মৰ্মান্তিক! প্ৰায় ২০০ ফুট দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন, সাত নেপালী নাগৰিকসহ ৮ জনৰ মৃত্যু

Bus hits police constable

উত্তৰাখণ্ডৰ নৈনিতাল জিলাত সোমবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাহন পথৰ কাষৰ দ খাৱৈত বাগৰি পৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাইছে ৮ জন লোকে।

এই দুৰ্ঘটনাত লগতে তিনিজন লোক গুৰুতৰভাৱে আহত হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখন নেপাল অভিমুখে ৰাওনা হৈছিল।

নৈনীতালৰ বেতালঘাট অঞ্চলত বাহনখনৰ চালকে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু বাহনখন পথৰ পৰা প্ৰায়  ২০০ মিটাৰ তলৈ বাগৰি পৰে।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় ৰাজ্যিক দুৰ্যোগ সঁহাৰি দল (SDRF)ৰ এটা দল।

স্থানীয় লোক আৰু আৰক্ষী জোৱানৰ সৈতে এছডিআৰএফৰ দলটোৱে ৮টা মৃতদেহ উদ্ধাৰ কৰে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

নিহত লোককেইজনক বিশ্ৰাম চৌধাৰী (৫০), ধীৰাজ (৪৫), অনন্তৰাম চৌধুৰী (৪০), বিনোদ চৌধুৰী (৩৮), উদয়ৰাম চৌধুৰী (৫৫), তিলক চৌধুৰী (৪৫) গোপাল (৬০) আৰু ৰাজেন্দ্ৰ কুমাৰ (৩৮) বুলি চিনাক্ত কৰা হৈছে।

ইয়াৰে ৰাজেন্দ্ৰ কুমাৰ বাহনখনৰ চালক আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। কুমাৰৰ বাহিৰে নিহত আন কেইজন লোক নেপালৰ বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।

আনহাতে আহত লোককেইজনক শান্তি চৌধুৰী, ছতু চৌধুৰী আৰু প্ৰেম বাহাদুৰ বুলি চিনাক্ত কৰা হৈছে। তিনিওগৰাকী সম্প্ৰতি স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।