জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টী চমুকৈ চিজেপিয়ে মুম্বাইত এক বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰিছিল। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈয়েই হৃদৰোগত আক্ৰান্ত হৈ এজন প্ৰতিবাদকাৰীৰ কৰুণ মৃত্যু হয়।
শিৱাজী পাৰ্ক থানাৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, মৃত ব্যক্তিগৰাকীৰ নাম গোপালকৃষ্ণ চুব্বায়া পিল্লাই আৰু তেওঁৰ বয়স প্ৰায় ৭৫ বছৰ।
আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, প্ৰয়াত গোপালকৃষ্ণ থানে অঞ্চলৰ বাসিন্দা আছিল। শুকুৰবাৰে বিয়লি প্ৰায় চাৰে চাৰি বজাত তেওঁ শিৱাজী পাৰ্কত চলি থকা চিজেপিৰ আন্দোলনস্থলীত উপস্থিত হৈছিলগৈ। পিছে আবেলি প্ৰায় পাঁচ বজাৰ পৰাই তেওঁৰ শৰীৰ বেয়া হবলৈ আৰম্ভ কৰে।
অৱস্থাৰ অৱনতি ঘটা দেখি তেওঁৰ লগৰীয়া আৰু আৰক্ষীয়ে মিলি ততাতৈয়াকৈ তেওঁক সমীপৰে এখন চিকিৎসালয়লৈ লৈ যায়। দুখজনকভাৱে চিকিৎসাধীন অৱস্থাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। চিকিৎসকে নিশ্চিত কৰে যে ব্যক্তিগৰাকীৰ মৃত্যু হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলতেই হৈছে।
উল্লেখযোগ্য যে শুকুৰবাৰে বিয়লি প্ৰায় চাৰি বজাত মুম্বাইত চিজেপিৰ এই প্ৰতিবাদী আন্দোলন আৰম্ভ হৈছিল। সেই সময়ত বতৰ যথেষ্ট গৰম আৰু উত্তাপো বেছি আছিল। উত্থাপিত অভিযোগ অনুসৰি, আৰক্ষীৰ কোনো ধৰণৰ অনুমতি নোহোৱাকৈয়ে শিৱাজী পাৰ্কত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে সমদল কৰিছিল। এই প্ৰচণ্ড গৰম আৰু অস্বাভাৱিক ভিৰৰ মাজত আৱদ্ধ হৈ পৰাৰ বাবেই বৃদ্ধ গোপালকৃষ্ণ অসুস্থ হৈ পৰিছিল বুলি ধাৰণা কৰা হৈছে।





