• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত নলা নিৰ্মাণৰ নামত বহু কোটি টকীয়া ব্যাপক দুৰ্নীতি

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
March 16, 2020 6:58 am
Untitled-1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে শাসনভাৰ গ্ৰহণ কৰাৰ পিছতেই দুৰ্নীতিৰ বিৰুদ্ধে যি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছিল সেয়া যে বৰ্তমান ফুটুকাৰ ফেন হে তাৰ জ্বলন্ত প্ৰমাণ হৈছে মাৰ্ঘেৰিটা নগৰত নিৰ্মাণ হোৱা কোটি টকীয়া নলা প্ৰকল্পৰ কাম৷

মাৰ্ঘেৰিটা চহৰত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত এন এল চি পি আৰ(NLCPR) আঁ‌চনিৰ অধিনত নলা নিৰ্মাণৰ কাম চলি আছে আৰু বৰ্ত্তমান সেই কাম প্ৰায় শেষ পৰ্যায়ত৷

Apply Now

কিন্তু পৰিতাপৰ বিষয় এইয়ে যে- মাৰ্ঘেৰিটা নগৰৰ প্ৰায় ভাগ স্থানতে নিৰ্মাণ হোৱা নলা সমূহৰ আগ ফাল আৰু পিছ ফাল নথকা সম্পূৰ্ণ বিকল নলা৷ অতি ৰহস্য জনক ভাৱে নগৰৰ সদাব্যস্ত এলেকা ভিনিয়াৰ বজাৰতো ঠিক তেনে ধৰণৰ নলায়ে নিৰ্মাণ কৰিছে ঠিকাদাৰে৷

উত্থাপিত অভিযোগ মতে দোকানসমূহৰ সন্মুখত নিৰ্মাণ কৰা নলাৰ ওপৰত আনকি পকী শ্লেপ পৰ্যন্ত ঠিকাদাৰে নিদিয়াৰ কাৰণে বজাৰ খনত দুৰ্ঘটনাৰ সম্ভাৱনা দিনক দিনে বৃদ্ধি পাইছে৷

নিজৰ ব্যৱসায়ৰ প্ৰতি লক্ষ্য ৰাখি কিছু সংখ্যক ব্যৱসায়ীয়ে ব্যক্তিগত প্ৰচেষ্টাত পকী শ্লেপ সমূহ নিৰ্মাণ কৰিছে অন্যহাতে একাংশ ব্যৱসায়ৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত পকী শ্লেপ নিৰ্মাণ কৰি দিয়াৰ নামটো ধন লোৱাৰ অভিযোগ উঠিছে৷

অতি হাস্যকৰ ভাৱে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনেও নাকী লগাব নোৱাৰা একাংশ উদণ্ড বেপাৰীয়ে তেওঁ‌লোকৰ পাচলিৰ সম্ৰাজ্যখন মাজ বাটলৈকে লৈ আনিবলৈও সুবিধা পাইছে কিয়নো তেওঁ‌লোকৰ পিছ ফালে আছে আগ গুৰি নথকা আবৰ্জনাৰে ভৰ পূৰ তথা বিভিন্ন বিজাণুৰে ভৰি থকা এটা নলা৷

এই ন’লা নিৰ্মাণৰ সম্পূৰ্ণ ঠিকা লাভ কৰিছিল গুৱাহাটীৰ “মেচাৰ্চ গঙ্গোত্ৰী এণ্টাৰপ্ৰাইচ“ৰ ভৃগুনাথ শ্বাহ নামৰ এজন ঠিকাদাৰে কিন্তু ৰহস্যজনকভাৱে উক্ত প্ৰকল্পটোৰ ঠিকা কেনেকৈ পৰ্যায়ক্ৰমে আন আন ঠিকাদাৰৰ হাতলৈ গ’ল সেয়াও ৰহস্যজনক৷

ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ আশ্ৰয় লৈ শেহতীয়াকৈ ঠিকাদাৰে আত্মসাৎ কৰিবলৈ চেষ্টা কৰিছে আধৰুৱা কৈ নিৰ্মাণ কৰি থোৱা নলাৰ বিল৷

শেহতীয়াকৈ মাৰ্ঘেৰিটা নগৰ খনৰ জয়ানগৰ অঞ্চলতো আধৰুৱা নলা পুনৰ নিৰ্মাণ কৰি খৰ খেদাকৈ মাৰ্চ মাহৰ ভিতৰতে বিল আত্মসাৎৰ বৃহৎ ফন্দি ইতিমধ্যে আৰম্ভ কৰিছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে৷ অতি পৰিতাপৰ বিষয় যে- ২২ কোটিৰো অধিক টকীয়া ন’লা নিৰ্মাণৰ কামত ঠিকাদাৰে নিম্ন মানদণ্ডৰ সামগ্ৰী যোগান ধৰি চৰকাৰৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো আজিলৈকে বিভাগীয় ভাৱে কোনো ধৰণৰ তদন্ত নোহোৱাত বিষয়টো অধিক ৰহস্যজনক হৈ পৰিছে৷

একাংশ সচেতন ৰাইজে এইক্ষেত্ৰত কমিছনৰ অংকৰে চৰকাৰী ঠিকাদাৰ আৰু বিষয়াৰ বুজা বুজি হোৱাৰ অভিযোগ কৰিছে৷ নিৰ্মাণৰ আৰম্ভণিতেই দুৰ্নীতি, অনিয়ম হোৱাত দুই এক ছাত্ৰ সংগঠনে মাৰ্ঘেৰিটা মহকুমাধিপতিক সেই সময়ত স্মাৰক পত্ৰ প্ৰদান কৰি এই দুৰ্নীতিৰ তদন্ত কৰিবলৈ দাবী জনাইছিল লগতে উক্ত দুৰ্নীতিৰ লগত মাৰ্ঘেৰিটা নগৰ সমিতি জড়িত আছে বুলিও অভিযোগ কৰি সংবাদমেল দিছিল৷

কিন্তু পৰৱৰ্তী সময়ত সকলো ফুটুকাৰ ফেন হ’ল৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সেই সময়ৰ সম্পাদক পাপু দত্তই সংবাদমাধ্যমৰ আগত আন্দোলন কাৰ্যসূচী পৰ্যন্ত ঘোষণা কৰিও আন্দোলন নকৰাকৈ পৰৰ্বতী সময়ত ৰহস্যজনক ভাৱে সকলো বিষয় মৌন হৈ পৰিল আৰু নলা নিৰ্মাণৰ ঠিকাদাৰে চলায় গ’ল ব্যাপক লুণ্ঠণ৷এই দুৰ্নীতিত বিভাগীয় বিষয়া, মাৰ্ঘেৰিটা নগৰ সমিতিৰ বিষয়াও জড়িত থকাৰ বাবে বিভাগ সমূহে নলা নিৰ্মাণৰ কোনো ধৰণৰ তথ্য দিবলৈ সাহস নকৰে বুলি এটা সূত্ৰই অভিযোগ উত্থাপন কৰিছে৷ অন্যহাতে মাৰ্ঘেৰিটাৰ প্ৰায় সংখ্যক দল সংগঠন নেতাৰ মৌণতাই সমগ্ৰ বিষয়টো অধিক ৰহস্যজনক কৰি তুলিছে বুলি সচেতন মহলত বুবু বাঃ বাঃ চলিছে৷ এইক্ষেত্ৰত বিভাগীয় উচ্চ পৰ্য্যয়ৰ এক তদন্ত দাবী তুলিছে সচেতন মহলে৷ তদন্ত কৰিলে নিশ্চিত ভাৱে বৃহৎ নলা কেলেংকাৰিৰে জড়িত ৰৌ বৰালী জালত পৰা সম্ভাৱনা আছে বুলি সূত্ৰত প্ৰকাশ৷

মানস প্ৰতীম গগৈ

মানস প্ৰতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd