• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনা ৰাজ্যৰ বিভিন্ন ঠাইত সংঘটিত হয় কেইবাটাও ঘটনা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2018 10:35 am
হাইস্কুল
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাত্ৰ জীৱনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা বুলি বিবেচনা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা শুকুৰবাৰৰ পৰা আৰম্ভ হয়। শুকুৰবাৰে ইংৰাজী বিষয়েৰে ৰাজ্যখনত অৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই বিভিন্ন ঠাইত কেইবাটাও ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।

নগাঁও :

Apply Now

নগাঁও জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই পাঁচ জন ছাত্ৰ-ছাত্ৰীক অসৎ উপায় অৱলম্বন কৰাত পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হয়। প্ৰাপ্ত তথ্য মতে নগাঁও জিলাৰ অন্তৰ্গত বেছামাৰী এম আই উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ পৰা অসৎ উপায় অৱলম্বন কৰাত ROLL-18-608 NO.0184 আশ্বাকুল ইছলাম, NO-0130 আব্দুল ৰাকিব, NO-0296 পাপিয়া দাসক বহিষ্কাৰ কৰা হয় বুলি বিদ্যালয়খনৰ অধ্যক্ষ বিল্লাল উদ্দিন আহমেদে জানিবলৈ দিয়ে।

আনহাতে জাজৰিৰ সমীপৱৰ্তী বৰচিলাৰ উত্তৰ শিলপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা ROLL-595. NO-0025 গৌতম বৰদলৈ, NO-0060 মানস জোতি দাসক অসৎ উপায় অৱলম্বন কৰাত পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি উক্ত পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষক মইনুল খানে জানিবলৈ দিয়ে৷ তাৰোপৰি জিলাখনৰ ৰূপহীহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰাও তিনিজনকৈ পৰীক্ষাৰ্থীক অসৎ উপায় অৱলম্বন কৰাৰ অপৰাধত বহিষ্কাৰ কৰা বুলি জানিব পৰা গৈছে৷

মৰিগাঁও :

মৰিগাঁৱৰ কলেজিয়েট মডেল ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰী তথা হাতীবাট গোসাঁই চুবুৰীৰ বীৰেন নাথৰ কন্যা জুমি প্ৰভা দেৱীৰ পৰীক্ষালৈ বুলি সাজু হোৱাৰ সময়তে ঘটা অকাল মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

প্ৰাপ্ত তথ্য মতে পুৱা জুমিয়ে আহাৰ গ্ৰহণ কৰি নিজৰ কোঠাত সোমোৱাৰ পিছতে পৰিয়ালৰ লোকে জুমিক অচেতন অৱস্থাত উদ্ধাৰ কৰে। ফলত তাৎক্ষণিকভাৱে জুমিক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও পথতে জুমিৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত স্থানীয় লোকে ছাত্ৰীগৰাকীয়ে পৰীক্ষাৰ অত্যধিক চাপত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰাৰ বিপৰীতে একাংশই বিহ খাই আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে পৰিয়ালৰ লোকে যোৱা বছৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই জুমি মুৰ্চ্ছা যোৱাৰ ফলত পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল বুলি জানিবলৈ দিয়ে।

গোৱালপাৰা :

সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাৰ ২৮টা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে। জিলাখনৰ ২৮টা কেন্দ্ৰত ১০,৬৩৯গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে৷ ইয়াৰে ১৫গৰাকী শিক্ষাৰ্থীক অসৎ উপায় অৱলম্বন কৰাত বহিস্কাৰ কৰাৰ লগতে কর্তব্যত গাফিলতি কৰাৰ বাবে দুগৰাকী নিৰীক্ষক নিলম্বন কৰা হয়।

বৰপেটাঃ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই অসৎ উপায় অৱলম্বন কৰি বৰপেটাত বহিষ্কৃত হ’ল তিনি পৰীক্ষাৰ্থী। বৰপেটাৰ পূব প্ৰান্তত অৱস্থিত নগাঁও শিক্ষা মন্দিৰ হাইস্কুল পৰীক্ষা কেন্দ্ৰত দুই গৰাকী আৰু বহৰি হাইস্কুল পৰীক্ষা কেন্দ্ৰত প্ৰথম দিনাই ইংৰাজী বিষয়ৰ পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰি বহিষ্কাৰ হল এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী।

বহিস্কৃত পৰীক্ষাৰ্থী তিনি গৰাকী ক্ৰমে গেলাবিলৰ জি অ চি হাইস্কুল, কুকাৰপাৰ হাইস্কুল আৰু পদ্মপাৰা হাইস্কুলৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় ১ ঘণ্টা পিছত নগাঁও হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ কেন্দ্ৰ নিৰীক্ষক ক্ৰমে শংকৰ-মাধব কলেজৰ সহকাৰী অধ্যাপক মহিৰুদ্দিন আৰু উত্তৰ বৰপেটা কলেজৰ সহকাৰী অধ্যাপক ছফিকুল ইছলাম খানে পৰীক্ষাৰ্থী দুগৰাকীয়ে অসৎ উপায় অৱলম্বন কৰি থকা অৱস্থাত হাতে লোটে ধৰি বহিষ্কাৰ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am
আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd