NORTHEAST NOW (Assamese)

আকৌ লোমহৰ্ষক ঘটনা : কাৰ্বি আংলঙত দুই পাষণ্ডৰ ধৰ্ষণৰ বলি ৮ বছৰীয়া নাবালিকা

February 8, 2025 1:22 pm ·

কাৰ্বি আংলঙৰ বৰলাংফেৰ অঞ্চলত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। এগৰাকী ৮ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত আৰক্ষীয়ে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

যোৱা ৩ ফেব্ৰুৱাৰীত সৰস্বতী পূজা উদযাপনৰ সময়ত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

তদন্তৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লালবাবু ৰাম আৰু অজয় ​​গুৰক নামৰ অভিযুক্ত দুজনক।

নাবালিকাগৰাকী সহপাঠীৰ সৈতে স্কুলৰ পৰা ঘৰলৈ উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, লোক দুজনে তাইক অপহৰণ কৰি নিৰ্জন স্থানলৈ লৈ যায় আৰু তাতেই অপৰাধ সংঘটিত কৰে।

সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কণমাণিজনী।

ঘটনাৰ পিছতে আদিবাসী ছাত্ৰ সন্থাই অভিযুক্তক ক্ষিপ্ৰ ন্যায় আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে।

Related News