৮ বাৰ ভোট দিছিল বিজেপিক! সামাজিক মাধ্যমত ভাইৰেল কিশোৰ : অৱশেষত গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশ আৰক্ষীয়ে দেওবাৰে ভুৱা ভোটদানৰ লগত জড়িত এজন কিশোৰক গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পূৰ্বে কিশোৰজনে ইভিএমত ৮ বাৰকৈ বিজেপিৰ চিহ্নত ভোট দিয়াৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। বিজেপি প্ৰাৰ্থী সাংসদ মুকেশ ৰাজপুটক ভোট দিয়াৰ সময়ত নিজেই ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল কিশোৰজনে।

অভিযোগ অনুসৰি ফাৰুখাবাদ লোকসভাৰ সমষ্টিৰ ভোটকেন্দ্ৰত বিজেপি প্ৰাৰ্থীক ৮ বাৰকৈ ভোট দিছিল অপ্ৰাপ্তবয়স্ক কিশোৰজনে।

জানিব পৰা মতে কিশোৰটি পিতৃ উত্তৰ প্ৰদেশৰ এখন গাঁৱৰ মূৰব্বী।

এই ঘটনা পোহৰলৈ অহাৰ পিছতেই উক্ত ভোট কেন্দ্ৰটোত থকা সকলো দলৰ সদস্য আৰু বিষয়াক নিলম্বন কৰি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰা হৈছে।

এই সম্পৰ্কত উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া নৱদীপ ৰিনৱাই ভাৰতীয় নিৰ্বাচন আয়োগক উক্ত ভোট কেন্দ্ৰটোত পুনৰ ভোট অনুষ্ঠিত কৰিবলৈ আবেদন জনাইছে।

জানিব পৰা মতে, যোৱা ১৩ মে’ত ফাৰুখাবাদ লোকসভাৰ আসনৰ বাবে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোও সেইদিনাৰে বুলি আভিযোগ উত্থাপন হৈছে।