নিম্ন সদনলৈ নিৰ্বাচিত হ’ল ৭৪গৰাকী মহিলা সাংসদ; ২০১৯তুলনাত হ্ৰাস পালে ৪ গৰাকী প্ৰতিনিধি

সদ্যঘোষিত লোকসভা নিৰ্বাচনত দেশজুৰি মুঠ ৭৪ গৰাকী মহিলাই জয়লাভ কৰিছে৷এই পৰিমাণ ২০১৯ চনত নিৰ্বাচিত হোৱা ৭৮ গৰাকী সাংসদৰ তুলনাত হ্ৰাস পাইছে।দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিম্ন সদনলৈ নিৰ্বাচিত হোৱা মুঠ মহিলা সাংসদৰ ভিতৰত ১১ গৰাকী মহিলা সাংসদৰে আগবাঢ়ি আছে পশ্চিম বংগ।মুঠ ৭৯৭ গৰাকী মহিলা প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু বিজেপিয়ে সৰ্বোচ্চ ৬৯ গৰাকী আৰু কংগ্ৰেছে ৪১ গৰাকী মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল৷

লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ বাবে সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ পাছত এইটোৱেই প্ৰথম নিৰ্বাচন। অৱশ্যে এই আইনখন এতিয়াও কাৰ্যকৰী হোৱা নাই।

থিংক টেংক পি আৰ এছৰ এক বিশ্লেষণ অনুসৰি এই মহিলা সাংসদৰ ১৬ শতাংশৰ বয়স ৪০ বছৰৰ তলৰ।বিশ্লেষণত কোৱা হৈছে যে ইয়াৰ পূৰ্বে ৪১ শতাংশ মহিলা সাংসদ (৩০ সাংসদ) লোকসভাৰ সদস্য হৈ আহিছে।

নিৰ্বাচন আয়োগৰ তথ্যৰ বিশ্লেষণ অনুসৰি এইবাৰ বিজেপিৰ ৩০গৰাকী মহিলা প্ৰাৰ্থী, কংগ্ৰেছৰ ১৪গৰাকী, টিএমচিৰ ১১গৰাকী, সমাজবাদী পাৰ্টিৰ চাৰিগৰাকী, ডিএমকেৰ তিনিগৰাকী, আৰু জেডিইউ আৰু এলজেপি(আৰ)ৰ দুগৰাকীকৈ মহিলা প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়লাভ কৰিছে।১৩.৬২ শতাংশতকৈ অধিক মহিলা সাংসদৰ সৈতে ১৮ সংখ্যক লোকসভাত ১৯৫২ চনৰ পিছত সৰ্বাধিক মহিলা সদস্যৰ ভিতৰত অন্যতম।

লোকসভা নিৰ্বাচনত বিজেপিৰ হেমা মালিনী, টিএমচিৰ মহুৱা মৈত্ৰা, এনচিপিৰ সুপ্ৰিয়া চুলে, আৰু এছপিৰ ডিম্পল যাদৱে নিজৰ আসন অক্ষুণ্ণ ৰাখিছিল যদিও কংগনা ৰানাৱট আৰু মিছা ভাৰতীৰ দৰে নতুন প্ৰাৰ্থীয়েও জয়লাভ কৰিছিল।

বিজয় নিশ্চিত কৰা আটাইতকৈ কম বয়সীয়া মনোনীতসকলৰ ভিতৰত আছিল সমাজবাদী পাৰ্টিৰ মাছলিচহৰৰ ২৫ বছৰীয়া প্ৰাৰ্থী প্ৰিয়া সৰোজ আৰু কৈৰানা আসনৰ ২৯ বছৰীয়া ইকৰা চৌধুৰী।