• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাক লৈ ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 2, 2020 6:04 pm
WhatsApp Image 2020-01-25 at 1.33.45 PM

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

1.9k
VIEWS
Share on FacebookShare on Twitter

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ক’ৰ’না সন্দৰ্ভত ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত মন্ত্ৰী শৰ্মাই অসমত ক’ৰ’নাত আক্ৰান্ত হোৱা ১৬ গৰাকী ব্যক্তিৰ আটাইগৰাকী বৰ্তমান স্বাভাৱিক অৱস্থাত আছে বুলি কয়।

হিমন্তই গোলাঘাট অসামৰিক চিকিৎসালয়ত ৮ গৰাকী, গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ৩ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকা বুলি কোৱাৰ লগতে বুধবাৰে নিশা পীযুষ হাজৰিকাৰ সৈতে সোণাপুৰ আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগী সকলৰো স্বাস্থ্যৰ বুজ লোৱা বুলি কয়।

আনহাতে, কৰিমগঞ্জৰ জামালুদ্দিন নামৰ ক’ৰ’না আক্ৰান্ত ব্যক্তি গৰাকীক পদ্মশ্ৰী ডা০ ৰবি কান্নানে পৰীক্ষা কৰি আছে বুলিও জানিবলৈ দিয়ে।

তদুপৰি, নিজামুদ্দিনৰ লগত সম্পৰ্ক থকা মুঠ ৫০৩ গৰাকী লোকৰ ভিতৰত ৪৮৮ গৰাকী ব্যক্তিৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে সন্ধান লাভ কৰিছে বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই আৰু ১৫ গৰাকী ব্যক্তিৰ সন্ধান লাভ কৰিবলৈ বাকী আছে বুলি কয়।

সন্ধান লাভ কৰা ৪৮৮ গৰাকী ব্যক্তিৰ ভিতৰত ৩৬১ গৰাকী ব্যক্তিৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু মুঠ ৩৯৫ গৰাকী ব্যক্তিক কোৱাৰেণ্টাইনত ৰখা হৈছে বুলিও মন্ত্ৰী গৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে।

নিজামু্দ্দিন মাৰ্কাজত অংশলৈ ঘৰলৈ উভতি অহা লোক সকলে কাক কাক আলিংগন কৰিলে অথবা কোনবোৰ মানুহৰ সংস্পৰ্ষলৈ আহিছিল সেই সন্দৰ্ভতো বৰ্তমান সন্ধান চলাই থকা হৈছে বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালত ৫৪ খন আই চি য়ু বিচনাৰ নতুন ভৱন এটা উদ্বোধন কৰি ইয়াৰ ফলত চিকিৎসালয়খনত আই চি য়ুৰ বিচনাৰ সংখ্যা ১৬২ খনলৈ বৃদ্ধি পালে বুলি কয়।

তেওঁ লগতে বহাগ বিহুৰ পূৰ্বে চিকিৎসালয়খনত মুঠ আই চি য়ু বিচনাৰ সংখ্যা ২০০ লৈ বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰা হ’ব বুলিও উল্লেখ কৰে।

জি এম চি এইচত ২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা নতুন ভৱনটোও দুমাহৰ ভিতৰত চিকিৎসাৰ বাবে মুকলি কৰা হ’ব বুলি মন্ত্ৰী শৰ্মাই সংবাদমেলত জনায়।

Recent News

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd