• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰে ভিডিঅ’ কনফাৰেন্স স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ব্লেক ফাংগাছ সন্দৰ্ভত অধ্যয়ন কৰি প্ৰতিবেদন দিবলৈ বিশেষজ্ঞক দায়িত্ব অৰ্পণ ৰাজ্য চৰকাৰৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 19, 2021 10:00 pm
KESHAB MAHANTA
280
VIEWS
Share on FacebookShare on Twitter

অসমত ক’ভিড আক্ৰান্তৰ শৰীৰত ব্লেক ফাংগাছৰ উপস্থিতিৰ আংশকাক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। ব্লেক ফাংগাছৰ বিষয়টো অধ্যয়ন কৰি ৰাজ্য চৰকাৰক প্ৰতিবেদন দিবলৈ ইতিমধ্যে স্বাস্থ্য বিভাগে চিকিৎসা বিশেষজ্ঞক দায়িত্ব অৰ্পণ কৰিছে।

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি বিয়লি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে।
তেওঁ জনোৱা মতে, বিশেষজ্ঞসকলে আজি নিশাৰ ভিতৰতে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব ।

বিশেষজ্ঞৰ প্ৰতিবেদন লাভৰ পাছতে ৰাজ্য চৰকাৰে ব্লেক ফাংগাছ সন্দৰ্ভত যথোচিত কাৰ্যব্যৱস্থাৰ নিৰ্দেশনা জাৰি কৰিব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

বিষয়টোক স্বাস্থ্য বিভাগে যথেষ্ঠ গুৰুত্ব সহকাৰে লৈ নজৰ ৰাখি থকা বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে ব্লেক ফাংগাছক লৈ আতংকিত নহ’বলৈ ৰাইজলৈ আহ্বান জনাইছে। মন্ত্ৰীগৰাকীয়ে ৰাইজক আশ্বস্ত কৰি কয় যে ব্লেক ফাংগাছ কোনো ধৰণৰ সংক্ৰামক ৰোগ নহয়। সেয়ে, ইয়াকলৈ আতংকিত হোৱাৰ পৰিৱৰ্তে জনসাধাৰণক ন্যূনতম সামাজিক দূৰত্ব, মাস্ক ব্যৱহাৰ আৰু সঘনাই চাবোনেৰে হাত ধোৱা বা ছেনিটাইজ কৰাৰ নিয়মসমূহ মানি চলাত সচেষ্ট হৈ ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধত আগভাগ ল’বলৈ অনুৰোধ জনায়।

ৰাজ্যখনৰ অক্সিজেন উৎপাদন সামৰ্থ্য পূৰ্বৰ ৪০ মেট্ৰিক টনৰ পৰা বৰ্তমান ৬৭.১৪ মেট্ৰিক টনলৈ বৃদ্ধি পোৱাৰ লগতে মেডিকেল ব্যৱহাৰযোগ্য তৰল অক্সিজেন মজুতকৰণৰ সামৰ্থ্যও ২৩৯ মেট্ৰিক টনলৈ বৃদ্ধি কৰা হৈছে।

তদুপৰি, অতি কম দিনৰ ভিতৰতে মেডিকেল ব্যৱহাৰযোগ্য তৰল অক্সিজেন মজুতকৰণৰ সামৰ্থ অতিৰিক্ত ৩৪.২ মেট্ৰিক টনলৈ বৃদ্ধি পাব বুলিও মন্ত্ৰী মহন্তই কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীক জানিবলৈ দিয়ে।

আনহাতে, সৰুসজাই ষ্টেডিয়ামত অহা পোন্ধৰ দিনৰ ভিতৰতে ৩০০খন আইচিইউ তথা অক্সিজেনসহ বিচনা সংলগ্ন কৰা, এখন নতুন ক’ভিড চিকিৎসালয় নিৰ্মাণৰ বাবে ইতিমধ্যে ডিআৰডিঅ’ৰ লগত বুজাবুজি চুক্তি সম্পাদন কৰি কাম আৰম্ভ কৰাৰ কথাও ডাঃ হৰ্ষবৰ্ধনক অৱগত কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰকাশ কৰে যে অসমত দৈনিক ১ লাখ লোকৰ ক’ভিড পৰীক্ষণৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ প্ৰতিষেধক প্ৰদানৰ হাৰো বৃদ্ধি কৰা হৈছে। অসমলৈ বৰ্ধিত হাৰত ক’ভিড প্ৰতিষেধক প্ৰেৰণৰ বাবে ভিডিঅ’ কনফাৰেন্সত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীক ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী মহন্তই অনুৰোধ জনায়।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd