কৰ’নাৰ সৰ্বাধিক পজিটিভ ঘটনাৰ ক্ষেত্ৰত আমেৰিকা প্ৰথম স্থানত উপনীত হৈছে। নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি, আমেৰিকাত কৰ’না আক্ৰান্তৰ সংখ্যা ৮১,৩২১ জনলৈ বৃদ্ধি পাইছে।
প্ৰায় ৩৩কোটি জনসংখ্যাৰ দেশ আমেৰিকাই কৰ’না ভাইৰাছ আক্ৰান্তৰ ক্ষেত্ৰত চীন আৰু ইটালীকো অতিক্ৰম কৰিছে।
ইটালীত এতিয়ালৈকে ৮০,৫৩৯ আৰু চীনত ৮১,২৮৫জনৰ কৰ’না পজিটিভৰ ঘটনা পোহৰলৈ আহিছে।
কৰ’না নিউয়ৰ্কত সাংঘাতিকভাৱে বিয়পি পৰিছে। চহৰখনৰ বিশাল কনভেনশ্যন চেন্টাৰক হাস্পাতললৈ সলনি কৰা হৈছে। ৩৫০জনতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।
য়ুৰোপৰ স্পেইনত কৰ’নাৰ সংক্ৰমম আটাইতকৈ বেছি বিয়পিছে।
যোৱা বছৰৰ শেহৰ ফালে চীনত আৰম্ভ হোৱা কৰ’না ভাইৰাছৰ সংক্ৰমণ গোটেই বিশ্বতে বিয়পি পৰিছে।
বৃহস্পতিবাৰে গোটেই বিশ্বতে কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা পাঁচ লাখৰ ওচৰ পাইছে।
ইয়াৰ মাজতে ৩৩ লাখ আমেৰিকানে এক সপ্তাহৰ ভিতৰত নিবনুৱা ভাট্টাৰ বাবে আবেদন কৰিছে। ইয়াৰ পৰাই বিশ্বৰ শক্তিশালী অৰ্থনীতিৰ ক্ষতিৰ উমান পাব পাৰি।
এই ৰোগৰ বাবে য়ুৰোপ আৰু নিউয়ৰ্কৰ স্বাস্থ্যসেৱা জটিল সন্ধিক্ষণত উপস্থিত হৈছে। আমেৰিকাত ব্যৱসায়ী, হাস্পাতল আৰু সাধাৰণ নাগৰিকক সহায় কৰাৰ বাবে ২,২০০ আৰৱ ডলাৰৰ আৰ্থিক পেকেজত অনুমোদন জনোৱা হৈছে।
উক্ত আঁচনিৰ অধীনত বয়স্ক লোকসকলক ১,২০০ ডলাৰ আৰু শিশুৰ বাবে ৫০০ ডলাৰ আগবঢ়োৱা হ’ব।
গোটেই বিশ্বতে কৰ’না ভাইৰাছৰ ফলত ২২,০০০তকৈয়ো অধিক লোকৰ মৃত্যু ঘটিছে।