জাগুন ক্ৰেৰ্চাৰ মিলৰ কৰ্মচাৰী বৈকুণ্ঠৰ সন্দিকৈৰ চাঞ্চল্যলকৰ অপহৰণকাণ্ডৰ আজি ২৩ দিনৰ অন্তত অপহৰণকাৰীয়ে মুক্তি দিয়ে৷
তীব্ৰ উৎকণ্ঠিত হৈ থকা পৰিয়ালবৰ্গ এইক্ষেত্ৰত স্বস্তিৰ নিশ্বাস পেলাইছে৷
যোৱা ১১ ফেব্ৰুৱাৰীতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত দহ মাইল পাৰ্বতিপুৰৰ নিবাসী তৰুণ সন্দিকৈৰ জ্যেষ্ঠ পুত্ৰ বৈকুণ্ঠ সন্দিকৈক(৩২)অসম অৰুণাচল প্ৰদেশ সীমান্ত এলেকা খামডু বস্তিৰ পৰা দিনৰ ভাগত এটা অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত উগ্ৰপন্থী দলে কৰ্মস্থলীৰ পৰা অপহৰণ কৰি লৈ যোৱাৰ সুদীৰ্ঘ ২৩ দিনৰ মূৰত অপহৰণকাৰীয়ে আজি পুৱা ভাগত মুকলি কৰি দিয়ে৷
অপহৃত বৈকুণ্ঠ সন্দিকৈ ডিগবৈ বিৰ্তকিত ব্যৱসায়ী ৰাজু খানৰ জাগুনস্থিত পাথৰ ক্ৰেচাৰ মেচিনত দহ বছৰতকৈ অধিক সময় ধৰি মহৰী হিচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে৷
বৈকুণ্ঠ সন্দিকৈক মুকলিৰ দাবীত পৰিয়ালৰ লগতে স্থানীয় পুৰুষ মহিলাই জাগুনত পথ অৱৰোধ কাৰ্যসূচীৰ লগতে ২৮ ফেব্ৰুৱাৰীত শতাধিক পুৰুষ মহিলাই শিলৰ কুঁৱৰীৰ মালিক ৰাজু খানৰ ডিগবৈস্থিত বাসগৃহত উপস্থিত হৈ ঘৰ ঘেৰাও কৰাৰ লগতে বৈকুণ্ঠ সন্দিকৈক বিনাচৰ্তে মুকলি কৰি দিবলৈ আহবান জনাইছিল৷
অপহৃত বৈকুণ্ঠক উদ্ধাৰৰ বাবে সেনা আৰক্ষীয়ে সমগ্ৰ অঞ্চলত ব্যাপক তালাচী অভিযান অব্যাহত থকাৰ সময়তে আজি পুৱা ৮ মান বজাত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ লুংৰি গাঁৱৰ সমীপৰ এক দুৰ্গম অৰণ্যত বৈকুণ্ঠ সন্দিকৈক অপহৰণকাৰীসকলে মুকলি কৰি দি কয় যে ২ ঘণ্টাৰ পাছত পৰিয়াল বা আৰক্ষীক ফোন যোগে যোগাযোগ কৰিবলৈ৷
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি বৈকুণ্ঠক সুশৰীৰে অপহৰণকাৰীৰ দলটোৱে মুকলি কৰি আঁতৰি যায়৷
অপহৰণকাৰী দলটোৱে মোকলাই দিয়াৰ পিছতেই বৈকুণ্ঠই স্থানীয় আৰক্ষীৰ সৈতে যোগাযোগ কৰাত লেখাপানী আৰক্ষী, জাগুন আৰক্ষী আৰু অৰুণাচল আৰক্ষী উপস্থিত হৈ বৈকুণ্ঠক উদ্ধাৰ কৰি লেখাপানী আৰক্ষী থানাত দিনৰ প্ৰায় ১২.৪৫ বজাত হাজিৰ কৰায়৷
ইয়াৰ পাছতেই বৈকুণ্ঠৰ পৰা অধিক তথ্য আহৰণৰ বাবে সেনা আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখি সন্ধ্য ৭ বজাত জাগুনস্থিত ঘৰলৈ যাবলৈ দিয়ে।
ইপিনে বৈকুণ্ঠক মুকলি কৰি দিয়াৰ আঁৰত এক বৃহৎ অংকৰৰ ধনৰ লেনদেন হোৱাৰ কথা নুই কৰিব নোৱাৰি৷
উল্লেখ্য যে, কোনো উগ্ৰপন্থী সংগঠনে এই অপহৰণকাণ্ডৰ আনুষ্ঠানিক স্বীকাৰ নকৰালৈ চাই নিজৰ ব্যক্তিগত আখেজ পুৰণৰ বাবেও কোনো দুস্কৃতিকাৰীয়ে এনে কৰিছে নেকি বুলি প্ৰশ্ন অৱতাৰণা হৈছে। উল্লেখ্য যে, জাগুন অঞ্চলত এইটো হৈছে পঞ্চমটো অপহৰণ কাণ্ড৷
ইয়াৰ পূৰ্বে আলফা স্বাধীনে জাগুণৰ পৰা অৰুণাভ ফুকন, দীননাথ উৰফে গোপাল উপাধ্যায় আৰু পবিত্ৰ গগৈ, অপূৰ্ব কাকতিক আলফা স্বাধীনে অপহৰণ কৰিছিল।
বিভিন্ন মহলে এই অপহৰণকাণ্ডত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও বৰ্তমানলৈকে আলফা স্বাধীনেও বৈকুণ্ঠৰ অপহৰণৰ দ্বায়িত্ব স্বীকাৰ কৰা নাই৷
অন্যহাতে আকৌ এচাম লোকে ধন দাবীৰ বাবে এই অপহৰণ কাণ্ড সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ কৰে৷
যিহেতু প্ৰতিটো অপহৰণকাণ্ডৰ পিছত প্ৰতিষ্ঠিত শিলৰ ক্ৰেচাৰ মেচিনৰ স্বত্বাধিকাৰী সকলক আলফা স্বাধীনে লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে বুলি সচেতন মহলৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে৷
এক সূত্ৰত দাবী কৰা অনুসৰি বিৰ্তকিত ব্যৱসায়ী ৰাজু খানক প্ৰায় ১ কোটি টকাৰো অধিক দাবী কৰিছিল অপহৰণকাৰীয়ে৷শেষ মুহূৰ্ত্বত প্ৰায় ৫০ লাখ টকাৰ বিনিমিয়ত বৈকুণ্ঠক অপহৰণকাৰীয়ে মুক্তি দিলে বুলি সূত্ৰটোৱে সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষীৰ পৰা অনুষ্ঠানিক বক্তব্য এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই৷
অন্যহাতে আজি লেখাপানী আৰক্ষীয়ে সংবাদমাধ্যমক কোনো কথা আনুষ্ঠানিক ভাৱে জানিবলৈ দিয়া নাই তথা বৈকুণ্ঠকো সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখিবলৈ সুযোগ দিয়া নাই৷
অন্যহাতে বিৰ্তকিত শিল ব্যৱসায়ী ৰাজু খানেও সংবাদ মাধ্যমৰ আগত এই বিষয়ে একো কথা উল্লেখ কৰা নাই।
আজি সন্ধ্য প্ৰায় ৭ বজাত জাগুনস্থিত বাসগৃহত বৈকুণ্ঠ সন্দিকৈ উপস্থিত হোৱাত যথেষ্ট আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। বৈকুণ্ঠৰ অপহৃত হোৱাৰ পাছত বৈকুণ্ঠৰ মাতৃ শাৰীৰিকভাৱে অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হ’ব লগা হৈছিল।