যোৱা ২৮ এপ্ৰিলৰপৰা ৩০ এপ্ৰিললৈ হায়দৰাবাদৰ গাচ্ছিবলিত অৱস্থিত হায়াত হোটেলত তিনিদিনীয়া কাৰ্যসূচীৰে ‘ৱিকি কনফাৰেন্স ইণ্ডিয়া ২০২৩’ অনুষ্ঠিত হয়। এইখন হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সন্মিলন যিয়ে ৱিকিমিডিয়ান আৰু অংশীদাৰসকলক এক উমৈহতীয়া মঞ্চ প্ৰদান কৰে আৰু য’ত ভাৰতীয় ভাষাৰ ৱিকিমিডিয়া প্ৰকল্প তথা ভাৰত আৰু দক্ষিণ এছিয়াৰ বিভিন্ন আঞ্চলিক পৰ্যায়ৰ আন্দোলন সম্বন্ধে আলোচনা কৰা হয়।
এই সন্মিলনত বিভিন্ন ঘটনাপ্ৰৱাহ, শিক্ষণ, উত্তম পদ্ধতি ব্যৱহাৰ, প্ৰত্যাহ্বান, সংযোগীকৰণ, আৰু ভৱিষ্যতৰ কৌশল সম্পৰ্কে আলোচনা কৰা হয়। অসমীয়া ৱিকিমিডিয়া সমাজৰ ৮ গৰাকী স্বেচ্ছাসেৱকে এই সন্মিলনত অংশ লয়।
ইজৰাইল, জাৰ্মানী, কলম্বিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালীৰ পৰা অহা ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কেইবাগৰাকীও উচ্চপদবীধাৰী বিষয়াকে ধৰি ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ নেপাল, শ্ৰীলংকা, বাংলাদেশৰ পৰা সমবেত হোৱা একাধিক সদস্য/প্ৰতিনিধি আৰু ভাৰতৰ ভাষিক ৱিকিমিডিয়া সম্প্ৰদায়ৰ শতাধিক সদস্যৰ সমাৱেশত তিনিদিনীয়া সন্মিলনখন জ্ঞান-বিনিময়ৰ এক সামাজিক-সাংস্কৃতিক বৈচিত্ৰ্যময় ক্ষেত্ৰলৈ পৰিণত হয়।
ৱিকিকনফাৰেন্স ইণ্ডিয়া ২০২৩ৰ বিষয়বস্তু আছিল বন্ধন শক্তিশালী কৰা (Strengthening the bonds)। উপ-বিষয়বস্তু চাৰিটাঃ স্পন্দন(Vibrance), সহযোগিতা(Collaboration), বৈচিত্ৰ্য(Diversity)আৰু শক্তি(Strength)।
পাঞ্জাৱী ৱিকিমিডিয়ান নিতেশ গিল আৰু তেলেগু ৱিকিমিডিয়ান নিবাস ৰামাচেট্টি আছিল এই কনফাৰেন্সৰ প্ৰধান উদ্যোক্তা। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ CAO(Chief Advancement Officer) Lisa Seitz-Gruwell য়েও এই সন্মিলনখনত ভাগ লয়।
সন্মিলনৰ দ্বিতীয় দিনা সন্মিলনস্থলীত হাইদৰাবাদৰ স্থানীয় নৃত্য Perini Sivathandavan আৰু Oggu Katha প্ৰদৰ্শিত হয় আৰু ফাউণ্ডেচনৰ তৰফৰ পৰা কেফে heart cup ত সামাজিক দিনাৰ (social dinner) অনুষ্ঠিত হয়। তৃতীয় দিনা group photo তোলা হয় আৰু শিক্ষামূলক ভ্ৰমণৰ অংশ ৰূপে telengana government ৰ দ্বাৰা পৰিচালিত শিল্পৰমমলৈ প্ৰতিনিধি সকলক লৈ যোৱা হয়। এই খৰছ তেলেংগানা চৰকাৰে বহন কৰে।
অসমীয়া ৱিকিমিডিয়াৰ তৰফৰ পৰা সন্মিলনত অংশগ্ৰহণ কৰা প্রতিনিধিসকল আছিল ক্ৰমে নয়ন জ্যোতি নাথ, বাবুল বৈশ্য, ৰুমি বৰা, প্ৰণামিকা অধিকাৰী, প্ৰাণজ্যোতি নাথ, গীতাৰ্থ বৰদলৈ আৰু ভাস্কৰজ্যোতি ভূঞা।