• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত পদপিষ্ট হৈছিল ৮ বছৰীয়া শিশু : মৃত্যুৰ সৈতে যুঁজি আছে ভেন্টিলেচনত

by
December 18, 2024 1:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘পুষ্পা ২’ৰ প্ৰিমিয়াৰ উপলক্ষে হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত সংঘটিত হয় এক কৰুণ ঘটনা। ৪ ডিচেম্বৰত পুষ্পাৰ শ্ব’ৰ প্ৰথম দিনাই পদপিষ্ট হৈ প্ৰাণ হেৰুৱাইছিল এগৰাকী ৩৫ বছৰীয়া মহিলাই। তেওঁৰ আঠ বছৰীয়া পুত্ৰ ছাই তেজ গুৰুতৰভাৱে আহত হৈছিল।

উক্ত ঘটনাৰ ১৪ দিনৰ পাছতো শিশুটি কিমছ হাস্পতালত ভেন্টিলেচনত আছে। চিকিৎসকে কয় যে স্নায়ুৰ ক্ষতিৰ বাবে তেওঁৰ শাৰীৰিক অৱস্থাৰ বিশেষ উন্নতি হোৱা নাই।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰথমে ছাই তেজক দুৰ্গবাই দেশমুখ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁক কিমছ হাস্পতাললৈ স্থানান্তৰ কৰা হয়।

চিকিৎসকৰ মতে, পদপিষ্ট হোৱাৰ সময়ত মগজুৱে অক্সিজেন লাভ নকৰাৰ বাবে তেওঁৰ স্নায়ুবোৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। বৰ্তমান শিশুটিয়ে স্বাভাৱিকভাৱে উশাহ ল’ব পৰা নাই, কৃত্ৰিম লাইফ চাপৰ্টৰ সহায়ত তেওঁ জীৱন মৃত্যুৰে যুঁজি আছে।

মঙলবাৰে হায়দৰাবাদ আৰক্ষী আয়ুক্ত চি ভি আনন্দে চিকিৎসালয়খন পৰিদৰ্শন কৰি শিশুটিৰ পৰিয়ালক সাক্ষাৎ কৰে। তেওঁ কয় যে সাই তেজক সুস্থ হ’বলৈ অধিক সময়ৰ প্ৰয়োজন হ’ব।

৪ ডিচেম্বৰৰ নিশা সন্ধ্যা থিয়েটাৰত প্ৰিমিয়াৰ শ্ব’ চাবলৈ এক বৃহৎ জনসমাগম হয়। আল্লু অৰ্জুন নিজেই এই অনুষ্ঠানত উপস্থিত হৈছিল। সেই খবৰ বিয়পি পৰাৰ লগে লগে উত্তেজনা বাঢ়ি যায়। নিশা ৯.৩০ বজাত যেতিয়া আল্লু অৰ্জুন থিয়েটাৰত উপস্থিত হ’ল, তেতিয়া অভাৱনীয়ভাবে ভিৰ বাঢ়ি আহিল।

আল্লুৰ নিৰাপত্তাৰক্ষী দলে ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। দৰ্শকে একেলগে থিয়েটাৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে তলৰ মহলাৰ বেলকনিত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।

ঘটনাৰ খবৰ পাই গভীৰ শোক প্ৰকাশ কৰে আল্লু অৰ্জুনে। ভিডিঅ’ বাৰ্তাত তেওঁ কয়, ‘মই ২০ বছৰ ধৰি এই থিয়েটাৰত চিনেমা চাই আহিছো। এনে ঘটনা আগতে কেতিয়াও হোৱা নাই। আমি পৰিয়ালৰ কাষত থিয় দিছো আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু আছো।”

তেওঁ পৰিয়ালটোৰ বাবে ২৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰি সকলো চিকিৎসা খৰচ তেওঁ বহন কৰিব বুলি কয়।

এই দুৰ্ঘটনাটোৰ বাবে মৃতকৰ স্বামীৰ অভিযোগৰ ভিত্তিত হায়দৰাবাদ আৰক্ষীয়ে আল্লু অৰ্জুন আৰু তেওঁৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। সন্ধ্যা নাট্য কৰ্তৃপক্ষৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে। গোচৰটোত একাধিক ধাৰা সংযোজন কৰা হৈছে। এই ঘটনাত আল্লু অৰ্জুনকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অৱশ্যে এৰাতি কাৰাগাৰত কটোৱাৰ পিছত জামিন লাভ কৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd