• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিটিচিত আহিছে চুনামি, নৱ শৰণীয়াৰ পাৰ্টীৰ আগত যিয়েই আহক চুৰমাৰ হৈ যাব’

হাগ্ৰামা উৎখাত হ’ব, তেওঁ ফুটা বেলুন, চৰকাৰ গঠন কৰাৰ ক্ষমতা নাই প্ৰমোদ বড়োৰ : নৱ শৰণীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 7, 2020 7:32 pm
IMG_20190820_161139 (2)

দিচপুৰ প্ৰেছ ক্লাৱত শণিবাৰে সংবাদমেলত সাংসদ তথা গণ সুৰক্ষা পাৰ্টিৰ নেতা নব শৰণীয়া। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত বিটিআৰৰ নিৰ্বাচন, তাক লৈ এতিয়া তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হৈছে বিভিন্ন ৰাজনৈতিক দল সংগঠন। বিশেষকৈ বিপিএফ, যুপিপিএল, আৰু জিএছপি নেতৃত্বৰ মাজত কথাৰ কটা-কটি হোৱা দেখিবলৈ পোৱা গৈছে।

শণিবাৰে গুৱাহাটীৰ দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি অবড়ো সাংসদ তথা গণ সুৰক্ষা পাৰ্টী চমুকৈ জিএছপিৰ সভাপতি নৱ শৰণীয়াই হাগ্ৰামা মহিলাৰী আৰু য়ুপিপিএলৰ সভাপতি প্ৰমোদ বড়োক আক্ৰমণৰ লক্ষ্য কৰি লয়।

Apply Now

হাগ্ৰামাক কটাক্ষ কৰি নৱ শৰণীয়াই কয়, ‘হাগ্ৰামা মহিলাৰী এতিয়া ফুটা বেলুন। পাম যিমান ফুৱালেও তেওঁ নুফুলে। আমি এটা কথা নিশ্চিত কৰিছো, তেওঁ বিটিচিত পাম দি থাকিব যদিও পামটো ওলাই গৈ থাকিব। হাগ্ৰামা এতিয়া তাত কোনো ফেক্টৰ নহয়।‘

“এইবাৰ বিটিচিত ছুনামি আহিছে। আমাৰ আগত যিয়েই আহক সকলো চুৰমাৰ হ’ব।” আগন্তুক বিটিআৰৰ নিৰ্বাচনত গণ সুৰক্ষা সমিতি জয়ী হ’ব বুলি দাবী কৰি শৰণীয়াই এইদৰে কয়।

তেওঁ আৰু কয়, ‘হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিপৰায়ন চৰকাৰখনৰ বিষয়ে জনসাধাৰণে গম পাইছে। তেওঁ কৰা বড়ো আৰু অবড়োৰ ৰাজনীতিৰ সময়সীমা শেষ হৈছে। ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতেই হাগ্ৰামাৰ ক্ষমতা চূৰ্ণ হ’ব।”

ইয়াৰোপৰি ‘প্ৰমোদ বড়ো মানুহ হিচাপে ভাল মানুহ।‘ বুলি কয় যদিও তেওঁকো সমালোচনা কৰিবলৈ নেৰে শৰণীয়াই।

‘তেওঁ কিছুমান ভুল কাম কৰিছে। তেওঁ যদি আজি কয় মই আজিৰ পৰা ডকাইত নকৰো, মই বাল্মিকী হ’লো, তথাপি আমাৰ মানুহে বিশ্বাস নকৰে। প্ৰমোদ বড়োৰ মূল উদ্দেশ্য হৈছে বিটিআৰ চুক্তি সফলভাৱে কাৰ্যকৰী কৰা । এই চুক্তি কৰাৰ সময়ত না তেওঁলোকে মোক কিবা সুধিছে না কোনোবা অবড়ো দল সংগঠনক এই সম্পৰ্কে কিবা অৱগত কৰিছে। কোনোধৰণৰ আলোচনাও নকৰিলে, গতিকে তেওঁ সেইটো ডাঙৰ ভুল কৰিলে।‘ বড়োক সমালোচনা কৰি শৰণীয়াই এইদৰে কয়।

শৰণীয়াৰ দাবী ‘প্ৰমোদ বড়োৱে যিমান চেষ্টা নকৰিলেও তেওঁৰ চৰকাৰ বনাবলৈ ক্ষমতা নাই।‘

ইপিনে, বিটিআৰ চুক্তি তেওঁলোকে কেতিয়াও মানি নলয় বুলি মন্তব্য কৰি শৰণীয়াই লগতে কয়, ‘আমি প্ৰথম পৰ্য্যায়ত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিম, পিছৰ পৰ্য্যায়ত মানি নল’লে আইনৰ কাষ চাপিবলৈ বাধ্য হ’ম।‘

আনহাতে, পূৰ্বতে বেলট বক্স বদলোৱাৰ বহু উদাহৰণ আছে বুলি শৰণীয়াই কয়।

‘গতিকে এইবাৰ আমি সজাগ হৈছো। এইবাৰ আমাৰ বিটিএডি আৰ্মী থাকিব আৰু জাতীয় দল-সংগঠনে পহৰা দিয়াৰ ব্যৱস্থা কৰিব যাতে বেলট বক্স সলাব নোৱাৰে।‘ সংবাদমেলত শৰণীয়াৰ মন্তব্য।

আনহাতে, নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত শৰণীয়াই কয় যে আগন্তুক ১০ বা ১২ মাৰ্চৰ ভিতৰত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰা হ’ব তাৰ পাছতে ৪৮ ঘণ্টাৰ ভিতৰতে প্ৰথম তালিকা প্ৰকাশ কৰা হ’ব। এতিয়ালৈ মুঠ ৩০০ত কৈ অধিক প্ৰাৰ্থীয়ে আবেদন জনাইছে।

তেওঁ কয়, “আগন্তুক বিধান সভাৰ নিৰ্বাচনত ৪০ টা সমষ্টিতেই বড়ো-অবড়ো উভয়ে প্ৰাৰ্থী দিব৷ মনোনয়ন দিয়া প্ৰাৰ্থীসমূহে নিৰ্বাচনত ন্যূনতম খৰচ বহন কৰিবও পাৰিবনে নাই সেই সম্পৰ্কেও আমি গুৰুত্ব আৰোপ কৰিম।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

June 14, 2026 6:45 am
আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

June 14, 2026 6:45 am
আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd