• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কা বিৰোধী জাতীয় সংগঠনৰ নেতাক সোধপোচৰ বাবে তলব আৰক্ষীৰ অপৰাধ শাখাৰ

অখিলৰ সৈতে থকা সম্পৰ্ক, ফোনত হোৱা কথা-বতৰা, কা বিৰোধী আন্দোলনৰ সন্দৰ্ভত সোধ-পোচ আৰক্ষীৰ; গুৱাহাটী এৰি যাওঁতে অনুমতি লৈ যাবলৈ তলব কৰা নেতাক নিৰ্দেশ আৰক্ষীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 4, 2020 7:55 pm
ভবেন সন্দিকৈ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কা বিৰোধী জাতীয় সংগঠনৰ নেতাক সোধপোচৰ বাবে আজি তলব কৰে অসম আৰক্ষীৰ অপৰাধ শাখাই।

পানবজাৰস্থিত আৰক্ষীৰ অপৰাধ শাখাত আজিৰ দিনটোত সোধ-পোচৰ বাবে মাতে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অন্যান্য সংগঠনৰ প্ৰায় ১০ গৰাকী নেতাক।

Apply Now

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই নিজাববীয়াকৈ ৰুজু কৰা Crime Branch PS Case No 01/2019,U/S 120(B)/122/123/143/147/148/149/150/152/153/326/333/353IPCত গোচৰত আজি পৃথক পৃথককৈ জেৰাৰ সন্মুখীন হয় অনুসূচিত জাতি যুৱ পৰিষদৰ সভাপতি ৰুবুল দাস, স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি  ভাস্ক’ডি শইকীয়া, কৃষক মুক্তিৰ উপদেষ্টা সুব্ৰত চক্ৰৱৰ্তী, ছাত্ৰ মুক্তিৰ মহানগৰ সমিতিৰ সভাপতি আশ্বিক আলি, পুথি প্ৰকাশক সংস্থাৰ ৰক্তিম ঠাকুৰীয়া, আই আই টি গুৱাহাটীৰ গবেষক ছাত্ৰ হিমালয় বৰাসহ কৃষক মুক্তিৰ মহানগৰ সমিতিৰ বহুকেইজন বিষয়ববীয়া।

অপৰাধ শাখাৰ সহকাৰী আৰক্ষী আয়ুক্ত পুতুল বৈশ্যৰ নেতৃত্বত কেইবাগৰাকী আৰক্ষী বিষয়াই একেলগে জেৰা চলায় নেতাকেইগৰাকীক।

আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ আহি সংবাদ মাধ্যমৰ আগত অনুসূচিত জাতি যুৱ পৰিষদৰ সভাপতি  ৰুবুল দাসে কয় ‘যোৱা ১১ আৰু ১২ ডিচেম্বৰত গুৱাহাটীত যিবোৰ ঘটনা সংঘটিত হৈছিল সেই সন্দৰ্ভত আমাক সোধা-পোচা কৰিবৰ বাবে আজি আমাক মাতি অনা হৈছে। যিমান দূৰলৈকে আমি সহযোগিতা আগবঢ়াব পাৰো আমি আগবঢ়াইছো।’

বিগত সময়ছোৱাত কৃষক নেতা অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যান্য নেতা-কৰ্মীৰ সৈতে যিমানবোৰ টেলিফোনিক বাৰ্তালাপ হৈছিল বা সভা সমিতি অনুষ্ঠিত হৈছিল সেই আটাইবোৰ সন্দৰ্ভত আৰক্ষী অপৰাধ শাখাই সোধা-পোচা কৰা দাসে জানিবলৈ দিয়ে।

‘২০১৫ চনৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত বহুবোৰ প্ৰতিবাদী কাৰ্য্যসূচী কৰা হৈছিল। অসম লোকসেৱা আয়োগৰ বিৰুদ্ধে আন্দোলন কৰি গ্ৰেপ্তাৰ হৈ অখিল গগৈ আৰু কমল মেধিৰ লগত জেইলত থকা সময়ছোৱাৰ সময়ৰ কথা সোধা পোচা কৰিছিল। আন্দোলনৰ পুঁজি ক’ৰ পৰা সংগ্ৰহ হৈছিল বা আন্দোলনৰ সৈতে মাওবাদী বা সশস্ত্ৰ সংগঠনৰ কোনো নেতা জড়িত হৈ আছে নেকি সেই সম্পৰ্কেও অপৰাধ শাখাই সোধা-পোচা কৰে।’ সংবাদ মাধ্যমৰ আগত এইদৰে কয় দাসে।

সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগৰ এইসকল আৰক্ষী বিষয়া কা বিৰোধী আন্দোলনক লৈ যথেষ্ট শংকিত বুলি মন্তব্য কৰি দাসে কয় ‘অখিল গগৈয়ে জেইলৰ পৰা জনোৱা নতুনকৈ গঠিত হ’বলগীয়া ৰাজনৈতিক শক্তি নিঃশেষ কৰিবৰ বাবে তেওঁলোক উঠি-পৰি লাগিছে বুলি অনুভৱ হৈছে। লক্ষণীয় ভাৱে কা বিৰোধী সংগঠনৰ পৰা বাছি বাছি কিছুসংখ্যক সংগঠনৰ নেতা কৰ্মীক তলব কৰিছে।’

‘অসম আৰক্ষী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু আৰ এছ এছৰ পোহনীয়া গুণ্ডালৈ ৰূপান্তৰিত হৈছে।’ তেওঁ লগতে কয়।

তাৎপৰ্যপূৰ্ণভাৱে আৰক্ষীক অৱগত নকৰাকৈ গুৱাহাটী মহানগৰ এৰি নাযাবলৈ তলব কৰা জাতীয় দল সংগঠনৰ নেতৃত্বক নিৰ্দেশ দিছে বুলি দাসে জানিবলৈ দি লগতে কয় ‘মানসিক নিৰ্যাতন চলোৱা হৈছে বুলি ক’ব পাৰি। টেলিফোনৰ কল ৰেকৰ্ড দেখুৱাই আৰক্ষীয়ে আমাক ভয় ভাবুকি দেখুৱাব বিচাৰিছে। আমাক আন্দোলন কৰিব নালাগে, সংগঠন কৰিব নালাগে বুলি তেওঁলোকে ক’ব বিচাৰিছে।’

ইপিনে, কৃষক নেতা অখিল গগৈৰ সৈতে স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈৰ কিমান দিনৰ চিনাকি বা সম্পৰ্ক আছে সেই কথা আৰক্ষীয়ে তেওঁক সোধা বুলি সন্দিকৈয়ে উল্লেখ কৰে।

‘কা বিৰোধী আন্দোলনৰ সময়ত কেনেকৈ সম্পৰ্ক হ’ল? অখিল গগৈৰ লগত কিমান দিনৰ সম্পৰ্ক? ইত্যাদি প্ৰশ্নবোৰ সোধা হৈছিল আৰু আমি জনাই দিছো যে অখিল গগৈৰ সৈতে কটন কলেজত পঢ়াৰে পৰা সম্পৰ্ক আছিল। সেই কাৰণতে তেওঁলোকৰ লগত ফোনত কথা-বতৰা হয় বুলি তেওঁলোকক জনাইছো।’ আৰক্ষীৰ অপৰাধ শাখাৰ জেৰাৰ সন্মুখীন হৈ আহি ভবেন সন্দিকৈয়ে সাংবাদিকৰ আগত এইদৰে কয়।

জানিব পৰা মতে এই গোচৰত ৪০ জনতকৈ অধিক কা বিৰোধী নেতাক তলব কৰিব আৰক্ষীৰ অপৰাধ শাখাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা

ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা

June 14, 2026 8:43 am
FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

June 14, 2026 8:12 am
পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

June 14, 2026 6:45 am
আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা

ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা

June 14, 2026 8:43 am
FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

June 14, 2026 8:12 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd