ৰাজস্থানৰ জয়পুৰৰ এটা পৰিয়ালৰ ১১ জনকৈ লোক আক্ৰান্ত হৈছে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ দ্বাৰা।
যোৱা ১২ মাৰ্চত ওমানৰ পৰা আহি দিল্লী বিমান বন্দৰত উপস্থিত হৈছিল জয়পুৰৰ ৰামগঞ্জৰ ৪৫ বছৰীয়া এজন ব্যৱসায়ী।
লোকজনে ওমানৰ পৰা আহি গৃহ চহৰৰ এজন বন্ধুৰ সৈতে বজাৰ সমাৰ কৰি বন্ধুজনৰ ঘৰত এটা নিশা কটাইছিল।
লোকজনৰ শৰীৰৰ নমুনা পৰীক্ষা কৰাৰ পিছত তেওঁ ক’ৰ’নাত আক্ৰান্ত বুলি নিশ্চিত কৰা হয়।
লোকজনক আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে পৰিয়ালৰ লোকসকলৰ লগতে তেওঁৰ বন্ধুজনৰো শৰীৰৰ নমুনা পৰীক্ষা কৰা হয়।
লোকজনৰ পৰিয়ালৰ ১০ জন লোকৰ লগতে বন্ধুজনৰ শৰীৰতো COVID19 পজিটিভ পোৱা গৈছে।
আনহাতে জয়পুৰ চহৰত এতিয়ালৈকে মুঠ ২১ জন আক্ৰান্ত লোকক চিনাক্ত কৰা হৈছে।
ইয়াৰ পিছতে সমগ্ৰ জয়পুৰ চহৰখনত সান্ধ্য আইন জাৰি কৰিছে স্থানীয় প্ৰশাসনে।
‘মানুহজন ওমানৰ পৰা অহাৰ পিছত তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী লৈ তেওঁক হোম-কোৱাৰাণ্টেইন কৰা হৈছিল। কিন্তু লোকজনে সেয়া মানি চলা নাছিল।’ এইদৰে কয় অতিৰিক্ত মুখ্য স্বাস্থ্য সচিব ৰোহিত কুমাৰ সিঙে।
স্বাস্থ্য বিভাগৰ মতে ওমানৰ পৰা ওভতি অহাৰ পিছত লোকজনে কমপক্ষেও ৫৩ জন লোকক লগ কৰিছিল।
জয়পুৰৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ নৰোত্তম শৰ্মাই কয় যে, ‘লোকজনৰ শৰীৰত COVID19 পজিটিভ পোৱাৰ পিছৰ পৰা আমি ১৪,৯৮২ টা গৃহৰ ৭৭,০০০ লোকৰ স্ক্ৰীণ কৰিছো। বৃহৎ সংখ্যক লোক আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আমি চেষ্টা কৰি আছো।’