• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

নিম্ন আদালতে দিয়া মৃত্যুদণ্ডৰ বিৰুদ্ধে ভয়ংকৰ তথ্য, ৯৫ শতাংশ গোচৰৰে নাই সাংবিধানিক বৈধতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2026 9:30 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৫ বৰ্ষত দেশৰ নিম্ন আদালতসমূহে দিয়া মৃত্যুদণ্ডৰ ৰায়দানক লৈ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। হায়দৰাবাদৰ নালছাৰ আইন বিশ্ববিদ্যালয়ৰ স্কোৱাৰ চাৰ্কল ক্লিনিকে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, যোৱা বছৰ বিচাৰ আদালতে দিয়া মৃত্যুদণ্ডৰ ৯৫ শতাংশৰে সাংবিধানিক ভিত্তি দুৰ্বল আছিল। তথ্য মতে, ২০২৫ চনত দেশজুৰি ১২৮ জন ব্যক্তিক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল যদিও ইয়াৰে সৰহভাগ গোচৰতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তথা আইনী সুৰক্ষাৰ চৰ্তসমূহ সঠিকভাৱে পালন কৰা হোৱা নাছিল। বিশেষকৈ ৮৩টা গুৰুত্বপূৰ্ণ গোচৰৰ ভিতৰত ৭৯টা অৰ্থাৎ ৯৫.১৮ শতাংশ গোচৰত সাংবিধানিক নিয়ম উলংঘা হোৱাৰ কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

উচ্চতম ন্যায়ালয়ে ইয়াৰ পূৰ্বে মনোজ বনাম মধ্যপ্ৰদেশ চৰকাৰৰ গোচৰত মৃত্যুদণ্ড প্ৰদানৰ বাবে কিছুমান কঠোৰ নিয়ম আৰু সুৰক্ষা ব্যৱস্থা বান্ধি দিছিল। পৰৱৰ্তী সময়ত ২০২৫ চনৰ আগষ্ট মাহত বসন্ত সম্পাট দুপাৰে বনাম ভাৰত চৰকাৰৰ গোচৰত এই নিয়মসমূহক ন্যায়সংগত বিচাৰৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হয়। কিন্তু প্ৰতিবেদনৰ পৰা স্পষ্ট হৈছে যে নিম্ন আদালতসমূহে এইবোৰ গুৰুত্ব দিয়া নাই। এই গৱেষণাৰ পৰা আৰু দেখা গৈছে যে বিচাৰ আদালতে দিয়া মৃত্যুদণ্ডসমূহৰ মাত্ৰ এটা নগণ্য অংশহে উচ্চ ন্যায়ালয়ত বাহাল থাকে। বাকী বহুতো গোচৰত হয় মৃত্যুদণ্ড ৰদ কৰা হয় নতুবা অভিযুক্তক সম্পূৰ্ণ দোষমুক্ত ঘোষণা কৰা হয়।

Apply Now

যোৱা দহ বছৰৰ তথ্য বিশ্লেষণ কৰিলে দেখা যায় যে উচ্চ ন্যায়ালয়সমূহে পৰ্যবেক্ষণ কৰা ১০৮৫টা মৃত্যুদণ্ডৰ ভিতৰত মাত্ৰ ৯.৭৭ শতাংশহে নিশ্চিত কৰা হৈছিল। ইয়াৰ বিপৰীতে ১৯১টা গোচৰত ৩২৬ জন ব্যক্তিক সম্পূৰ্ণৰূপে মুক্তি দিয়া হৈছিল। অৰ্থাৎ অপৰাধীক দোষমুক্ত কৰাৰ হাৰ মৃত্যুদণ্ড বাহাল ৰখাৰ হাৰতকৈ প্ৰায় চাৰিগুণ বেছি। এই পৰিস্থিতি উচ্চতম ন্যায়ালয়ৰ ক্ষেত্ৰতো একেই। যোৱা তিনিটা বছৰত উচ্চতম ন্যায়ালয়ে এজনৰো মৃত্যুদণ্ড নিশ্চিত কৰা নাই। ২০২৫ চনত উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত লোৱা গোচৰসমূহৰ ৫০ শতাংশতকৈ অধিক লোকক দোষমুক্ত কৰা হৈছে, যিসকলে দীৰ্ঘদিন ধৰি বিনা কাৰণত কাৰাগাৰত চৰম মানসিক যন্ত্ৰণা ভোগ কৰি আছিল।

২০২৫ চনৰ ৩১ ডিচেম্বৰলৈকে দেশত মুঠ ৫৭৪ জন ব্যক্তি মৃত্যুদণ্ডৰ অপেক্ষাৰে কাৰাগাৰত বন্দী হৈ আছে। ২০১৬ চনৰ পিছত এয়া এতিয়ালৈকে সৰ্বাধিক সংখ্যা। স্কোৱাৰ চাৰ্কল ক্লিনিকৰ মতে, নিৰীহ লোকক ভুলকৈ দোষী সাব্যস্ত কৰাটো ভাৰতীয় ন্যায় ব্যৱস্থাৰ বাবে এক গুৰুতৰ সংকট হৈ পৰিছে। প্ৰয়োজনীয় আইনী সুৰক্ষা অবিহনে চৰম শাস্তি প্ৰদান কৰাৰ ফলত নিৰীহ লোক আৰু তেওঁলোকৰ পৰিয়ালে কেৱল দীৰ্ঘদিন ধৰি কাৰাবাস খাটিবলগীয়া হোৱাই নহয়, বৰঞ্চ মৃত্যুৰ দৰে ভয়ংকৰ বোজাও বহন কৰিছে।

প্ৰতিবেদনখনত শেষত সকীয়াই দিয়া হৈছে যে মৃত্যুদণ্ডৰ দৰে চৰম শাস্তিৰ এনে যধে-মধে প্ৰয়োগে দেশৰ ন্যায় ব্যৱস্থাৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্নচিহ্ন থিয় কৰিছে। উচ্চ আদালতসমূহে ইমান বৃহৎ হাৰত নিম্ন আদালতৰ ৰায় সলনি কৰাটোৱে প্ৰমাণ কৰে যে আমাৰ আইনী প্ৰক্ৰিয়া এতিয়া এক গভীৰ সংকটৰ মাজেৰে গতি কৰিছে। নিৰীহ লোক যাতে বলি নহয়, তাৰ বাবে নিম্ন আদালতসমূহে চৰম শাস্তি দিয়াৰ আগতে সাংবিধানিক প্ৰক্ৰিয়াসমূহ অধিক সতৰ্কতাৰে পালন কৰাৰ সময় আহি পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd