী কৰে।