• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাইলাকান্দিৰ সোণাইত গণপ্ৰহাৰৰ সন্মুখীন হোৱা ৯জনক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 14, 2019 8:41 pm

2 min read

Hailakandi Mob attacks case
494
VIEWS
Share on FacebookShare on Twitter

হাইলাকান্দিৰ সোণাই অঞ্চলত এটা চুৰি ম’হ আনিবলৈ গৈ ভয়ংকৰ গণপ্ৰহাৰৰ সন্মুখীন হোৱা ৯জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে এজন আৰক্ষীৰ লোক।

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত ১২ অক্টোবৰত এওঁলোকক গ্ৰেপ্তাৰ কৰা হয় বুলি হাইলাকান্দিৰ আৰক্ষীৰ এটা সূত্ৰই কয়।

ঘটনাটো ঘটিছিল ১১ অক্টোবৰত আৰু আৰক্ষীকে ধৰি আন কেইবাজনো লোক উত্তেজিত জনতাৰ প্ৰহাৰৰ সন্মুখীন হৈছিল।

আৰক্ষী আৰু চি আৰ পি এফৰ দল উপস্থিত হৈ মুঠ ৯জন লোকক উদ্ধাৰ কৰিছিল আৰু তাৰ মাজৰে ৬জন আৰু আন ৩জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে।

ঘটনাটোত জড়িত আন কেইবাজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰৰ বাবে বিচাৰি ফুৰিছে।

হাইলাকান্দি আৰক্ষী অধীক্ষক পবীন্দ্ৰ কুমাৰৰ ভাষ্যৰে একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ মতে, উক্ত দিনা চুৰি ম’হটো বিচাৰি ৯জন লোক (যাৰ মাজত কৰ্তব্যত নথকা আৰু অসামৰিক পোচাকত থকা আৰক্ষী জোৱানজনো আছিল) হাইলাকান্দিৰ ওচৰৰ বজাৰখনলৈ গৈছিল।

তেওঁলোকে ম’হটো দেখি সেইটো হস্তগত কৰিবলৈ লওঁতেই “ম’হ চোৰ”-এ সোপাধৰা আৰু তেওঁৰ ল’ৰাটো ধৰিবলৈ লৈছে বুলি চিঞৰি-বাখৰ লগায়।

ইয়াৰ পিছতে উত্তেজিত লোকে আটাইকেইজনকে গণপ্ৰহাৰ দিয়ে। ম’হৰ মালিক আৰু ড্ৰাইভাৰ এখন দোকানৰ ভিতৰত সোমাই ছাটাৰখন পেলায় দিয়ে।

কিন্তু ৰাইজে চিৱিল ড্ৰেছত থকা আৰক্ষী জোৱান জামিল আহমেদক ধৰি গণপ্ৰহাৰ দিয়ে। নিজৰ আই কাৰ্ড দেখুৱাইছিল যদিও উত্তেজিত লোকে তালৈ কাণসাৰ নকৰিলে।

ইপিনে ঘটনাৰ খবৰ পাই আৰক্ষী আৰু চি আৰ পি এফৰ এটা বাহিনী লৈ ঘটনাস্থলীত উপস্থিত হয় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, নয়নমণি বৰ্মন, সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত কুমাৰ দাস।

তেওঁলোকে আৰক্ষী জোৱান জামিল আহমেদক উদ্ধাৰ কৰে। কিন্তু দোকানৰ ভিতৰত থকা দুজনক উদ্ধাৰ কৰিবলৈ যাওঁতেই পুনৰ উত্তেজিত হৈ উঠে লোকসকল। উত্তেজিত, উন্মত্ত এই লোকসকলে আৰক্ষী, চি আৰ পি এফ বাহিনীক লক্ষ্য কৰি শিল, ইটা দলিওৱাৰ ফলত আহত আৰক্ষীৰ ১২জন লোককে ধৰি আন বহুকেইজন লোক। উত্তেজিত জনতাৰ সৈতে খণ্ডযুদ্ধ লগাৰ ফলত গুৰুতৰভাৱে আঘাত পায় ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত কুমাৰ দাসে। মুঠতে ৫০-৬০জন লোক আহত হয় ঘটনাটোত।

বৰাক বুলেটিনৰ খবৰমতে, এই অভিযানটোৰ কথা থানাত জনোৱা হোৱা নাছিল। আৰক্ষীয়ে এই সন্দৰ্ভত নিজা ববীয়াকৈ এটা গোচৰ ৰুজু কৰিছিল। গ্ৰেপ্তাৰ হোৱা কেইজনক ম’হ চুৰিৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

উত্তেজিত লোকে জামিল আহমেদৰ ব্যক্তিগত আৰটিগা গাড়ীখন জ্বলাই দিয়াৰ উপৰি ডি এছ পিৰ গাড়ীখনো ভাঙি চূড়মাৰ কৰে।

বৰাক বুলেটিনৰ বাতৰিটো মতে, অঞ্চলটোত ল’ৰা ধৰা ওলোৱা বুলি ইতিপূৰ্বে গুজৱ চলি আছিল সাধাৰণ ৰাইজৰ মাজত।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd