• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্জাৱৰ বিষাক্ত চুলাই কাণ্ড: মৃতকৰ সংখ্যা ৮৬ জনলৈ বৃদ্ধি,২৫ জনক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুবাহাটী , August 2, 2020 10:48 am

2 min read

punjab
363
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাতংকৰ মাজতে পঞ্জাৱত বিষাক্ত চুলাই মদ পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৮৬ গৰাকীলৈ বৃদ্ধি পাইছে।

ৰাজ্যখনৰ তিনিখন জিলা ক্ৰমে তৰ্ন তৰণ জিলাত ৬৩ জন, অমৃতচৰত ১২ জন আৰু বাটালা জিলাত ৮ জন,গুৰুদাসপুৰত ১১ জন লোকৰ মৃত্যু ঘটিছে বিষাক্ত চুলাই মদ পান কৰি।

উল্লেখ্য যোৱা ২৯ জুলাইৰ নিশা প্ৰথমে অমৃতচৰ জিলাৰ দুখন গাঁৱত বিষাক্ত চুলাই পান কৰি ৫ জন লোকৰ মৃত্যু ঘটিছিল যদিও মৃতকৰ সংখ্যা বৃদ্ধি পাই আজি ৬৮ জন হয়গৈ।

বিষাক্ত চুলাই পান কৰা বহু কেইজন লোকে তেতিয়াও মৃত্যুৰ সৈতে যুঁজি থকাৰ খবৰ আহিছে।

কালিলৈকে বিষাক্ত চুলাই পান কৰি মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৩৮ গৰাকীলৈ বৃদ্ধি পাইছিল।

ঘটনা সন্দৰ্ভত পঞ্জাৱ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰি ২৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰোপৰি কৰ্তব্যত হেমাহি কৰাৰ অভিযোগত আবকাৰী বিভাগৰ ৭ জন আৰু আৰক্ষীৰ ৬ জন লোকক চৰকাৰে নিলম্বিত কৰিছে।

ঘটনাৰ সন্দৰ্ভত কালিয়েই আৰক্ষীয়ে অমৃতচৰ জিলাৰ মুছাল গাঁৱৰ পৰা বলবিন্দৰ কৌৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে বিষাক্ত চুলাই উৎপাদনৰ লগত জড়িতসকলক কঠোৰ শাস্তি বিহা হ’ব বুলি ঘোষণা কৰিছে।তেওঁ চুলাই কাণ্ডত নিহত সকলৰ পৰিয়ালক ২ লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব বুলি আজি ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আৰক্ষীক ৰাজ্যজুৰি চলি থকা বেআইনী মদৰ উৎপাদন আৰু দোকান উৎখাত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে বহু কেইখন ধাবা বন্ধ কৰি দিয়া হৈছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে এক টুইটাৰত কয়, “বিষাক্ত মদ পান কৰি মৃত্যু হোৱা ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ নিৰ্দেশ দিয়া হৈছে। জলন্ধৰ সংমণ্ডলৰ আয়ুক্তই এই তদন্ত কৰিব। সংশ্লিষ্ট জিলাৰ এচএচপি আৰু অন্যান্য প্ৰশাসনীয় বিষয়াসকলে তেওঁক সহায় কৰিব। দোষী কেতিয়াও বাচি যাব নোৱৰিব।”

ইপিনে চুলাই কাণ্ডৰ বাবে চৰকাৰক বিৰোধী শিৰোমণি আকালি দলে উভতি ধৰিছে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd