• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰে ভিডিঅ’ কনফাৰেন্স স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ব্লেক ফাংগাছ সন্দৰ্ভত অধ্যয়ন কৰি প্ৰতিবেদন দিবলৈ বিশেষজ্ঞক দায়িত্ব অৰ্পণ ৰাজ্য চৰকাৰৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 19, 2021 10:00 pm
KESHAB MAHANTA
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ক’ভিড আক্ৰান্তৰ শৰীৰত ব্লেক ফাংগাছৰ উপস্থিতিৰ আংশকাক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। ব্লেক ফাংগাছৰ বিষয়টো অধ্যয়ন কৰি ৰাজ্য চৰকাৰক প্ৰতিবেদন দিবলৈ ইতিমধ্যে স্বাস্থ্য বিভাগে চিকিৎসা বিশেষজ্ঞক দায়িত্ব অৰ্পণ কৰিছে।

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি বিয়লি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে।
তেওঁ জনোৱা মতে, বিশেষজ্ঞসকলে আজি নিশাৰ ভিতৰতে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব ।

Apply Now

বিশেষজ্ঞৰ প্ৰতিবেদন লাভৰ পাছতে ৰাজ্য চৰকাৰে ব্লেক ফাংগাছ সন্দৰ্ভত যথোচিত কাৰ্যব্যৱস্থাৰ নিৰ্দেশনা জাৰি কৰিব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

বিষয়টোক স্বাস্থ্য বিভাগে যথেষ্ঠ গুৰুত্ব সহকাৰে লৈ নজৰ ৰাখি থকা বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে ব্লেক ফাংগাছক লৈ আতংকিত নহ’বলৈ ৰাইজলৈ আহ্বান জনাইছে। মন্ত্ৰীগৰাকীয়ে ৰাইজক আশ্বস্ত কৰি কয় যে ব্লেক ফাংগাছ কোনো ধৰণৰ সংক্ৰামক ৰোগ নহয়। সেয়ে, ইয়াকলৈ আতংকিত হোৱাৰ পৰিৱৰ্তে জনসাধাৰণক ন্যূনতম সামাজিক দূৰত্ব, মাস্ক ব্যৱহাৰ আৰু সঘনাই চাবোনেৰে হাত ধোৱা বা ছেনিটাইজ কৰাৰ নিয়মসমূহ মানি চলাত সচেষ্ট হৈ ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধত আগভাগ ল’বলৈ অনুৰোধ জনায়।

ৰাজ্যখনৰ অক্সিজেন উৎপাদন সামৰ্থ্য পূৰ্বৰ ৪০ মেট্ৰিক টনৰ পৰা বৰ্তমান ৬৭.১৪ মেট্ৰিক টনলৈ বৃদ্ধি পোৱাৰ লগতে মেডিকেল ব্যৱহাৰযোগ্য তৰল অক্সিজেন মজুতকৰণৰ সামৰ্থ্যও ২৩৯ মেট্ৰিক টনলৈ বৃদ্ধি কৰা হৈছে।

তদুপৰি, অতি কম দিনৰ ভিতৰতে মেডিকেল ব্যৱহাৰযোগ্য তৰল অক্সিজেন মজুতকৰণৰ সামৰ্থ অতিৰিক্ত ৩৪.২ মেট্ৰিক টনলৈ বৃদ্ধি পাব বুলিও মন্ত্ৰী মহন্তই কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীক জানিবলৈ দিয়ে।

আনহাতে, সৰুসজাই ষ্টেডিয়ামত অহা পোন্ধৰ দিনৰ ভিতৰতে ৩০০খন আইচিইউ তথা অক্সিজেনসহ বিচনা সংলগ্ন কৰা, এখন নতুন ক’ভিড চিকিৎসালয় নিৰ্মাণৰ বাবে ইতিমধ্যে ডিআৰডিঅ’ৰ লগত বুজাবুজি চুক্তি সম্পাদন কৰি কাম আৰম্ভ কৰাৰ কথাও ডাঃ হৰ্ষবৰ্ধনক অৱগত কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰকাশ কৰে যে অসমত দৈনিক ১ লাখ লোকৰ ক’ভিড পৰীক্ষণৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ প্ৰতিষেধক প্ৰদানৰ হাৰো বৃদ্ধি কৰা হৈছে। অসমলৈ বৰ্ধিত হাৰত ক’ভিড প্ৰতিষেধক প্ৰেৰণৰ বাবে ভিডিঅ’ কনফাৰেন্সত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীক ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী মহন্তই অনুৰোধ জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd