NORTHEAST NOW (Assamese)

দুৰন্ত প্ৰতিভা; উজবেকিস্তানত বিশ্বজয় ত্ৰিপুৰাৰ ৮ বছৰীয়া কন্যাৰ

September 16, 2019 7:54 pm · এন ই নাও নিউজ
আৰ্শিয়া দাস। উৎস-ইণ্টাৰনেট

উজবেকিস্তানত অনুষ্ঠিত হোৱা এছিয়ান স্কুল দবা চেম্পিয়নশ্বিপত ত্ৰিপুৰাৰ ৮ বছৰীয়া কন্যা অৰ্শিয়া দাসে সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাখনৰ ‘ব্লিটছ’ শাখাত অংশগ্ৰহণ কৰা আৰ্শিয়া দাসে মুঠ সাতটা ৰাউণ্ডত পাঁচ পইণ্ট অৰ্জন কৰি সোণৰ পদক অৰ্জন কৰে।

আৰ্শিয়া বৰ্তমান দেশৰ ৯ বছৰ অনুৰ্ধ শাখাৰ দবা চেম্পিয়ন।

আনহাতে, ২০১৭ চনত অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাদাত অনুষ্ঠিত হোৱা ৩১ সংখ্যক ৭ বছৰ অনুৰ্ধ ছোৱালীৰ দবা চেম্পিয়নশ্বিপত আৰ্শিয়াই ব্ৰঞ্জৰ পদক দখল কৰিছিল।

উত্তৰ-পূবৰ প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ২০১৭,২০১৮ আৰু ২০১৯ চনত দিল্লীত অনুষ্ঠিত হোৱা কমনৱেলথ দবা চেম্পিয়নশ্বিপত ক্ৰমে পঞ্চম, সপ্তম আৰু সপ্তম স্থান দখল কৰিছিল।

খেলুৱৈগৰাকীৰ সফলতাত উলাহৰ ঢলৰ সৃষ্টি হৈছে অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত।

উল্লেখযোগ্য যে, দেশৰ আগশাৰীৰ তাৰকা জিমাষ্টিক খেলুৱৈ আন এগৰাকী ত্ৰিপুৰী কন্যা দীপা কৰ্মকাৰেও আৰ্শিয়াৰ প্ৰতিভাৰ প্ৰশংসা কৰিছিল।

Related News