• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পকীত দলঙত বাঁহৰ ৰেলিং! মৰণ ফান্দত পৰিণত আমনিৰ ৰাজপথত থকা এখন গুৰুত্বপূৰ্ণ দলং

বাঁহৰ ৰেলিঙেৰে আৱৰা দলংখনেৰে অতি বিপদসংকুলভাৱে নিতৌ যাতায়াত কৰিবলৈ বাধ্য হৈছে উজনি-নামনিৰ লক্ষাধিক যাত্ৰী, নিৰ্বিকাৰ সংশ্লিষ্ট গড়কাপ্তানি বিভাগ, কাণসাৰ নাই মন্ত্ৰী-বিধায়কৰ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
March 12, 2020 9:23 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি মৰণ ফান্দত পৰিণত হৈছে ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ অধীনৰ একাংশ অতি গুৰুত্বপূৰ্ণ পকী দলং।

তাৰেই যেন প্ৰত্যক্ষ প্ৰমাণ দাঙি ধৰিছে নগাঁও জিলাৰ চামগুৰিৰ এখন বিধ্বস্তপ্ৰায় পকী দলঙে।

Apply Now

গড়কাপ্তানি বিভাগৰ চুড়ান্ত হেমাহিৰ বাবে চামগুৰিৰ আমনিৰ মাজেৰে পাৰহৈ যোৱা অতি ব্যস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত থকা পকী যদিও জৰাজীৰ্ণ দলংখনে ভাবুকি কঢ়িয়াই আনিছে পথ চোৱাৰে দিনে-নিশাই যাতায়াত কৰা অজস্ৰ যান-বাহনৰ লগতে লক্ষাধিক যাত্ৰীলৈ।

দ্বিজু নৈৰ ওপৰত থকা দলংখনত পকী ৰেলিংৰ বিপৰীতে বিগত প্ৰায় দুবছৰ ধৰি প্ৰশাসনে লগাই ৰাখিছে কেৱল মাত্ৰ কেইডালমান শুকান বাঁহহে।

যিসমূহ বাঁহ এতিয়া পচি যোৱাত দলংখন ঠায়ে-ঠায়ে ৰেলিং বিহীন হৈ পৰাত অতি বিপদসঙ্কুল হৈ পৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, বিগত বছৰসমূহত পৃথকে পৃথকে বহু কেইটা ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈ দলংখনৰ কেইবাটাও অংশৰ ৰেলিং ভাঙি পেলাইছিল।

বাঁহৰ ৰেলিঙেৰে চলি থকা ৰাষ্ট্ৰীয় ঘাইপথৰ দলংখন

অতদিনে প্ৰশাসন তথা সংশ্লিষ্ট গড়কাপ্তানি বিভাগে বিধ্বস্ত দলংখন মেৰামতি কৰাত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত এতিয়া চুড়ান্ত ভাবে অসন্তুষ্টি ব্যক্ত কৰিছে স্থানীয় ৰাইজ তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ স্থানীয় একাংশ বিষয়ববীয়াই।

চকু মুদা কুলিৰ ভাও ধৰি নিতৌ আমনিৰ বিধ্বস্ত দলংখনৰ ওপৰেৰে পাৰ হৈ থকা ৰাজ্যখনৰ মন্ত্ৰী-বিধায়ক সকলৰ প্ৰতি চুড়ান্ত ভাবে ক্ষোভ উজাৰিছে বৃহত্তৰ অঞ্চলটোৰ সচেতন মহলে।

ইফালে কেৱল ৰেলিং ভগায়ে নহয়, দলংখনৰ সোঁমাজতো সৃষ্টি হৈছে বহু কেইটা গাঁত। যাৰবাবে এতিয়া দ্ৰুতবেগেৰে যান-বাহন অহৰহ চলাচল কৰি থকা দলংখনৰে নিতৌ পাৰ হ’বলৈ শংকিত হৈ পৰা দেখা গৈছে স্কুল-কলেজৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীকে ধৰি পথচাৰী তথা চাইকেল অথবা মটৰ চাইকেল আৰোহী।

শীঘ্ৰে অতি গুৰুত্বপূৰ্ণ ৰাজপথৰ ওপৰত থকা জৰাজীৰ্ণ দলংখনৰ উপযুক্ত মেৰামতি কৰি যাতায়াত উপযোগী কৰি তুলিবলৈ পৰিৱৰ্তনকামী চৰকাৰখনৰ ওচৰত দাবী জনাইছে আটছাৰ স্থানীয় নেতৃবৰ্গই।

অন্যথা আনাগত দিনত আটছাই সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে আমনিৰ ৰাজপথত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd