আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে কৰ’নাভাইৰাছক লৈ চৰকাৰে লোৱা পদক্ষেপক প্ৰাসংগিক বুলি অভিহিত কৰিছে, কিন্তু ধৰ্মীয় অনুষ্ঠানসমূহ বন্ধ নৰখাৰ পোষকতা কৰিছে।
মহামাৰীবিধক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি সত্ৰাধিকাৰজনে কয় যে প্ৰাৰ্থনাৰ যোগেদিহে দুৰ্যোগবিলাকৰ অৱসান হ’ব পাৰে আৰু সেয়া অতি প্ৰয়োজনীয়।
“এইখিনি সময়ত আমি সকলোৱে সাৱধান হোৱা উচিত৷ চৰকাৰে যিখিনি পদক্ষেপ লৈছে সেয়া অন্ত্যন্ত প্ৰাসংগিক ৷ ইয়াৰ মাজতে আমি এটা কথা কব খোজো ধৰ্মানুষ্ঠানসমূহ বন্ধ কৰিব নালাগে। এইটো কাৰণে যে ধৰ্মানুষ্ঠানসমূহে সদায় ভগৱন্তৰ ওপৰতে বিশ্বাস কৰি প্ৰাৰ্থনা কৰি থাকে৷ প্ৰাৰ্থনাৰ যোগেদিহে দুৰ্যোগবিলাক অৱসান হব পাৰে,” দেৱগোস্বামীয়ে কয়৷
তেওঁ লগতে কয় যে প্ৰাৰ্থনাৰ উদ্দেশ্যই হৈছে কেনেকৈ শান্তি হয়, কেনেকৈ ব্যাধি নাইকিয়া হয়৷
তেওঁ কয় প্ৰাৰ্থনা কৰিব নোৱাৰিলে দুৰ্যোগ নিৰাময়ৰ কাৰণে যিটো সদায় কামনা কৰো সেইটোত ব্যাঘাত জন্মিব৷
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছ সন্দৰ্ভত বৃহস্পতিবাৰে সন্ধিয়া দেশবাসীক সম্বোধন কৰিছে।
প্ৰধান মন্ত্ৰীয়ে দেশবাসীক সংযম ৰক্ষা কৰিব চলিবলৈ আৰু সজাগ হ’বলৈ আহ্বান জনাইছে।
ভাৰত চৰকাৰে ইতিমধ্যে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ আধা সংখ্যকক ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ দিছে।
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত বি আৰু চি গ্ৰুপৰ লোকক এসপ্তাহ এৰি এসপ্তাহ কাৰ্য্যালয়লৈ আহিবলৈ নিৰ্দেশ দিছে।
স্বাস্থ্য মন্ত্ৰ্যালয়ে বুধবাৰে সদৰী কৰা মতে ভাৰতত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৫১ গৰাকীলৈ বৃদ্ধি পাইছে।
দেশত চিনাক্ত হোৱা কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগীৰ ভিতৰত ২৫গৰাকী বিদেশী নাগৰিক।
অসমত বৰ্তমানলৈকে কোনো লোক কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ অহা নাই।
২০১৯ চনৰ শেষৰ ফালে চীনৰ উহান চহৰত এই ৰোগে প্ৰথম দেখা দিছিল। বৰ্তমান গোটেই পৃথিৱীলৈ এই ৰোগ বিয়পি পৰিছে।
কৰ’নাভাইৰাছত এতিয়ালৈকে বিশ্বজুৰি দুই লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে। আঠ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।





