‘আজি গাঁৱে-ভূঞে উন্নয়ন হৈছে। সকলো শ্ৰেণীৰ লোকৰ বাবে সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰাৰ পৰিবেশ নিৰ্মাণ হৈছে। ৰাজ্য চৰকাৰেও ৰাজ্যখনৰ সৰ্বস্তৰৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ বাবে সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস নীতিৰে কাম কৰিছে’। চাবুৱাৰ বিন্ধাকটাত এই মন্তব্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
ইতিবাচক পৰিৱৰ্তনৰ বাবে আন্তৰিকতা, নিষ্ঠা, নিৰ্ভিকতা আৰু সততাৰ প্ৰয়োজন বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ লগতে চাবুৱা সমষ্টিও পৰিৱৰ্তন আৰু উন্নয়নৰ নতুন গতিৰে ধাৱমান হৈছে।
‘পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যত প্ৰতিবছৰে ৩ হাজাৰ কিঃমিঃ পথহে নিৰ্মাণ হৈছিল কিন্তু মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে প্ৰতিবছৰে ১০,৫০০ কিঃমিঃ পথ নিৰ্মাণৰ লক্ষ্য ধাৰ্য কৰিছে। ইয়াৰ ফলত দ্ৰুত গতিত বাট-পথৰ নিৰ্মাণ হৈছে’। সোণোৱালৰ মন্তব্য।
উল্লেখ্য যে আজি চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিন্ধাকটা অঞ্চলৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে মুখ্য মন্ত্ৰীয়ে। আধাৰশিলা উপলক্ষে বিন্ধাকটাত আয়োজিত সভাত অংশ লৈ মুখ্য মন্ত্ৰী সোণোৱালে বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা উল্লেখ কৰে।
অনুষ্ঠানত চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ লগতে বিভিন্ন লোক উপস্থিত থাকে।