• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে দিচপুৰত ৭০ টা সংগঠনৰ উত্তাল প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2018 9:33 am
8c59fb0c-c6bf-434b-b32d-ea4eecf1a0b0

দিচপুৰত ৭০ টা সংগঠনৰ কৰ্মীৰ উত্তাল প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল হৈ পৰিছে দিচপুৰ। আজি দিচপুৰ প্ৰেছ ক্লাব চৌহদত ৭০ টা সংগঠনৰ কৰ্মীয়ে ইতিমধ্যে প্ৰতিবাদস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে। প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিছে।

আনহাতে, দিচপুৰৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ কৃষক নেতা অখিল গগৈয়ে চৰকাৰক হুংকাৰ দি কয়, ‘’যদি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয়, সৰ্বানন্দ সোণোৱাল গাদীত থাকিব নোৱাৰে।‘’

Apply Now

গগৈয়ে কয় যে ৰাজ্যখনৰ প্ৰত্যেকজন নাগৰিকে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবী জনাইছে। চৰকাৰে এই দাবী মানি লৈ নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰা হৈছে বুলি ঘোষণা কৰিব লাগে।

দিচপুৰ প্ৰেছ ক্লাবৰ সন্মুখত প্ৰতিবাদস্থলীত সমবেত হোৱা প্ৰতিবাদকাৰীৰ উত্তাল প্ৰতিবাদৰ মাজতে কৃষক নেতা অখিল গগৈয়ে স্পষ্ট কৰি দিয়ে যে জনগণৰ প্ৰতিবাদ পৃথিৱীৰ কোনো শক্তিয়ে কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰে। দেশক ভালপোৱাৰ স্বাৰ্থত আমি যিকোনো কাম কৰিম, আমাৰ  মৃত্যু কোনো ডাঙৰ কথা নহয়। ‍

‘’এয়া গণতন্ত্ৰ নহয়, অসমত স্বৈৰতন্ত্ৰ চলিছে। বিজেপিয়ে অসমত স্বৈৰতন্ত্ৰ চলাইছে আৰু আৰক্ষীক আৰআৰএছৰ গুণ্ডা বাহিনীৰ দৰে ব্যৱহাৰ কৰিছে,’’-চৰকাৰৰ প্ৰতি এইদৰে  আক্ৰমণাত্মক মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।

সংবাদ মাধ্যমৰ আগত কৃষক নেতা অখিল গগৈয়ে কয় যে আমাক প্ৰতিবাদৰ অনুমতি দিয়া হৈছে। গতিকে আমাক শান্তিপূৰ্ণভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ দিয়ক। আমি গণ বিক্ষোভৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ আহিছো,   ইয়াত গণ্ডগোল কৰিবলৈ অহা নাই। তাৰ বাবে আগতীয়াকৈ আৰক্ষীৰ অনুমতি লৈছো।      কিন্তু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিম বুলি কথা দিয়াৰ পাছতো আৰক্ষীৰ এই সমৰসজ্জা কিয় বুলি কৃষক নেতাজনে প্ৰশ্ন কৰে।

আনহাতে, গগৈয়ে জানিবলৈ দিয়ে যে ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিবাদকাৰী অহা বাহনসমূহ বন্ধ কৰি ৰখা হৈছে। ৰে’লৰ পৰা প্ৰতিবাদকাৰীসকলক নমাই দিয়া হৈছে। জাতীয় সংগঠনসমূহৰ ওপৰতে যদি এনেধৰণৰ দমন নীতি, তেন্তে গণতান্ত্ৰিকভাৱে কেনেকৈ প্ৰতিবাদ সাব্যস্ত হ’ব বুলিও কৃষক নেতাগৰাকীয়ে মন্তব্য কৰে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে ১১ নৱেম্বৰৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৭০ টা সংগঠনে ৰাজ্যখনৰ মুঠ ৪টা স্থানৰ পৰা আৰম্ভ কৰিছিল সংকল্প শিখা যাত্ৰা।

ৰাজ্যখনৰ শদিয়া, জোনাই, ডিফু আৰু ধুবুৰীৰ পৰা এক বৃহৎ বাইক ৰেলীৰে এই সংকল্প যাত্ৰাৰ শুভাৰম্ভ ঘটোৱা হৈছিল। তদুপৰি, এই সংকল্প যাত্ৰাৰ সময়ত বিভিন্ন স্থানত পথ সভা, বিক্ষোভ আদি অনুষ্ঠিত কৰি সংগঠন কেইটাই নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছিল।

ইয়াৰ পাছতে ১৬ নৱেম্বৰ শুকুৰবাৰে এই সংকল্প যাত্ৰাৰ প্ৰতিবাদী সমদল গুৱাহাটীত উপস্থিত হৈ দিচপুৰত এক বিশাল গণ বিক্ষোভৰ কাৰ্যসূচী ৰূপায়ন কৰি জাতিধ্বংসী বিধেয়কখন বাতিলৰ বাবে চৰকাৰক শেষ সকীয়নি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd