কন্যা হোৱাৰ বাবেই নিজৰ ৯ মহীয়া সন্তানক হত্যা কৰিলে পিতৃ-মাতৃয়ে। কন্যা সন্তানৰ ‘বোজা’ দূৰ কৰিবলৈ গাখীৰত বিহ মিহলাই সন্তানক হত্যা কৰিলে পাষাণ পিতৃ-মাতৃয়ে।
কন্যা হোৱাৰ বাবেই নিজৰ ৯ মহীয়া সন্তানক হত্যা কৰিলে পিতৃ-মাতৃয়ে। কন্যা সন্তানৰ ‘বোজা’ দূৰ কৰিবলৈ গাখীৰত বিহ মিহলাই সন্তানক হত্যা কৰি মাটিত পুতি থ’লে পিতৃ-মাতৃয়ে।
তামিলনাডুৰ ভেল্লোৰত সংঘটিত হৈছে এই ঘটনা। শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পিতৃ-মাতৃ দুয়োকে।
অভিযুক্ত দম্পতীহালক চি জিভা আৰু জে ডায়েনা বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ আন এগৰাকী দুবছৰীয়া কন্যা সন্তান আছে। যোৱা ২৭ আগষ্টত তেওঁলোকৰ দ্বিতীয় কন্যা সন্তানৰ জন্ম হয়।
অভিযোগ অনুসৰি দ্বিতীয় সন্তানটোও ছোৱালী হোৱাৰ বাবে তেওঁলোক হতাশ হৈছিল। সেইবাবেই সন্তানটো হত্যা কৰি চোতালত গোপনে পুতি থয় দুয়োৱে।
ইয়াৰ পিছত ডায়েনাই দেউতাকক ফোন কৰি কয় যে শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু তেওঁৰ মৃত্যু হৈছে। কিন্তু এই কথাত সন্দেহ ওপজাত দেউতাকে চলিত মাহৰ ৪ তাৰিখে স্থানীয় থানাত এজাহাৰ দাখিল কৰে।
অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তকাৰীয়ে অভিযুক্তৰ ঘৰলৈ গৈ গম পায় যে দম্পতীহালে পলায়ন কৰিছে। ঘৰৰ পিছফালে থকা মাটি খান্দি উদ্ধাৰ কৰা হয় শিশুটিক। মৃতদেহটো উদ্ধাৰ কৰি জিলা দণ্ডাধীশৰ উপস্থিতিত শিশুটিৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়।
অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ভেল্লোৰ আৰক্ষীয়ে এটা বিশেষ দল গঠন কৰে। অৱশেষত শনিবাৰে আৰক্ষীৰ হাতত ধৰা পৰে দম্পতীহালক। আৰক্ষীয়ে জনোৱা মতে, তদন্ত অব্যাহত আছে।