• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জামাতৰ পৰা ঘুৰি আহি লুকাই থকা লোকৰ তথ্য চৰকাৰক ৰাজহুৱা কৰিবলৈ আহ্বান অধিবক্তা নেকিবুৰ জামানৰ

মাদ্ৰাছা-মছজিদ আৰু নিজামুদ্দিনলৈ যোৱা লোকৰ প্ৰতি কি আহ্বান জনালে জামানে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 3, 2020 9:16 pm
22-09-19-Guwahati-Nekibur-Zaman-press-meet-1

অধিবক্তা নেকিবুৰ জামান। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠান জামাতৰ পৰা ঘুৰি আহি লুকাই থকা লোকসকলৰ প্ৰতিচ্ছবি আৰু তথ্য ৰাজহুৱা কৰিবৰ বাবে আহ্বান জনাইছে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা শৰণীয়া কবৰস্থান সমিতিৰ সভাপতি নেকিবুৰ জামানে। আজি গুৱাহাটীৰ ইছলামপুৰত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে জামানে।

সংবাদমেলত জামানে কয়, ‘আমি আজি ইছলামিক সমাজে সিদ্ধান্ত গ্ৰহণ কৰিছো যে যদি কোনো লোক জামাতৰ পৰা ঘুৰি আহিছে আৰু লুকাই আছে নতুবা চৰকাৰক এই কথা জনোৱা নাই তেন্তে আমি সকলো প্ৰকাৰৰ চৰকাৰক সহায় কৰিম৷ যদি চৰকাৰৰ হাতত সেইসকল লোকৰ প্ৰতিচ্ছবি আছে তেন্তে প্ৰতিচ্ছবি সহ সেই সকললোকৰ তথ্য ৰাজহুৱা কৰিলে আমি সেইসকল লোকক বিচাৰি উলিয়াব পাৰিম৷’

Apply Now

তদুপৰি, গুৱাহাটীৰ সমূহ মছজিদ, মাদ্ৰাছা, মৰ্কজ সমিতিয়ে অসমৰ সকলো মছজিদ, মাদ্ৰাছা, মৰ্কজ সমিতিক আহ্বান জনাই তেওঁ কয়, ‘যদি অসমৰ কোনো ঠাইত জামাতত গৈ ঘুৰি আহি কোনো লোক আত্মগোপন কৰিছে তেন্তে সেইসকল লোকক বিচাৰি উলিয়াই প্ৰশাসনৰ ওচৰলৈ লৈ আহক৷’

তেওঁ লগতে কয়, ‘আমি জামাতৰ পৰা অহা লোকক আহ্বান জনাইছো যে আপোনালোক কোনো ধৰণৰ অপৰাধী নহয়৷ যদি আপোনোলোকে পলাই থাকি ভাইৰাছ সংক্ৰমণত সহায় কৰে তেন্তে আপোনালোক সামাজিকভাৱে অপৰাধী হৈ পৰিব৷ যদি কোনো লোকে প্ৰশাসনৰ ওচৰ চাপিবলৈ ভয় কৰিছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক৷’

শৰণীয়া কৱৰস্থান সমিতিয়ে তেওঁলোকক চিকিৎসকৰ ওচৰলৈ নিয়া, চৰকাৰৰ দ্বাৰা সকলো ব্যৱস্থা কৰি দিব বুলি সংবাদমেলত সদৰী কৰে জামানে।

তেওঁ আৰু কয়, ‘আমি শৰণীয়া কৱৰস্থান সমিতিয়ে ইয়াকো সিদ্ধান্ত লৈছো যে যদি চৰকাৰক প্ৰয়োজন হয় তেন্তে পূব-গুৱাহাটী ঈদগাহ খন আইছ’লেশ্যন চেণ্টাৰ কৰিবলৈ দিবৰ বাবে সাজু হৈছো। ঈদগাহ খন যথেষ্ট ডাঙৰ৷’

ইয়াৰোপৰি, চৰকাৰক শৰণীয়া কৱৰস্থান সমিতি আৰু পূব-গুৱাহাটী ঈদগাহ সমিতিয়ে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ১ লাখ টকা দিয়াৰ কথা উক্ত সংবাদমেলতে ঘোষণা কৰে।

ইপিনে, মুখ্য মন্ত্ৰীয়ে নিজামুদ্দিন কাণ্ডক লৈ ৰাজনীতি নকৰাৰ বাবে বাৰে বাৰে জনোৱা আহ্বানৰ কথা উল্লেখ কৰি জামানে কয়, ‘মুখ্য মন্ত্ৰীৰ এই আহ্বানৰ পিছতো আমি দেখিছো যে ছ’চিয়েল মিডিয়াত দুই এগৰাকী ৰাজনৈতিক দলৰ নেতাই বাক্যবাণ কৰিবলৈ ধৰিছে। মেৰু বিভাজনৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে৷ ছ’চিয়েল মিডিয়াত জঘণ্য আক্ৰমণ আৰম্ভ কৰিছে৷ ইয়াৰ দ্বাৰা সমাজ খনৰ ভাঙোনৰ সৃষ্টি হ’ব৷’

‘সমাজত এক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হ’ব৷ বিভিন্ন ঠাইৰ পৰা আমাক বিভিন্ন খবৰ দিছে৷ সেই সমূহ কথা আমি ক’ব খোজা নাই৷ কিন্তু এটা খবৰে গুৰুত্ব লাভ কৰিছে৷ বহু অঞ্চলত ৰাস্তাত বাঁহ বান্ধি ইছলামধৰ্মী লোকক প্ৰৱেশ নিষিদ্ধ কৰিছে৷ এই বিলাক কৰিলে আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতি, ঐক্য, সংহতি বিনষ্ট হোৱাৰ আশংকাই দেখা দিব৷ আমি সকলোকে আহ্বান জনাম যে আমাৰ যুদ্ধ কৰ’না ভাইৰাছৰ বিৰুদ্ধে,’-জামানে লগতে কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে আজিৰ শুকুৰবৰীয়া জুম্মাৰ নামাজ তেওঁলোকে মছজিদত পঢ়া নাই বুলি জানিবলৈ দি তেওঁ লগতে কয়, ‘চৰকাৰে নিৰ্দেশ দিয়াৰ পিছৰে পৰা অসমৰ সকলো মছজিদত সমবেত হৈ নামাজ পঢ়া কাৰ্য বন্ধ কৰিছে৷ আমি চৰকাৰে যি নিৰ্দেশ দিছে সেই নিৰ্দেশ পালন কৰিছো৷ সেই কাৰণে আমি চৰকাৰক আহ্বান জনাইছো যে ছ’চিয়েল মিডিয়াৰ এই ধৰণৰ বাক্যবাণবোৰ বন্ধ কৰিবলৈ আইনী ব্যৱস্থা গ্ৰহণ কৰক৷ চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিলেহে সমাজখন ঠিকে থাকিব৷’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd