NORTHEAST NOW (Assamese)

অসমত আজিৰ দিনটোত কোভিডত মৃত্যু ৮৯ গৰাকী লোকৰ, আক্ৰান্ত ৬১৪৩ গৰাকী লোক

May 19, 2021 9:25 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যৰ কোভিড পৰিস্থিতি অতি ভয়াৱহ হৈয়ে আছে ।

আজিৰ দিনটোতে কালান্তক কোভিডে কাঢ়ি নিছে গৰাকী ৮৯ গৰাকী লোকৰ প্ৰাণ ।
বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৬১৪৩ গৰাকী লোক ।
আজি ১০২০৪০ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয় ।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ৯১৩ গৰাকী লোক । কোভিড পজিটিভিটিৰ হাৰ হৈছে ৬.০২ ।

এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৮৪.৯৭ শতাংশ ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে কোভিড ৰোগীৰ চিকিৎসাৰ বাবে জিএমচিএইছৰ পাৰ্কিঙত ২০০ খন আইচিইউ বিচনা সাজু কৰাৰ কাম চলি আছে ।

মুখ্যমন্ত্ৰীয়ে পৰিস্থিতি সাপেক্ষে ৰাজ্যৰ বচা বচা অঞ্চলত লকডাউনৰ সম্ভাৱনা থকাৰ কথাও ব্যক্ত কৰে ।

ৰাজ্যত অক্সিজেনো প্ৰচুৰ মাত্ৰাত মজুত থকাৰ কথা তেওঁ প্ৰকাশ কৰে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্যত পৰ্যাপ্ত অক্সিজেনৰ যোগান সুনিশ্চিত কৰিবলৈ কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

Related News