• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ক’ৰ’না ভাইৰাছঃ মীথ বনাম বৈজ্ঞানিক সত্য

কমলনয়ন মিশ্ৰ by কমলনয়ন মিশ্ৰ
March 23, 2020 7:19 am
What are the four stages of COVID19?

প্ৰতিনিধিত্বমূলক ছবি

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনতা কাৰ্ফিউৰ শেষত ৰাইজৰ অদ্ভুত উল্লাসে কিবা যেন এটা ভয়ংকৰ বিপদৰ আগ জাননী দিছে ।

ক’ৰ’ণা ভাইৰাছৰ আৰত থকা চীনা ষড়যন্ত্ৰৰ কথা ধুমুহাৰ গতিত চলি আছে। ৰাতিপুৱাৰে পৰা ৱাটছএপত অহা কেইবাটাও মেছেজত উল্লেখ কৰা হৈছে The eyes of darkness নামৰ 1981 চনত প্ৰকাশিত এখন থ্ৰিলাৰ উপন্যাসৰ কথা। দৰাচলতে উপন্যাসখনৰ 1996 চনত প্ৰকাশিত এটি সংস্কৰণতহে Wuhan 400 নামৰ চীনা বৈজ্ঞানিকৰ দ্বাৰা সৃষ্ট এবিধ জীৱননাশক ভাইৰাছৰ বিষয়ে উল্লেখ আছে। আনহাতে 1981 চনৰ সংস্কৰণটিত গৰ্কি ৰ নামেৰে ৰাছিয়াত নিৰ্মিত অন্য এটি ভাইৰাছৰ কথাহে Google books ৰ ইন্টাৰনেট সংস্কৰণত উল্লেখ আছে। যি নহওক য়ুহানৰ নামযুক্ত এই কল্পকাহিনীৰ ভাইৰাছটোৱে প্ৰকৃততে য়ুহান প্ৰদেশৰ পৰা বিয়পা ক’ৰ’ণা ভাইৰাছ বুলি বহু মানুহ ইতিমধ্যে পতিয়ন গৈছে। ইতিমধ্যে দিল্লীৰ দৰে ঠাইত মংগোলীয় মুখাৱয়বৰ উঃপূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীক ক’ৰ’ণা ভাইৰাছৰ সৈতে তুলনা কৰাৰ দৰে ভয়ংকৰ জেন’ফ’বিক ঘৃণাজড়িত ঘটনাৰ সূত্ৰপাত হৈছে। নিজৰ বিবেক খটুৱাই চিন্তা কৰিব নোখোজা সকলৰ ক্ষেত্ৰত এই দুখৰ সময়তো নিজে অন্ধভাৱে সত্য বুলি ভবা কথা এটিৰ সমৰ্থণত ৱাটছএপৰ দ্বাৰা ‘অকাট্য প্ৰমাণ’ গোটোৱাৰ হয়তো মজাই বেলেগ!

Apply Now

ক’ৰ’ণা ভাইৰাছৰ সৈতে য়ুহান-400 ৰ পাৰ্থক্য অনেক। ক’ৰণাৰ বিপৰীতে কাহিনীত উল্লেখিত মানৱ নিৰ্মিত য়ুহান -400 নামৰ কল্পিত ভাইৰাছ বিধ বহু বেছি ভয়ংকৰ, যাৰ আক্ৰমণৰ পৰা কোনেও বাচিব নোৱাৰে । দুই, ক’ৰণা ভাইৰাছৰ লক্ষণবোৰ কমেও 2 পৰা 14 দিনৰ ভিতৰত দেখা দিয়াৰ বিপৰীতে য়ুহান-400 ৰ ক্ষেত্ৰত এই সময় মাত্ৰ 4 ঘন্টা। অৰ্থাৎ কিতাপখনত বৰ্ণিত জৈৱিক অস্ত্ৰ আৰু য়ুহান প্ৰদেশৰ পৰা সংক্ৰমিত ক’ৰ’ণা ভাইৰাছৰ মাজৰ সম্পৰ্ক একেবাৰে কাকতালীয়। ক’ৰ’ণাৰ দৰে ভাইৰাছ (SARS COV-2) কিদৰে পূৰ্বৰ কোনো ভাইৰাছৰ জিনীয় পদাৰ্থৰ পৰিৱৰ্তন ঘটি সৃষ্টি হ’ব পৰা এক বিপদজনক, নতুন ভাইৰাছ এই সম্পৰ্কে সচেতনতাৰ অভাৱৰ বাবেই একোটা কল্পকাহিনী হঠাৎ ‘বিখ্যাত’ হৈ পৰিছে, অথবা ইচ্ছাকৃত ভাৱেই তাক ‘ভাইৰেল’ কৰা হৈছে।

COVID 19 সৃষ্টিকাৰী SARS -COV2 নামৰ ক’ৰ’ণা ভাইৰাছ বিধ যে হঠাৎ প্ৰাকৃতিক নিৰ্বাচন আৰু বিৱৰ্তনৰ ফলতহে উদ্ভুত, সেই কথাটো বুজা দৰকাৰ। মানৱজাতিৰ সন্মুখলৈ অহা এই আচম্বিত দুৰ্যোগে এই ধৰণৰ ভাইৰাছৰ ওপৰত হোৱা শেহতীয়া বহু গৱেষণাৰ বিষয়ে জ্ঞান লাভ কৰাৰ সুযোগ এটিও সৃষ্টি কৰিছে। এনে জ্ঞানৰ প্ৰসাৰে বহু উৰা বাতৰি, ভুৱা দৰৱৰ বাতৰিয়ে গঢ় দিয়া স্বয়ম্ভু সৰ্বজান্তাৰ মানসিকতাক অথবা অহমিকা সূলভ অৱহেলাৰ মনোভাৱক জয় কৰিবলৈ প্ৰেৰণা যোগাব। প্ৰকৃত গৱেষণাৰ প্ৰতি নিষ্পৃহ, নিৰ্বিকাৰ বহু শিক্ষিত মানুহে ‘বিজ্ঞান’ৰ শব্দ আৰু ভাষাত কোৱা ভুৱা ৰাজনৈতিক প্ৰপাগণ্ডাৰ স্বীকাৰ হয়। তাৰ ফলত কেতিয়াবা হাততালিৰ শব্দ, কাঁহি বাতিৰ শব্দই ভাইৰাছৰ ‘শৃংখল’ ধ্বংস কৰিব বুলি ভবা অদ্ভুত মানসিকতাও ৰোগ সদৃশ হৈ চৌদিশে বিয়পি পৰে ।

গৱেষণাগাৰত নতুন ভাইৰাছ সৃষ্টি কৰাটো যেনিবা অসম্ভৱ নহয়, কিন্তু SARS-COV 2 ভাইৰাছ বিধে মানৱ দেহত সংক্ৰমিত হোৱাৰ পিছতহে এনে কিছু জৈৱৰাসায়নিক ধৰ্ম আয়ত্ত্ব কৰিছে যাৰ ফলত ই পূৰ্বৰ SARS-COV অথবা MERS-COV আদিৰ দৰে ভাইৰাছৰ তুলনাত অধিক শক্তিশালী হৈ উঠিছে। সেইবাবে হয়তো ইয়াক Novel আখ্যা দিয়া হৈছে। ই জীৱবিজ্ঞানৰ দুটি মৌলিক সূত্ৰ অভিযোজন(Adaptation) আৰু প্ৰাকৃতিক নিৰ্বাচন(Natural Selection) ৰ নিয়ম অনুসাৰেই অতিশয় বলীয়ান হৈ উঠিছে।

The Proximal Origin of SARS-COV-2 শীৰ্ষক Nature ত প্ৰকাশিত বহুল পঠিত গৱেষণা পত্ৰখনে আমাক ক’ৰ’ণা ভাইৰাছৰ বিষয়ে এনে বহু কথাৰ সম্ভেদ দিছে। এই গৱেষণাত প্ৰকাশিত দুই এটি তথ্যৰ বিষয়ে ক’ব খুজিছোঁ।

ক’ৰ’ণা ভাইৰাছৰ পৰিয়ালটোৰ আটাইবোৰেই RNA জিনীয় পদাৰ্থ যুক্ত। RNA ৰাসায়নিক ভাৱে অস্থিৰ বাবেই ইয়াত ঘটা পৰিৱৰ্তনৰ হাৰ অধিক ক্ষিপ্ৰ। অদূৰ ভৱিষ্যতেও RNA ত ঘটা পৰিৱৰ্তনৰ ফলতেই নতুন বিপদজনক ভাইৰাছৰ সৃষ্টি হোৱাৰ সম্ভাৱনা অতি প্ৰবল। তাৰ বিপৰীতে, সকলো কোষতেই থকা সুস্থিৰ DNA ত ঘটা পৰিৱৰ্তনৰ মাত্ৰা অতিশয় নগন্য। ক’ৰ’ণা ভাইৰাছে ইয়াৰ RNA ৰ পৰা ই আক্ৰমণ কৰা প্ৰাণীৰ (মানুহ, বাদূলি, বনৰৌ ইত্যাদি) কোষত ইয়াৰ নিজস্ব প্ৰ’টিন সৃষ্টি কৰে, এই প্ৰ’টিনে ভাইৰাছটোৰ বাহিৰৰ অতি পাতল খোলা(envelope)টো গঠন কৰে। ক’ৰণা ভাইৰাছৰ খোলাৰ পৰা বাহিৰলৈ ওলাই থকা মুকুতা সদৃশ(crown like, যিটো শব্দৰ পৰাই Corona নামটিৰ উদ্ভৱ হৈছে) এবিধ বিশেষ spike protein পোৱা যায়। ঘূৰণীয়া আকৃতিৰ খোলাটোত কেতবোৰ সৰু সৰু থূপৰ দৰে spike protein বোৰ সজ্জিত হৈ থাকে। এই প্ৰ’টিনবোৰ সাধাৰণতে এমিন’ এছিডেৰে গঠিত যদিও এনেবোৰ এমিন’ এছিডৰ সৈতে কেতবোৰ নিৰ্দিষ্ট স্থানত glycan ৰ দৰে বহু শৰ্কৰাও যুক্ত হয়। অৰ্থাৎ আমি ক’ব পাৰো যে ভাইৰাছটোৱে বহুশৰ্কৰা যুক্ত spike protein বোৰৰ সহায়ত অতি নিখুঁত ভাৱে আমাৰ দেহৰ কোষৰ আৱৰণৰ সৈতে যুক্ত হৈ পৰে। এই যুক্ত হৈ পৰা প্ৰক্ৰিয়াটোৰ জৈৱ ৰসায়নক ঠিক মতে বুজি উঠিলেই আমি গম পাম, Nature পত্ৰিকাৰ গৱেষক সকলে কিয় SARS -COV-2 ভাইৰাছ বিধ অতি শেহতীয়াভাৱে ডাৰউনীয় প্ৰাকৃতিক নিৰ্বাচনৰ ফলত সৃষ্টি হোৱা এবিধ নতুন ভাইৰাছ বুলি প্ৰায় নিশ্চিত কৰিছে।

১. আমি ইতিমধ্যেই উল্লেখ কৰি অহা Spike প্ৰ’টিনৰ এটা অতি সংবেদনশীল অংশ হৈছে Receptor Binding domain (RBD), এই অংশটোৰ সহায়ত প্ৰ’টিন বিধে আমাৰ কোষৰ আৱৰণত থকা এবিধ বিশেষ receptor অণুৰ সৈতে যুক্ত হৈ পৰে। অথচ সাধাৰণ অৱস্থাত এই receptor টোৱে ACE (Angiotensin Converting Enzyme) নামৰ উৎসেচক বিধৰ সৈতেহে যুক্ত হ’ব পাৰে। প্ৰমাণিত হৈছে যে বাদূলীৰ ক্ষেত্ৰত পোৱা ক’ৰ’ণা ভাইৰাছতকৈ( SARS-COV) মানুহৰ দেহত সংক্ৰমিত ক’ৰ’ণা ভাইৰাছৰ এই RBD অংশত থকা এমিন’ এছিড সমূহ কিছু ভিন্ন। কিন্তু বনৰৌত পোৱা ভাইৰাছৰ সৈতে এই RBD অংশটো প্ৰায় একেই। অৰ্থাৎ যি ভিন্নতাই ভাইৰাছ বিধক অতি শক্তিশালী ৰূপত মানুহৰ কোষ আৱৰণৰ সৈতে যুক্ত হোৱাৰ সামৰ্থ্য প্ৰদান কৰিছে, সেই ভিন্নতা সৃষ্টি হৈছে তাৰ RNA আৰু প্ৰ’টিনত সৃষ্টি হোৱা পৰিৱৰ্তনৰ ফলস্বৰূপে। এই পৰিৱৰ্তনৰ আৰত বিজ্ঞানীসকলে ভাইৰাছ বিধৰ মানুহৰ দেহত ঘটা অভিযোজন আৰু প্ৰাকৃতিক নিৰ্বাচনক দুটা মুখ্য কাৰক ৰূপে অভিহিত কৰিছে।
২. পূৰ্বৰ SARS-COV অথবা MERS-COV আদিৰ দৰে ভাইৰাছত নথকা এবিধ অন্য বৈশিষ্ট্যই SARS-COV-2 ক অধিক ভয়াৱহ কৰি তুলিছে। spike প্ৰ’টিনত হোৱা এমিন’ এছিডৰ পৰিৱৰ্তনে অন্য এটি নতুন অংশৰো সৃষ্টি কৰিছে, যি অংশৰ কেইবাটাও স্থানত আমাৰ শৰীৰত থকা furin ৰ দৰে উৎসেচকে বা enzyme য়ে অতি সহজেই ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা ছেদন কৰিবলৈ সক্ষম। ছেদনৰ লগে লগেই এমিন’ এছিডৰ একোটা প্ৰান্ত(Terminal) মুকলি হৈ পৰিব। মুকলি হোৱা এমিন’ এছিডৰ প্ৰান্তৰ সহায়ত ভাইৰাছৰ spike প্ৰ’টিনে দুগুণ শক্তিৰে আমাৰ কোষৰ ভিতৰত থকা endosome নামৰ অংগানুৰ ভিতৰত প্ৰবেশ কৰিব পাৰে আৰু লাহে লাহে ৰোগৰ লক্ষণ বোৰো আৰম্ভ হয়। Furin উৎসেচকৰ দ্বাৰা ছেদিত এই অংশটোক বহু ক্ষাৰকীয় ভংগন স্থান(Poly basic cleavage site,PBCS) বোলা হৈছে। ইতিমধ্যে গৱেষণাৰ পৰা প্ৰমাণিত হৈছিল যে চৰাইৰ দেহত পোৱা সাধাৰণ ফ্লু ভাইৰাছেও যদি এই PBCS অংশ কিবাকৈ অৰ্জন কৰিবলৈ সক্ষম হয়, তেন্তে সিও এটা সময়ত ঘাতক হৈ উঠিব পাৰে। পোন প্ৰথমবাৰৰ বাবে মানৱ দেহত প্ৰৱেশ কৰাৰ পিছত নিষ্ক্ৰিয় অৱস্থাতেই হয়তো ক্ৰমাগত পৰিৱৰ্তনৰ ফলস্বৰূপে এই PBCS অংশটো ভাইৰাছে অৰ্জন কৰিছিল, আৰু পিছত এই অংশটোৰ বলতেই দ্ৰুত গতিত সি বিস্তাৰিত হৈ পৰিছিল। উল্লেখ্য যে এই অংশটোৰ উপস্থিতি ২০০৫ চনত দেখা দিয়া নিগনিৰ দেহৰ পৰা সংক্ৰমিত HKU1 নামৰ অন্য এবিধ ক’ৰ’ণা ভাইৰাছতো পোৱা গৈছিল।
৩. Spike প্ৰ’টিনৰ সৈতে যুক্ত বহু শৰ্কৰা glycan ৰ কথা কোৱা হৈছে। গ্লাইকেনৰ উপস্থিতিৰ বাবেই ক’ৰ’ণা ভাইৰাছে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা, বিশেষকৈ এন্টিবডি বা অন্যান্য উপাদানক অতি সহজেই অতিক্ৰম কৰিব পাৰে। এই সম্পৰ্কে আৰু গৱেষণাৰ থল আছে।
ওপৰোক্ত আলোচনাৰ পৰা এয়া প্ৰতীয়মান হৈছে যে SARS -COV-2 ভাইৰাছ বিধৰ বিৰুদ্ধে মানৱজাতিৰ এই মহাযুদ্ধৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে — ভাইৰাছটোৰ ওপৰত চলি থকা বিস্তৰ আৰু নিৰৱিচ্ছিন্ন গৱেষণা। এই গৱেষণাই ভাইৰাছ বিধক প্ৰতিৰোধ কৰিব পৰা নতুন ঔষধ, ভেকচিন আদিৰ নিৰ্মাণো সম্ভৱ কৰি তুলিব। এই সংকটৰ মুহূৰ্তত আমি গৱেষকসকলৰ অৱদানৰ বিষয়ে কিছু অৱগত হৈ নিজৰ লগতে প্ৰৱল আত্মবিশ্বাসেৰে আনকো সজাগ আৰু সচেতন কৰিব লাগিব।

কমলনয়ন মিশ্ৰ

কমলনয়ন মিশ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd