• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশীৰ বিৰুদ্ধে যুঁজ দিবলৈ যোৱা আৰক্ষী কনিষ্টবলৰ জীৱনৰ কৰুণ গাথা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 20, 2020 8:45 am
Najrul Islam

নজৰুল ইছলাম। ফটো : নৰ্থ-ইষ্ট নাও

71.1k
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশীৰ বিৰুদ্ধে যুঁজ দিবলৈ যোৱা নগাঁও পুলিচ ৰিজাৰ্ভত কৰ্মৰত এগৰাকী আৰক্ষী কনিষ্টবলৰ জীৱনৰ কৰুণ গাঁথা পোহৰলৈ আহিছে। তেওঁৰ নাম নজৰুল ইছলাম। তেওঁ বৰ্তমান অতি অসহায় আৰু ন্যায় প্ৰাপ্তিৰ আশাৰে বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে।

উক্ত সংবাদমেলত তেওঁৰ জীৱনৰ দুৰৱস্থা তথা অথন্তৰ বিস্তৃতৰূপত বৰ্ণনা কৰে। তেওঁ কেনেকৈ তেওঁৰ ভূমি কোনে দখল কৰিলে সেই সম্পৰ্কেও সংবাদমেলত সদৰী কৰে।  তলত তেওঁৰ কথাখিনি পাঠক ৰাইজে বুজি পোৱাৰ অৰ্থে অসম্পাদিত ৰূপত উল্লেখ কৰা হ’ল :

কোনে দখল কৰিছিল নজৰুলৰ মাটি?

‘মই ২০০৮ চনত নগাওঁ টাউনৰ এজন লোকৰ পৰা মাটি কিনিছিলো। কিন্তু সেই মাটিখিনি মিঞা হুছেইন নামৰ বাংলাদেশী মূছলমানৰ পৰিয়ালৰ লোকে মোৰ পৰা মাটিখিনি বেআইনীভাৱে দখল কৰি লয়। ২০০৯ চনত দখল কৰা হৈছিল মিঞা হুছেইনৰ পৰিয়ালৰ লোকে দখল কৰিছিল। মুঠ ২ কঠা ১০ লোচা মাটি ক্ৰয় কৰিছিলো আৰু গোটেই মাটিখিনি বেদখল কৰিলে মিঞা হুছেইনৰ পৰিয়ালে।‘

কিয় মিঞা হুছেইনৰ পৰিয়ালে দখল কৰিলে নজৰুলৰ ভূমি?

‘২০০৯ চনত মিঞা হুছেইন পৰিয়ালৰ পাঁচগৰাকী মহিলা ক্ৰমে লতিফুল নেছা, ৰেহেনা খাতুন, জেমিলা খাতুন, জেছমিনা খাতুন আৰু ৰাচিদা খাতুনক সীমান্ত আৰক্ষীয়ে বাংলাদেশী বুলি গ্ৰেপ্তাৰ কৰি আনিছিল। সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধিক্ষকক মহিলাকেইগৰাকীৰ পৰিয়ালে যিখিনি নথি-পত্ৰ দিছিল সেইখিনিৰ ওপৰতো আৰক্ষীৰ সন্দেহ আছিল। সন্দেহ আছিল যদিও স্থানীয় কিছুসংখ্যক লোকে কোৱাৰ পাছত তেওঁলোকক প্ৰকৃত নথি-পত্ৰ দেখুৱাবলৈ তিনিদিনৰ বাবে জামিনত দিছিল। কিন্তু মিঞা হুছেইনৰ পৰিয়ালৰ লোকে ১৫-২০ দিন পাৰ হৈ যোৱাৰ পাছতো বাংলাদেশী মহিলা কেইগৰাকীৰ লগতে প্ৰকৃত পিতৃ-মাতৃক হাজিৰ কৰাব নোৱাৰিলে। পাছত আৰক্ষীয়ে তদন্ত কৰি গম পালে যে পিতৃ বুলি পৰিচয় দিয়া কেইজনে তেওঁলোকৰ জীয়ৰী নহয় বুলি লিখি দিছিল। কিন্তু মিঞা হুছেইনৰ পৰিয়ালৰ লোকে সন্দেহ কৰিলে যে মই তেওঁলোকৰ এই কথা অতিৰিক্ত আৰক্ষী অধিক্ষকক লগাইছো। তাৰ পাছতে তেওঁলোকে মোৰ চিলিঙণি গাওঁৰ সেই মাটিখিনি চলে বলে কৌশলে বেদখল কৰি ল’লে।

 

মাটিখিনি কিয় ঘূৰাই নাপালে নজৰুলে?

‘মই মাটিখিনি দখল কৰিবলৈ হয়বৰগাওঁ থানাৰ আৰক্ষীৰ সৈতে গৈছিলো আৰু খুটি পুতি বেৰ দিবলৈ চেষ্টা কৰি থকাৰ সময়তে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ালৈ ফোন আহিল যে সেই ঠাইৰ পৰা ঘূৰি আহিব লাগে। পাছত মই হয়বৰ থানাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিলো। কিন্তু তেওঁলোকে সকলোকে মেনেজ কৰি ৰখাৰ বাবে আদালততো মই ন্যায় নাপালো।বাংলাদেশী গোচৰটো যেনেকুৱা হ’ল মোৰ মাটিৰ গোচৰটোও একেই হ’ল।

মিঞা হুছেইনৰ পৰিয়ালৰ লোকৰ পৰা কেনেধৰণে নিৰ্য্যাতনৰ সন্মুখীন হৈছিল নজৰুল আৰু তেওঁৰ পৰিয়াল?

মোক সেই অঞ্চলটোত প্ৰৱেশ কৰিবলৈ নিদিয়ে, তেওঁলোকে গুণ্ডাগিৰি কৰে। আনকি ২০১৪ চনত মোৰ মাটিখিনিৰ ৰখীয়া আকবৰ নামৰ ল’ৰাটোৰ মূৰত পিষ্টল থৈ নজৰুল ইছলামক ফোন কৰি মাতি আন নহ’লে গুলিয়াই দিম বুলি ভাবুকি দিছিল। মিঞা হুছেইনৰ নাতি ফাৰুক আৰু হান্নান আৰু বুলবুলে এই ভাবুকি দিছিল। ভাবুকি দিয়াৰ সময়তে আকবৰৰ পত্নীয়ে দেখাত তিনিওজন শূণ্যলৈ গুলি চালনা কৰি পলায়ণ কৰে। মই হয়বৰ গাওঁ থানাত এজাহাৰ দিছিলো যদিও আৰক্ষীয়ে কোনো বিচাৰ নকৰিলে।‘

মিঞা হুছেইনৰ পৰিয়ালৰ লোকে আৰু কেনেধৰণে অত্যাচাৰ চলোৱাৰ অভিযোগ নজৰুলৰ?

‘২০১৮ চনৰ ৬ জুনত মই মোৰ জুৰীয়াৰ গৃহৰ পৰা পুলিছ ৰিজাৰ্ভলৈ বাইকৰে ঘূৰি অহাৰ অৱস্থাত মোক বাংলাদেশী জামেলা খাতুন, নাছিৰ,ফাৰুক আৰু হান্নানে মোৰ বাইকত পাথৰৰে আঘাত কৰে। তেতিয়া মই পৰি যাওঁ। তেতিয়া মোৰ মুখত জামেলা নামৰ মহিলাগৰাকীয়ে কিবা এটা ঔষধ ভৰাই দিয়াত মই অচেতন হৈ পৰো। মোক ওচৰৰে ট্ৰাইবেল গাওঁ এখনত নি পেলাই থৈ আহে বুলি গম পাওঁ। ইয়াৰ পাছত আৰক্ষীয়ে চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ নকৰে কেৱল সোধ-পোচৰ বাবে থানালৈ মাতি আনে। তাৰ পাছত দুজনে নগাওঁ সদৰ থানাত জামিন লাভ কৰিলে আৰু দুজনে নগাওঁ আদালতত জামিন লাভ কৰিলে। আনকি তদন্ত চলি থকা সময়ত মোক সোধ-পোচৰ বাবে আৰক্ষীয়ে এবাৰো নামাতিলে বা সেই গোচৰৰ তদন্তকাৰী বিষয়াৰ নামে নাজানিলো।‘

ইয়াৰোপৰি চলিত বৰ্ষৰ যোৱা ৬ ফেব্ৰুৱাৰীৰ নিশা কোনো দুৰ্বৃত্ত মানে মই সন্দেহ কৰা অনুসৰি মিঞা হুছেইন পৰিয়ালৰ কোনো লোকে মোৰ কোৱাৰ্টাৰৰ ঘৰটো জ্বলাই দিয়ে। ঘৰৰ ইলেক্ট্ৰিক মিটাৰ বক্সত কেৰাচিন ঢালি কাপোৰ মেৰিয়াই জ্বলাই দিয়াৰ লগতে ঘৰটোৰ চাৰিওফালে বস্তাৰে কেৰাচিন দি জুই জ্বলাইছে। পিছত অগ্নি নিৰ্বাপকৰ গাড়ীয়ে জুই নুমুৱালে। পাছত মই নগাওঁ সদৰ থানাত এজাহাৰ দিওঁতে অ’চি চাৰে কাৰেন্টৰ পৰা জুই লগা বুলি উত্তৰ দিলে। যদি কাৰেন্টৰ পৰাই লাগিছিল তেন্তে কেৰাচিনৰ বস্তা ক’ৰ পৰা আহিল? আৰক্ষীয়ে কোনো তদন্ত নকৰিলে।

মিঞা হুছেইন পৰিয়ালৰ ১৭ গৰাকী লোক বাংলাদেশী বুলি চিনাক্ত হৈছিল যদিও কিয় বিদেশী ঘোষিত নহ’ল?

২০১৬ চনত ৰাজ্য চৰকাৰে দুখনকৈ স্ক্ৰিণিং কমিটি প্ৰস্তুত কৰিছিল। এখন ৰাজ্যিক পৰ্য্যায়ৰ আৰু আনখন জিলা পৰ্য্যায়ৰ। জিলা পৰ্য্যায়ৰ স্ক্ৰিনিং কমিটিৰ সভাপতি আছিল সেই সময়ৰ নগাওঁ জিলাৰ উপায়ুক্ত সমশ্বেৰ সিং আৰু সদস্য আছিল আৰক্ষী অধিক্ষক দেৱৰাজ উপাধ্যায়। ২০০৯ চনত মিঞা হুছেইন পৰিয়ালৰ ১৭ জন লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ ৰুজু হৈছিল। সেই গোচৰ নিতুল গগৈ নামৰ সীমান্ত আৰক্ষীৰ বিষয়াজনে ৰুজু কৰিছিল। বিদেশী ন্যায়াধিকৰণত জাল নথি-পত্ৰ দি সেই ১৭ জন লোক বিদেশী নহয় ঘোষিত হ’ল। তাৰ পাছত মই ২০১৪ চনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰিছিলো। তাৰ ভিত্তিতে ইয়াৰ এক উচিত তদন্ত হ’ব লাগে বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰা ৰাজ্য চৰকাৰলৈ এক নিৰ্দেশনা আহিছিল। সেই নিৰ্দেশনাৰ ভিত্তিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে গঠন কৰি দিছিল দুখনকৈ স্ক্ৰিনিং কমিটি। স্ক্ৰিনিং কমিটিয়ে তদন্ত কৰি ১৭ জন লোকৰ গোচৰটো আপীল কৰিবলৈ উচ্চ ন্যায়ালয়লৈ এটা ফাইল প্ৰেৰণ কৰিলে যদিও এতিয়াও গোচৰ কেইটা পেণ্ডিং হৈ আছে। মই উচ্চ ন্যায়ালয়ত এই তথ্য বিচাৰিছিলো যদিও পোৱা নাই, কিন্তু এটা কথা স্পষ্ট যে গোচৰটো উঠা নাই। গোচৰটো উঠাহেঁতেন তেওঁলোকৰ নাম এনআৰচিত নোসোমাল হেঁতেন।‘

মিঞা হুছেইনৰ পৰিয়াল নজৰুলৰ মতে কিয় বাংলাদেশী?

‘মই চিলিঙণিৰ স্থানীয় ৰাইজৰ পৰা মিঞা হুছেইন বিদেশী আছিল বুলি জানিব পাৰি বহুতো তথ্য সংগ্ৰহ কৰিছিলো।  মাটিৰ বিনিময় কৰা যি দলিল সেইখন এতিয়াও মোৰ হাতত আছে। মিঞা হুছেইনে ১৯৬৮ ত ভাৰত ত্যাগ কৰি গুছি গৈছিল। নগাওঁ চাব ৰেজিষ্টাৰ অফিচত টীপ চহী দি হিন্দু পৰিয়াল এটাৰ লগত বিনিময় কৰিছিল। মিঞা হুছেইনে গোস্বামী উপাধিৰ এজন লোকৰ লগত মাটি বিনিময় কৰিছিল। কিন্তু পুনৰ ১৯৭২ ত চৰকাৰৰ অনুমতি নোলোৱাকৈ তেওঁলোক ভাৰতলৈ আহে আৰু চিলিঙণিৰ গোস্বামী উপাধিৰ ১১ টাকৈ পৰিয়ালক দাবী ধমকি দি বলপূৰ্বকভাৱে মাটি বেদখল কৰিলে। যদি বিদেশী চিনাক্তকৰণৰ বৰ্ষ ১৯৭১ হয় তেন্তে তেওঁলোক নিশ্চয়কৈ তেওঁলোক বাংলাদেশী।‘

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ কি আহ্বান ভুক্তভোগী নজৰুলৰ?

‘কাইলৈ ৰাতি ৭ বজালৈকে অপেক্ষা কৰিম মুখ্য মন্ত্ৰীয়ে এই গোচৰৰ তদন্তৰ নিৰ্দেশ দিয়ে নে নাই চাম। যেতিয়ালৈকে উচ্চ পৰ্য্যায়ৰ তদন্ত নহ’ব তেতিয়ালৈকে অবৈধ বাংলাদেশীয়ে মাটি দখল কৰা গোস্বামীৰ পৰিয়ালৰ লোকখিনিয়ে বা মই ন্যায় নাপাম।‘

উল্লেখযোগ্য যে, নজৰুলে মাটিখিনি ক্ৰয় কৰাৰ পাছত আজি পৰ্য্যন্ত ধনৰ অভাৱত বেংকৰ ঋণ পৰিশোধ কৰিব পৰা নাই। যাৰ বাবে হতাশাত ভুগিছে নজৰুল। আৰু যোৱা বৰ্ষৰ জুন মাহত তেওঁ সাংবাদিকক মাতি আনি কেমেৰাৰ সন্মুখত দিঘলী পুখুৰীত জপিয়াই আত্মহত্যা কৰাৰ অপচেষ্টা চলাইছিল। অৱশ্যে আৰক্ষী উপস্থিত হৈ নজৰুলক ৰক্ষা কৰিছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd