প্ৰধান মন্ত্ৰীয়ে ২৪ মাৰ্চত ক’ৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশত ল’কডাউন ঘোষণা কৰাৰ পাছত ভাৰতৰ লগতে ৰাজ্যৰ বহু সাধাৰণ মানুহ বিপদত পৰিছে।
এই সময়ত অসমত মহানুভৱতাৰ পৰিচয় দিছে এজন ব্যক্তিয়ে ৷ সাধৰণ হলেও ব্যক্তিজনে এক অসাধৰণ মানৱহিতকৰ কাম কৰি দেখুৱাইছে ৷
মহানগৰীৰ ৰাজপথৰ ফুটপাথত বাস কৰা অঘৰী লোক সকলৰ বাবে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত প্ৰত্যেক দিনে খাদ্যৰ যোগান ধৰি আহিছে তুলতুল কছাৰী নামৰ এজন ব্যৱসায়ীয়ে।
আজি বৃহস্পতিবাৰে তেওঁ গনেশগুৰিৰ পৰা উলুবাৰীলৈ পদপথত থকা প্ৰতিজন অঘৰী লোকক আহাৰ প্ৰদান কৰে ৷
প্ৰায় ৭০ ৰ পৰা ৮০ গৰাকী মানুহক খাদ্য বিতৰণ কৰে ফুটপাথত ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰা কছাৰীয়ে।
যি সময় ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে সেই সময়ত তুলতুল কছাৰীয়ে মানৱ সেৱাৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে।
ল’কডাউনৰ পাছত জৰুৰীকালীন সেৱা সমূহৰ বাদে ৰাজপথত কোনো পথচাৰী নাই, দোকান -পোহাৰ সমূহো প্ৰায় বন্ধ হৈ আছে ৷ ফুটপাথত বাস কৰা লোক সকলে এনে সময়ত ভিক্ষা কৰিবলৈও কোনো স্থান পোৱা নাই যাৰ ফলত তেওঁলোকে অনাহাৰে দিন কটাবলগীয়া হৈছে ৷
‘‘মই পদাচাৰী সকলক খাদ্য যোগান ধৰাৰ আগত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ সম্বন্ধেও সজাগতা অৱলম্বন কৰিবলৈ চৰকাৰে দিয়া নিৰ্দেশনাৱলী সমূহ পালন কৰিবলৈ অনুৰোধ কৰিছো,’’ তুলতুল কছাৰীয়ে আমাৰ সাংবাদিকৰ আগত জনায়।
তদুপৰি, পদপথত বাসকৰা বহু কেইগৰাকী অঘৰী লোকে ৩-৪ দিন পৰ্য্যন্ত লঘোণে থকাৰ কথাও তেওঁ ব্যক্ত কৰে।
উল্লেখযোগ্য যে, তুলতুল কছাৰীয়ে খাদ্যৰ লগতে মাস্ক আৰু চেনিটাইজাৰো বিতৰণ কৰাৰ কথা ভাবিছিল যদিও বজাৰত সহজলভ্য নহোৱা বাবে উক্ত সামগ্ৰী কেইপদ তেওঁ বিতৰণ কৰিব নোৱাৰিলে বুলি দুখ ব্যক্ত কৰি ভবিষ্যতে যদি সহজলভ্য হয় বিতৰণৰ ব্যৱস্থা কৰিব বুলি কয়।
পদপথত বাস কৰা লোক সকলক খাদ্য সামগ্ৰী বিতৰণৰ সময়ত কছাৰীক দোকানৰ কৰ্মচাৰী সকলে সহযোগ কৰে।