মানৱ কুলৰ বৰ্বৰতাৰ আন এক নিদৰ্শন আজি দেখিবলৈ পোৱা গ’ল ৰাজ্যত। মানুহৰ বৰ্বৰতাৰ চিকাৰ হৈছে ১০ টাকৈ বন্যপক্ষী।
এই ঘটনা লখিমপুৰৰ ঢকুৱাখনাৰ। প্ৰকাশিত খবৰ অনুসৰি বিষাক্ত দ্ৰব্য দি নিধন কৰা হৈছে বন্যপক্ষীসমূহ।
মৃত গৰু-ম’হৰ ওপৰত বিষাক্ত পদাৰ্থ প্ৰয়োগ কৰি মৰণফাণ্ড পতা হৈছিল বুলি সন্দেহ কৰা হৈছে।
ঢকুৱাখনাৰ ৰঙাবড়ী গাঁৱত সংঘটিত হয় এই ঘটনা। মৃত অৱস্থাত উদ্ধাৰ হৈছে ৮টা হিমালয়ান গ্ৰীফন আৰু এটা স্লেণ্ডাৰ বিল্ড শগুণৰ লগতে এটা চিলনী।
শগুনে ভক্ষণ কৰা মৃত গৰু-ম’হৰ ওপৰত প্ৰয়োগ কৰা বিষাক্ত ডাইক্ল’ফেনাক ছডিয়ামৰ ফলত পক্ষীকেইটাৰ মৃত্যু ঘটা বুলি আশংকা কৰা হৈছে।
ঘটনা সন্দৰ্ভত এইপৰ্যন্ত কোনো লোককে আটক কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে স্থানীয় প্ৰশাসনে।