দুবছৰত মনৰেগাৰ পৰা নাম কৰ্তন হ’ল ৮কোটি শ্ৰমিকৰ; প্ৰেক্ষাপটত বাজেট কৰ্তনৰ প্ৰসংগও

যোৱা দুবছৰত কেন্দ্ৰৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ পৰা আঠ কোটিৰো অধিক পঞ্জীয়নভুক্ত শ্ৰমিকক বাদ দিয়া হৈছে৷ ২০২২-২৩ বিত্তীয় বৰ্ষত ২০.৪৭ শতাংশ শ্ৰমিক বাদ পৰিছে — যিটো যোৱা পাঁচ বছৰৰ ভিতৰত সৰ্বাধিক৷

এটা ব্যক্তিগত সংস্থাৰ অধ্যয়নটোৱে ২০১৯-২০২০ চনত পঞ্জীয়নভুক্ত শ্ৰমিকৰ সংখ্যা ১.৮৩ শতাংশৰ পৰা ২০২২-২৩ চনত ২০.৪৭ শতাংশলৈ হ্ৰাস পোৱাৰ কথা উল্লেখ কৰিছে। ২০২২-২৩ চনত মাত্ৰ ৪.২৪ শতাংশ নতুন শ্ৰমিকক অন্তৰ্ভুক্ত কৰা হৈছিল। ২০২৩-২৪ চনত ৯.৮৭ শতাংশ শ্ৰমিকক বাদ দিয়াৰ বিপৰীতে ৪.১৮ শতাংশ শ্ৰমিক সংযোজন কৰা হৈছে।

২০২৩ চনৰ জানুৱাৰী মাহত কেন্দ্ৰই ক্ৰমে শ্ৰমিকৰ উপস্থিতি চিহ্নিত আৰু মজুৰি প্ৰদানৰ বাবে ৰাষ্ট্ৰীয় মোবাইল নিৰীক্ষণ ব্যৱস্থা আৰু আধাৰ ভিত্তিক পেমেণ্ট ব্যৱস্থা বাধ্যতামূলক ব্যৱহাৰৰ বাবে নিৰ্দেশ দিছিল। নাগৰিক সমাজৰ সদস্যৰ প্ৰতিবাদ আৰু ৰাজ্য চৰকাৰে উত্থাপন কৰা উদ্বেগৰ পাছত কিছু শিথিলতা প্ৰদান কৰা হয়। ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে মজুৰি প্ৰদানৰ ক্ষেত্ৰত এবিপিএছ বাধ্যতামূলক কৰি তুলিছে।

লিবটেক ইণ্ডিয়া (এম জি এন আৰ ই জি এছ সম্পৰ্কীয় বিষয়ত কাম কৰা অলাভজনক সংস্থা)ৰ জ্যেষ্ঠ গৱেষক ৰাহুল মুকেৰাই কয় যে, “বিগত পাঁচ বছৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰযুক্তিকেন্দ্ৰিক নীতি, যেনে বাধ্যতামূলক নীতিৰ বাবে এম জি এন আৰ ই জি এছৰ কৰ্মীসকলে উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে,য’ত এবিপিএছ আৰু উপস্থিতি এপৰ প্ৰৱৰ্তনো ইয়াৰো এক কাৰণ।”

তদুপৰি এবিপিএছ বাধ্যতামূলক কৰাৰ চাৰি মাহৰ পাছত সকলো পঞ্জীয়নভুক্ত শ্ৰমিকৰ মাত্ৰ ৬৯ শতাংশ আৰু সক্ৰিয় শ্ৰমিকৰ ৯২ শতাংশহে এই এপ্ৰিল মাহলৈকে এবিপিএছ পেমেণ্টৰ বাবে যোগ্য আছিল বুলি প্ৰতিবেদনত কোৱা হৈছে।