• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰৰ ইম্ফলত ধানৰ অৱশিষ্ট জ্বলোৱাৰ ওপৰত আয়োজন এখন কৰ্মশালাৰ

NE NOW NEWS চভাপতি চামম
ইম্ফল , February 2, 2018 10:30 am

2 min read

Rice residue seminar
80
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব ভাৰতৰ প্ৰধান কৃষি শস্য হৈছে ধান। কিন্তু খেৰনি জলোৱা অৰ্থাৎ ধানৰ অৱশিষ্ট জ্বলোৱাৰ ফলত হ্ৰাস পাব উৎপাদন। বুধবাৰে মণিপুৰৰ ইম্ফলত এই সম্বন্ধত আয়োজিত এখন কৰ্মশালাত কৃষি বিশেষজ্ঞই এইদৰে মন্তব্য কৰে।

লক্ষ্যণীয় যে উত্তৰ-পূবৰ মুঠ আঠখন ৰাজ্যত প্ৰায় ১০.৭ মেট্ৰিক টন ধান উৎপাদন হয়। বিশেষজ্ঞৰ মতে ২০১৫-১৬ বৰ্ষত ভাৰতৰ ভিতৰত উত্তৰ-পূবে ৬.৮৫ শতাংশ ধান উৎপন্ন কৰিছিল। এই আঠখন ৰাজ্যৰ ভিতৰত অসম,মণিপুৰ আৰু ত্ৰিপুৰাই ধান উৎপাদন ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে।

মেঘালয়ৰ উমিয়ামত অৱস্থিত ভাৰতীয় কৃষি গৱেষনা পৰিষদৰ উত্তৰ-পূব শাখাৰ ছয় জনীয়া এটা বিশেষজ্ঞৰ দলে ‘মেনেজমেণ্ট অৱ ৰাইচ ৰেচিডিউ ফ’ৰ চাচটেইনেব’ল চইল হেল্থ ইন কনজাৰভেশ্যন এগ্ৰিকালচাৰ’ শীৰ্ষক এখন পেপাৰ উপস্থাপন কৰে মণিপুৰত চলি থকা ধানৰ অৱশিষ্ট জ্বলোৱাৰ শীৰ্ষক এখন কৰ্মশালাৰ প্ৰথম দিনৰ কাৰ্যসূচীত।

বিশেষক্ষৰ দলটোৱে কয় যে ধানৰ অৱশিষ্ট অংশ জ্বলাই দিয়াৰ বাবে পৰৱৰ্তী উৎপাদনৰ সময়ত যথেষ্ট প্ৰভাৱ পৰে। তদুপৰি জ্বলাই দিয়াৰ ফলত পৰিৱেশৰ ওপৰতো ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। ইফালে অৱশিষ্ট জ্বলোৱাৰ ফলত কৃষি শস্য নষ্ট কৰা বিভিন্ন পোক-পৰুৱাৰ বিনষ্ট হোৱাৰ উপৰি কৃষি কাৰ্য কৰাত সহায়ক হয়।

ধানৰ অৱশিষ্ট জলোৱাৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি বা এই সম্বন্ধত কিবা বিকল্প পথ উলিয়াব পাৰি নেকি সেই বিষয়ৰ লগতে অন্যান্য সকলোবোৰ কথা কৰ্মশালাখনত আলোচনা কৰা হয়। তদুপৰি ভৱিষৎ প্ৰজন্মৰ বাবে এখন সংৰক্ষিত তথা সেউজীয়া পৰিৱেশৰে আৱৰা সমাজ এখন যাতে থাকে তাৰ বাবে সকলো খেতিয়ককে উক্ত কাৰ্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায়।

ইণ্ডিয়ান এচ’চিয়েশ্যন অৱ হীল ফাৰ্মিং, মেঘালয়ৰ সহযোগত ইণ্ডিয়ান কাউন্সিল অৱ এগ্ৰিকালচাৰেল ৰিচাৰ্ছ ফৰ এন ই ৰিজ’ন আৰু চেন্ট্ৰল এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি, ইম্ফলৰ তত্বাৱধানত এই কৰ্মশালাৰ আয়োজন কৰিছিল।

কৰ্মশালাখনত উপস্থিত থকা বিভিন্ন বক্তাৰ লগতে মণিপুৰৰ কৃষি মন্ত্ৰী ভি হাংখালিয়ানে নিজৰ ভাষনত কয় যে অৱশিষ্ট অংশ জ্বলাই দিয়াৰ বিৰীতে অন্য পদক্ষেপ গ্ৰহণ কৰাত জোৰ দিয়ে। ইয়াৰ উপৰি মন্ত্ৰীজনে এই ক্ষেত্ৰত চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে।

আনহাতে ৰাজ্যৰ সকলো খেতিয়কৰ মাজতে এই সম্বন্ধত সজাগতা সৃষ্টি কৰিব লাগিব বুলি কয়।

মণিপুৰ ইউনিভাৰ্চিটিৰ উপাচাৰ্য প্ৰফ আদিত্য প্ৰসাদ পাণ্ডেই কয় যে মণিপুৰত ধানৰ অৱশিষ্ট জ্বলোৱা এটা ডাঙৰ সমস্যা আৰু গভীৰ চিন্তনীয় বিষয়।

কৰ্মশালাখনত উপস্থিত থাকে অতিৰিক্ত প্ৰধান সচিব সুহেল আখতাৰ, আইচিএআৰ উত্তৰ-পূব শাখাৰ পৰিচালক এন প্ৰকাশ, মণিপুৰ ৰিজ’নেল অফিচ নাবাৰ্ডৰ জেনেৰেল মেনেজাৰ পিএন প্ৰবীন কুমাৰৰ লগতে বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বহুতো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

এই কৰ্মশালাখনতে উদ্যোক্তাই প্ৰস্তুত কৰি উলিওৱা এখন স্মাৰকগ্ৰন্থ উন্মোচন কৰে।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd