বিজেপিয়ে নাগৰিকত্ব বিধেয়কৰ জৰিয়তে অসমবাসীক গভীৰ সংকটৰ গৰাহলৈ ঠেলি দিছে : অশ্বিনী কুমাৰ চেতিয়া

Sivasagar Dharna

ফটো : নৰ্থ-ইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সমান্তৰালকৈ শিৱসাগৰতো ৭০টা সংগঠনৰ প্ৰতিনিধিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। তিনিদিনীয়াকৈ আৰম্ভ হোৱা এই ধৰ্মঘট কাৰ্যসূচী শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ন কৰা হয়।

৭০ টা জাতীয় সংগঠনৰ প্ৰতিনিধি হিচাপে আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াই ৩ জানুৱাৰী পৰা ৬ জানুৱাৰীলৈ  অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ জিলাখনৰ সকলো জনসাধাৰণৰ লগতে সকলো দল-সংগঠনকে এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে যুজত নামিবলৈ আহ্বান জনায়।

চেতিয়াই লগতে কয়, ‘জাতি মাটি আৰু ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰে এই বিধেয়কখনৰ জড়িয়তে অসমবাসীক এক গভীৰ সংকটৰ গড়াহলৈ ঠেলি দিব বিচাৰিছে। বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ আগতে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বিপৰীতে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ হিন্দু বিদেশী লোকক অসমত সংস্থাপন দি আৰ এছ এছ, বিজেপিৰ হিন্দু ৰাষ্ট্ৰ নিৰ্মানৰ সপোন বাস্তৱত ৰূপ দিয়াত মনোনিবেশ কৰিছে।

অতি শীঘ্ৰে জাতিধ্বংসী এই বিধেয়ক খন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমত সাম্প্ৰদায়ীক ৰাজনীতি নকৰিবলৈ প্ৰতিবাদকাৰীসকলে সকীয়নি প্ৰদান কৰে। চাওলং চ্যুকাফাৰ সম্প্ৰীতিৰ অসমত সাম্প্ৰদায়ীক ৰাজনীতিৰে অশান্ত নকৰিবলৈও হুংকাৰ দিয়ে।