উত্তৰ প্ৰদেশৰ গোৰখপুৰত এক অতিশয় জঘন্য আৰু লজ্জাজনক ঘটনা সংঘটিত হৈছে। মাতৃৰ কাষত শুই থকা অৱস্থাৰ পৰাই এটি ৯ মহীয়া শিশুক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ভয়ংকৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ১২ বছৰীয়া এটি কিশোৰক আটক কৰিছে। তদন্তকাৰী বিষয়াসকলে কিশোৰটিৰ পৰা এটা ম’বাইল ফোনো জব্দ কৰিছে।
জানিব পৰা মতে, ঘটনাটি যোৱা শুকুৰবাৰে নিশা সংঘটিত হৈছিল। সেইদিনা নিশা মাতৃগৰাকীয়ে নিজৰ কন্যাক কাষত লৈ শুই আছিল। কিন্তু নিশা প্ৰায় ২ বজাত সাৰ পাই তেওঁ দেখে যে কাষত তেওঁৰ সন্তানটি নাই। লগে লগে পৰিয়ালৰ লোকসকলে নিশাৰ ভাগতেই ওচৰ-পাজৰৰ অঞ্চলত শিশুটিক বিচাৰিবলৈ আৰম্ভ কৰে। অৱশেষত শনিবাৰে পুৱা ঘৰৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰৈৰ এখন পথাৰৰ মাজত থকা এটা টিনৰ ঘৰৰ পৰা তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত শিশুটিক উদ্ধাৰ কৰা হয়। লগে লগে শিশুটিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাত চিকিৎসকসকলে শিশুটিৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হোৱা বুলি নিশ্চিত কৰে।
ঘটনাৰ খবৰ পাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু প্ৰথমতে পৰিয়ালৰ লোকসকলৰ সৈতে কথা পাতে। কথা-বতৰাৰ পিছত আৰক্ষীৰ ১২ বছৰীয়া সেই আত্মীয় কিশোৰটিৰ ওপৰত সন্দেহ হয়। কিশোৰটোৱে মাত্ৰ তিনিদিন পূৰ্বে চণ্ডীগড়ৰ পৰা গোৰখপুৰৰ সেই ঘৰটোলৈ আহিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে কিশোৰটোক আটক কৰি জেৰা কৰে। দেওবাৰে পুৱা জেৰাৰ সময়ত তাৰ কথা-বতৰাবোৰো আৰক্ষীৰ ওচৰত কিছু অসংলগ্ন যেন লাগিছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তাক নিজৰ জিম্মাত লয়।
পিটিআইৰ সূত্ৰ অনুসৰি, পৰৱৰ্তী সময়ত কিশোৰটোৱে আৰক্ষীৰ আগত নিজৰ দোষ স্বীকাৰ কৰে। আৰক্ষীক সি জনোৱা মতে, শুকুৰবাৰে নিশা সি মদ খাইছিল আৰু ম’বাইলত পৰ্ণ ভিডিঅ’ চাইছিল। তাৰ পিছতেই নিশা শুই থকা শিশুটিক সি উঠাই লৈ যায়। তদন্তকাৰীসকলে তাৰ পৰা জব্দ কৰা ম’বাইলটোও পৰীক্ষা কৰি আছে।
সূত্ৰৰ খবৰ অনুসৰি, ম’বাইলটোত ৫০ টাতকৈও অধিক আপত্তিজনক ভিডিঅ’ পোৱা গৈছে আৰু সেই ম’বাইলৰ পৰা বিভিন্ন পৰ্ণগ্ৰাফিক ৱেবছাইটও চোৱা হৈছিল। গোৰখপুৰৰ আৰক্ষী অধীক্ষক নিমেশ পাটিলে জানিবলৈ দিয়া মতে, নিৰ্যাতিত শিশুটি বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে আৰু ঘটনা সন্দৰ্ভত উপযুক্ত আইনগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।





